34 C
Guwahati
Sunday, May 12, 2024

Junmoni Rabha Died: দুৰ্ঘটনাতেই মৃত্যু হৈছিল SI জোনমণি ৰাভাৰ! CBI-এ এই কথা নিশ্চিত কৰি সামৰিছে ঘটনাটোৰ তদন্ত…

Junmoni Rabha Died Case: দুৰ্ঘটনাতেই মৃত্যু হৈছিল SI জোনমণি ৰাভাৰ! দীঘলীয়া সময় ধৰি চলি থকা তদন্তৰ অন্তত এই কথাটো প্ৰায় নিশ্চিত কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (CBI)য়ে

Must Read

Junmoni Rabha Died Case: দুৰ্ঘটনাতেই মৃত্যু হৈছিল SI জোনমণি ৰাভাৰ! দীঘলীয়া সময় ধৰি চলি থকা তদন্তৰ অন্তত এই কথাটো প্ৰায় নিশ্চিত কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (CBI)য়ে।

নগাঁৱৰ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ (Nagaon Police Officer Junmoni Rabha) চলিত বৰ্ষৰ ১৬ মে’ৰ পুৱতি নিশা জখলাবন্ধাত (Jakhalabandha) ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হোৱাক কেন্দ্ৰ কৰি ৰুজু কৰা মুঠ ৪টা গোচৰৰ তদন্তৰ অন্তিম পৰ্যায়ত উপনীত CBI

জোনমণি ৰাভাৰ মৃত্যুৰ পূৰ্বে উত্তৰ লখিমপুৰ থানাত (North Lakhimpur Police) ৰুজু হোৱা গোচৰটো সন্দৰ্ভত মঙলবাৰে অভিযোগনামা দাখিল দৰে CBI-এ। জোনমণিয়ে মে’ৰ ৬ তাৰিখে নিশা লখিমপুৰৰ নাওবৈচাৰ আজগৰ আলীক অপহৰণ কৰি ধন দাবী কৰাৰ অভিযোগত আজগৰৰ মাতৃ আমিনা খাতুনে এজাহাৰ দাখিল কৰিছিল।

Junmoni Rabha Died

এজাহাৰত আজগৰৰ মাতৃয়ে উল্লেখ কৰিছিল যে, আজগৰক অপহৰণ কৰি মুক্তিপণ হিচাপে ৬ লাখ টকা আদায় কৰিছিল আৰক্ষী বিষয়াই জোনমণি ৰাভাই (SI Junmoni Rabha)

এই ৬ লাখ টকাৰ ৮০ হাজাৰ টকা জোনমণিৰ লগত যোৱা ৰিয়াজুল ইছলাম নামৰ লোকজনৰ একাউণ্টত হস্তান্তৰ কৰা বুলিও অভিযোগ উত্থাপন কৰিছিল আমিনা খাতুনে।

Junmoni Rabha Died

আমিনাৰ এই অভিযোগৰ ভিত্তিতে উত্তৰ লখিমপুৰ থানাই এটা গোচৰ ৰুজু কৰিছিল। এই গোচৰটোত লখিমপুৰ আৰক্ষীয়ে (Lakhimpur Police) ৮জন লোকক, ইয়াৰে ভিতৰত SI জোনমণি ৰাভা, নুৰ মহম্মদ ওৰফে কালিয়া, আজিমুদ্দিন, মুস্তাক আহমেদ, মুক্তাৰ হুছেইন, আতাবুৰ ৰহমান, নজৰুল ইছলাম আৰু ৰিয়াজুল ইছলামক অভিযুক্ত কৰিছিল।

কিন্তু এই গোচৰটো ৰুজু হোৱাৰ কিছু সময়ৰ পিছতে ১৬ মে’ৰ পুৱতিনিশা জখলাবন্ধাত ৰহস্যজনক দুৰ্ঘটনাত মৃত্যুক সাৱটি লৈছিল অভিযুক্ত SI জোনমণি ৰাভাই (Junmoni Rabha Died In Road Accident)

উত্তৰ লখিমপুৰ থানাত ৰুজু হোৱা গোচৰ অনুসৰি নগাঁৱৰ (Nagaon) মৰিকলং থানাৰ OC জোনমণি ৰাভাই জালনোটৰ গোচৰৰ তদন্তৰ বাবে লখিমপুৰত আজগৰ আলীৰ ঘৰত অভিযান চলাইছিল।

কিন্তু জোনমণিয়ে নকল সোণ-জালনোটৰ বেপাৰীক (Fake Gold And Fake Note Smuggler) লগত লৈ চলোৱা অভিযানৰ নামত আজগৰ আলীক অপহৰণ কৰি নি পৰিয়ালক দাবী কৰিছিল ধন।

উত্তৰ লখিমপুৰ থানাৰ এই গোচৰটোক CBI-এ নতুনক পঞ্জীয়ন কৰিছিল। মঙলবাৰে এই গোচৰটোৰ আদালতত অভিযোগনামা দাখিল কৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই।

গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এজাহাৰত SI জোনমণি ৰাভাসহ মুঠ ৮জনক অভিযুক্ত কৰা হৈছিল কিন্তু CBI-এ মুঠ ৪জনকহে অভিযুক্ত কৰি অভিযোগনামা দাখিল কৰিছে। CBIৰ তদন্তকাৰী বিষয়া বিপিন গেহলটে দাখিল কৰা অভিযোগনামাত অভিযুক্ত কৰিছে নুৰ মহম্মদ ওৰফে কালিয়া, ৰিয়াজুল ইছলাম, আজিমুদ্দিন আৰু মজিবুৰ ৰহমান (Junmoni Rabha Died)।

অভিযোগনামাত দাখিল কৰা অভিযুক্ত মজিবুৰ ৰহমানৰ নাম মূল এজাহাৰত উল্লেখ কৰা নাছিল। লগতে CBI-এ অভিযোগনামাত দিলদাৰ হুছেইন, মুক্তাৰ হুছেইন, মুস্তাক আহমেদ আৰু নজৰুলৰ নাম উল্লেখ কৰিছে যদিও এইকেইজনক অভিযুক্ত কৰা নাই। বৰ্তমান ন্যায়িক জিম্মাত আছে অভিযুক্ত।

এই গোচৰৰ লগতে জালনোটক লৈও প্ৰথমটো গোচৰ ৰুজু কৰিছিল মৰিকলং টাউন আৰক্ষী চকীয়ে (Junmoni Rabha Died)

জোনমণিৰ অভিযোগৰ ভিত্তিতে জালনোটৰ বেপাৰত জড়িত থকাৰ অভিযোগত ৰছিদুল হুছেইন, ফাইজুল ইছলাম, হামেদ আলী, হাফিজুৰ আলী, সাহা আলী, অন্নৰ হুছেইন, আইনুল আলী, জহিৰুল ইছলাম আৰু অজগৰ আলীৰ বিৰুদ্ধে ৪৪৩/২০২৩ নম্বৰত এটা গোচৰ ৰুজু কৰিছিল (Junmoni Rabha Died)

এই গোচৰৰ সন্দৰ্ভতে শীৰ্ষ বিষয়াক একো নজনোৱাকৈয়ে জোনমণি ৰাভাই উত্তৰ লখিমপুৰত অভিযান চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। CBIৰ এই গোচৰটোৰ তদন্তকাৰী বিষয়া হৈছে পৰিদৰ্শক দেৱজিত সিং।

১৬ মে’ৰ পুৱতি নিশা জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত জখলাবন্ধা থানাত এটা গোচৰ ৰুজু হোৱাৰ বিপৰীতে জোনমণিৰ মাতৃৰ এজাহাৰৰ ভিত্তিত জখলবন্ধা থানাত আন এটা গোচৰো ৰুজু কৰা হৈছিল (Junmoni Rabha Died)

আটাইকেইটা গোচৰৰ তদন্ত তথা দুৰ্ঘটনাস্থলী পৰিদৰ্শনকাৰী ফৰেনছিক বিশেষজ্ঞৰ প্ৰতিবেদনৰ ভিত্তিত জোনমণি ৰাভাৰ মৃত্যু দুৰ্ঘটনাজনিত বুলি প্ৰায় নিশ্চিত কৰিছে CBI-এ

Photo: Google

লগতে পঢ়কঃ Bray Wyatt Death: এটা বেয়া খবৰ! প্ৰাক্তন WWE চেম্পিয়ন ব্ৰে ৱায়টৰ “আকস্মিক মৃত্যু”; মাত্ৰ ৩৬ বছৰ বয়সতে মাগিলে চিৰবিদায়, শোকত ডুবিল ক্ৰীড়া জগত, কিন্তু কেনেকৈ হ’ল মৃত্যু?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -