31 C
Guwahati
Friday, May 17, 2024

Bad Breath Remedies| পিঁয়াজ-নহৰু খোৱাৰ পিছত আপোনাৰো মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? যদি আহে নাইকিয়া কৰিবলৈ এবাৰ ট্ৰাই কৰি চাওক এইকেইটা টিপছ্; পাব সকাহ!

Bad Breath Remedies| পিঁয়াজ আৰু নহৰু খোৱাৰ পিছত যদি মুখৰ দুৰ্গন্ধৰ সমস্যাই আপোনাকো আমনি কৰে, তেন্তে ইয়াক নাইকিয়া কৰিবলৈ এই সহজ পৰামৰ্শবোৰ অনুসৰণ কৰক

Must Read

Bad Breath Remedies Health Tips| কেঁচা পিয়াজ বা নহৰু খোৱাৰ ফলত মুখৰ পৰা দুৰ্গন্ধ অহাটো স্বাভাৱিক কথা। আৰু এই সমস্যাটোৱে প্ৰায়ভাগ লোককে আমনি কৰে আৰু আপুনি মানুহৰ সন্মুখত কথা ক’বলৈ লাজ অনুভৱ কৰে। যদি মুখৰ দুৰ্গন্ধৰ সমস্যাই আপোনাকো আমনি কৰে, তেন্তে ইয়াক নাইকিয়া কৰিবলৈ এই সহজ টিপছ্বোৰ এবাৰ ট্ৰাই কৰি চাওক।

আহক জানো কি কি টিপছ্ (Bad Breath Remedies)-

১. কুহুমীয়া পানী খাওক (Lukewarm Water)
পিঁয়াজ আৰু নহৰুৰ দুৰ্গন্ধৰ পৰা তৎক্ষণাৎ পৰিত্ৰাণ পাবলৈ আটাইতকৈ সহজ আৰু কাৰ্যকৰী উপায়, কুহুমীয়া পানী সেৱন। আহাৰ খোৱাৰ পিছত কুহুমীয়া পানী খালে কেৱল খাদ্য হজম কৰাতে সহায় নকৰে, লগতে মুখৰ বেক্টেৰিয়া আৰু বিষাক্ত পদাৰ্থৰ পৰাও পৰিত্ৰাণ দিয়ে।

Bad Breath Remedies
Bad Breath Remedies

২. নেমু পানী (Lemon Juice)
আহাৰ খোৱাৰ পিছত নেমু পানী খোৱাটোৱেও আপোনাক উপকৃত কৰিব। ই মুখৰ গোন্ধ আঁতৰ কৰে। নেমুত থকা চাইট্ৰিক এচিড আৰু এণ্টিবেক্টেৰিয়েল উপাদানবোৰে পিঁয়াজ আৰু নহৰুৰ দুৰ্গন্ধ আঁতৰাই উশাহ সতেজ কৰি ৰাখে। ইয়াৰ বাবে অলপ কুহুমীয়া পানী লওক আৰু তাত নেমুৰ ৰস মিলাওক। এই পানীৰে কুলি কৰক। আপোনাৰ সমস্যা সমাধান হ’ব।

 

৩. চফ আৰু ইলাচী (Saunf And Elaichi)
আহাৰ খোৱাৰ পিছত চফ আৰু ইলাচী খোৱা হয়। ই খাদ্য হজম কৰাত সহায় কৰে। লগতে এই বস্তুবোৰে মুখৰ দুৰ্গন্ধও আঁতৰ কৰে। এই দুয়োটা বস্তু কুহুমীয়া পানীৰ সৈতে খাওক আৰু ই মুখৰ দুৰ্গন্ধ আঁতৰ কৰিব।

৪. গাখীৰ (Milk)
পিঁয়াজ বা নহৰুৰ তীব্ৰ গোন্ধক গাখীৰে কাৰ্যকৰীভাৱে হ্ৰাস কৰে, কিন্তু খাদ্য খোৱাৰ লগে লগে গাখীৰ নাখাব। পিঁয়াজ বা নহৰু খোৱাৰ কমেও ২০ মিনিট পিছত গাখীৰ খাওক। গাখীৰ গধুৰ আহাৰ হয় আৰু ইয়াক হজম কৰিবলৈও সময় লাগিব পাৰে। আহাৰ খোৱা আৰু গাখীৰ খোৱাৰ মাজত ব্যৱধান থাকিলে খাদ্য সঠিকভাৱে হজম হয়।

লগতে পঢ়কঃ 5 Sexual Health Tips: বিয়া পাতিছে বা পাতিব ওলাইছে নেকি? যদি ওলাইছে তেন্তে বিয়াৰ পিছত ভুলতেও নাখাব এই ৫ বিধ বস্তু; নহ’লে প্ৰভাৱ পৰিব যৌন সম্পৰ্কত!

৫. আপেল (Apple)
আহাৰ খোৱাৰ পিছত আপেল খোৱাটোও আপোনাৰ বাবে লাভজনক হ’ব। আপেলত থকা এনজাইমে পিঁয়াজ-নহৰুৰ ছালফাৰ যৌগ ভাঙিব পাৰে, যাৰ ফলত মুখৰ দুৰ্গন্ধ উপশম হয়। ইয়াৰ দ্বাৰা আপোনাৰ দাঁত স্বাস্থ্যৱান হৈ থাকিব। আপেলৰ জুইচো খাব পাৰে আপুনি।

৬. পুদিনা পাত (Pudina ke Patte)
পুদিনা পাত খালেও লাভ পাব। ই পিঁয়াজ আৰু নহৰুৰ দুৰ্গন্ধ আঁতৰ কৰিব।

৭. এপল চাইডাৰ ভিনেগাৰ (Apple Cider Vinegar)
আপেল চাইডাৰ ভিনেগাৰৰ ব্যৱহাৰে মুখৰ পৰা অহা পিঁয়াজৰ দুৰ্গন্ধ হ্ৰাস কৰে। ১ চামুচ আপেল চাইডাৰ ভিনেগাৰ লওঁক আৰু ইয়াক পানীত মিহলি কৰি খাওক। ইয়াৰ দ্বাৰা আপুনি লাভ পাব।

৮. গ্ৰীণ টি (Green Tea)
গ্ৰীণ টি হাৰ্বল পানীয় বুলি গণ্য কৰা হয়। খাদ্য খোৱাৰ পিছত গ্ৰীণ টি খোৱাৰ ফলত মুখৰ দুৰ্গন্ধ আঁতৰ হ’ব।

Photo: Google

লগতে পঢ়কঃ পত্নীৰ বাবে পত্নীক হত্যা স্বামীৰ! ৩ সন্তানৰ মাতৃক বিহ খুৱাই হত্যা কৰিলে স্বামীয়ে (Husband Kills Wife); এবাৰ বিয়া কৰাই মন নভৰা স্বামীয়ে কৰিলে দ্বিতীয় বিবাহ, তাৰ পিছত কাজিয়া, ষড়যন্ত্ৰ অৱশেষত হত্যা…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -