37.1 C
Guwahati
Sunday, May 5, 2024

Chandrayaan 3 Rover Ramped Down: চন্দ্ৰপৃষ্ঠত নামিল ৰ’ভাৰ প্ৰজ্ঞান; আৰম্ভ কৰিলে নিজৰ কাম…ISROই শ্বেয়াৰ কৰিলে এটা Video, আপুনিও চাওক Rover কেনেদৰে নামিল চন্দ্ৰত

Chandrayaan 3 Rover Ramped Down: চন্দ্ৰপৃষ্ঠত খোজ দিয়াৰ লগে লগে ৰ'ভাৰ প্ৰজ্ঞানৰ কাম ইতিমধ্যে আৰম্ভ হৈছে

Must Read

Chandrayaan 3 Rover Ramped Down From Lander: চন্দ্ৰযান–৩ মিছনৰ সফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)–এ নিজৰ ছচিয়েল মিডিয়া হেণ্ডেলত সকলো তথ্য শ্বেয়াৰ কৰি আছে (Isro Share Video)।

চন্দ্ৰৰ দক্ষিণ মেৰুত লেণ্ডাৰ বিক্ৰমৰ সফলতাৰে ছফ্ট লেণ্ডিঙৰ পিছতে এইবাৰ ৰ’ভাৰ প্ৰজ্ঞান নামি আহিছে আৰু চন্দ্ৰপৃষ্ঠত খোজ দিয়া আৰম্ভ কৰিছে।

চন্দ্ৰপৃষ্ঠত খোজ দিয়াৰ লগে লগে ৰ’ভাৰ প্ৰজ্ঞানৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। ISROই প্ৰজ্ঞান ৰ’ভাৰৰ অৱতৰণ কৰাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে (Isro Releases First Video Chandrayaan 3 Rover Pragyan Ramped-Down From The Lander Vikram To The Lunar Surface)

ইছৰোৱে এক্সত এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে যে- চন্দ্ৰযান–৩ ৰভাৰে লেণ্ডাৰৰ পৰা চন্দ্ৰপৃষ্ঠলৈ কেনেদৰে নামি গৈছে এই ভিডিঅ’টোত আছে (Chandrayaan 3 Rover Ramped Down Isro Share Video)

লেণ্ডাৰ বিক্ৰমে ৰ’ভাৰ প্ৰজ্ঞানৰ (Rover Pragyan) সকলো দৃশ্য কেমেৰাত বন্দী কৰি আছে। ভিডিঅ’টোত দেখা পোৱা গৈছে যে ৰ’ভাৰে চন্দ্ৰপৃষ্ঠত নমাৰ লগে লগে তাৰ চকাৰ চাপ ৰৈ যোৱা দেখা গৈছে।

Chandrayaan 3 Rover Ramped Down

ৰ’ভাৰে চন্দ্ৰপৃষ্ঠত য’লৈকে যাব, সেই স্থানতে চকাই ISROৰ LOGOৰ ছাপ এৰি যাব। আচলতে, ৰ’ভাৰ প্ৰজ্ঞানৰ ISROৰ লগ’ খোদিত কৰা হৈছে।

Chandrayaan 3 Rover Ramped Down

২৬ কেজিৰ ৬ চকীয়া ৰ’ভাৰে লেণ্ডাৰৰ ভিতৰৰ পৰা চন্দ্ৰপৃষ্ঠলৈ নামি গৈছে। ৰ’ভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত ভ্ৰমণ কৰি ইয়াৰ ইন-চিটু ৰাসায়নিক বিশ্লেষণ কৰিব।

লগতে ই অৱতৰণ স্থানৰ চাৰিওফালৰ মাটি আৰু শিলৰ মৌলিক গঠন নিৰ্ধাৰণ কৰিবলৈ ইয়াৰ পেলোড এপিএক্সএছ (আলফা কণা এক্স-ৰে স্পেক্ট্ৰোমিটাৰ)ৰ জৰিয়তে চন্দ্ৰৰ পৃষ্ঠ অধ্যয়ন কৰিব (Chandrayaan 3 Rover Ramped Down)

Chandrayaan 3 Rover Ramped Down

ৰ’ভাৰৰ আন এটা পেলোড, লেজাৰ ইনহেলেড ব্ৰেকডাউন স্পেক্ট্ৰোস্কোপ (এলআইবিএছ), চন্দ্ৰপৃষ্ঠৰ গঠন অধিক জানিবলৈ ৰাসায়নিক গঠন আৰু ইনফাৰ মিনাৰেলজিকেল তথ্য লাভ কৰিব।

ইছৰোৰ বিজ্ঞানীসকলৰ মতে চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলটো অন্বেষণ কৰা হৈছে কাৰণ ইয়াৰ চাৰিওফালৰ স্থায়ীভাবে ছাঁ থকা এলেকাবোৰত পানী থকাৰ সম্ভাৱনা আছে। ৰ’ভাৰে লেণ্ডাৰলৈ তথ্য প্ৰেৰণ কৰিব আৰু এই তথ্য লেণ্ডাৰে পৃথিৱীলৈ প্ৰেৰণ কৰিব (Chandrayaan 3 Rover Ramped Down)

ইফালে লেণ্ডাৰ আৰু ৰ’ভাৰৰ প্ৰণালীবোৰ এতিয়া এটাৰ পাছত এটা পৰীক্ষা কৰিবলৈ সাজু আৰু পৃথিৱীৰ ১৪ দিনৰ ভিতৰত সকলো পৰীক্ষা সম্পূৰ্ণ কৰিব বুলি আশা কৰা হৈছে। চন্দ্ৰনিশা আৰম্ভ হ’লে অন্ধকাৰ আৰু অত্যাধিক ঠাণ্ডাই ইয়াক আগুৰি ধৰিব (Chandrayaan 3 Rover Ramped Down)

মহাকাশ গৱেষণা সংস্থাটোৱে বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণৰ ঠিক প্ৰাকমুহূৰ্তত ইমেজৰ কেমেৰাৰে তোলা ফটোও শ্বেয়াৰ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে নিজৰ ‘এক্স’ হেণ্ডেলত শেহতীয়াকৈ প্ৰকাশ কৰা ভিডিঅ’ৰ কথা উল্লেখ কৰি লিখিছে ‘অদ্ভুত’।

উল্লেখ্য বুধবাৰে বিক্ৰম লেণ্ডাৰে সন্ধিয়া ৬.০৩ বজাত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল।

Photo: X

লগতে পঢ়কঃ Junmoni Rabha Died: দুৰ্ঘটনাতেই মৃত্যু হৈছিল SI জোনমণি ৰাভাৰ! CBI-এ এই কথা নিশ্চিত কৰি সামৰিছে ঘটনাটোৰ তদন্ত…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -