31 C
Guwahati
Sunday, May 12, 2024

Assam Cabinet 4 New Districts: অসমৰ ৪খন জিলাই পুনৰ ঘূৰাই পালে জিলা মৰ্যাদা; লগতে বিলুপ্ত ঘটিল মহকুমাৰ, গঠন হ’ল ৮১খন উপ-জিলাৰ…পিছে কোন কেইখন জিলা হ’ল পুনৰ গঠন?

Assam Cabinet 4 New Districts: অসমৰ ৪খন জিলাই পুনৰ ঘূৰাই পালে জিলা মৰ্যদা, অৰ্থাৎ জিলা কেইখন পুনৰ গঠন হ'ল

Must Read

Himanta Biswa Sarma: অসমৰ ৪খন জিলাই পুনৰ ঘূৰাই পালে জিলা মৰ্যদা, অৰ্থাৎ জিলা কেইখন পুনৰ গঠন হ’ল।

হোজাই, বিশ্বনাথ, তামুলপুৰ আৰু বজালি জিলাই ঘূৰাই পালে জিলাৰ মৰ্যাদা (Assam Cabinet Approves Creation Of 4 New Districts)। শুকুৰবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছত সম্বোধন কৰা সংবাদমেলত এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Chief Minister Himanta Biswa Sarma)

উল্লেখ্য যে, বিগত বৰ্ষৰ ৩১ ডিচেম্বৰত এই ৪খন জিলাক বিলুপ্ত কৰিছিল ৰাজ্য চৰকাৰে। বিলুপ্ত হোৱা এই ৪ জিলাই পুনৰ মৰ্যাদা ঘূৰাই পোৱাৰ সমান্তৰালভাবে জিলা কেইখনৰ ভৌগলিক সীমাও সাল-সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (The Districts To Be Created Are Hojai, Biswanath, Tamulpur And Bajali)।

সেই অনুসৰি বিন্নকান্দি, লামডিং, হোজাই সমষ্টিক সামৰি হোজাই জিলা গঠন হোৱাৰ কথা ঘোষণা ৰাজ্য চৰকাৰৰ। জিলাখনৰ ক্ষেত্ৰত শংকৰদেৱ নগৰ হ’ব প্ৰধান স্থান (Assam Cabinet 4 New Districts)

আনহাতে বিশ্বনাথ জিলাৰ নতুন ভৌগলিক সীমা হিচাপে বিশ্বনাথ, গহপুৰ, বিহালী সমষ্টিক নিৰ্ধাৰণ কৰিছে। আকৌ তামুলপুৰ, গোৰেশ্বৰ সমষ্টি লগ হৈ গঠন হ’ব তামুলপুৰ জিলা।

Assam Cabinet 4 New Districts

একেদৰে বজালি জিলাৰ বাবে নতুন সীমা হিচাপে ভৱানীপুৰ, বজালী, সৰভোগ সমষ্টিৰ কথা উল্লেখ কৰিছে।

ইয়াৰ লগতে ৰাজ্যত ৮১খন উপ-জিলা গঠন কৰা হৈছে (81 Sub Districts)। কামৰূপ মহানগৰত ৪খন উপ-জিলা। দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, জালুকবাৰী উপ-জিলা।

ইপিনে কেবিনেট সিদ্ধান্ত মৰ্মে ৰাজ্যৰ ২৪টা মহকুমা বিলুপ্ত কৰা হয়। তদুপৰি ৮১খন নতুন উপ-জিলা তথা ৩৪খন সদৰ উপ-জিলা গঠন কৰা হ’ব বুলিও কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে (Assam Cabinet 4 New Districts)

মুখ্যমন্ত্ৰীয়ে সংবাদমেলত জনোৱা অনুসৰি উপ-জিলাৰ ক্ষেত্ৰত জিলা উপায়ুক্তৰ সমকক্ষ এগৰাকীকৈ অতিৰিক্ত আয়ুক্ত থাকিব। লগতে অতিৰিক্ত আয়ুক্তৰ তলত থাকিব একোজনকৈ মহকুমাধিপতি।

এই উপ-জিলাসমূহৰ ক্ষেত্ৰত সকলো গুৰুত্বপূৰ্ণ কাৰ্যালয় থাকিব বুলিও ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ (Chief Minister Himanta Biswa Sarma)। ২০২৪ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা উপ-জিলাৰ কাম আৰম্ভ কৰাৰ প্রয়াস কৰিব ৰাজ্য চৰকাৰে। এই ক্ষেত্ৰত দুই এদিনতে অধিসূচনা জাৰি কৰা হ’ব বুলিও সংবাদমেলত অৱগত কৰে (Assam Cabinet 4 New Districts)

Photo: Google

লগতে পঢ়কঃ Chandrayaan 3 Rover Ramped Down: চন্দ্ৰপৃষ্ঠত নামিল ৰ’ভাৰ প্ৰজ্ঞান; আৰম্ভ কৰিলে নিজৰ কাম…ISROই শ্বেয়াৰ কৰিলে এটা Video, আপুনিও চাওক Rover কেনেদৰে নামিল চন্দ্ৰত

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -