27 C
Guwahati
Monday, May 13, 2024

Chanakya Niti For Good People: শত্ৰুতকৈও ভয়ংকৰ এইবোৰ মানুহ; ভুলতেও এইবোৰ মানুহৰ পৰা সহায় নল’ব, তাৰ আগতে জানি লওক কোনবোৰ মানুহ?

Chanakya Niti For Good People: প্ৰাচীন কালত চাণক্যই ৰচা নীতিসমূহ বৰ্তমানো প্ৰচলিত। আজিও চাণক্যৰ নীতিয়ে আমাক জীৱনৰ বহু কঠিন পৰিস্থিতিত আগবাঢ়ি যোৱাত সহায় কৰে

Must Read

Chanakya Niti For Good People: প্ৰাচীন কালত চাণক্যই ৰচা নীতিসমূহ বৰ্তমানো প্ৰচলিত। আজিও চাণক্যৰ নীতিয়ে আমাক জীৱনৰ বহু কঠিন পৰিস্থিতিত আগবাঢ়ি যোৱাত সহায় কৰে।

মানুহে জীৱনৰ কিছুমান বিশেষ ক্ষেত্ৰত কি কৰিব লাগে আৰু কি কৰিব নালাগে সেই কথা তেওঁৰ নীতিয়ে শিকাই (Chanakya Niti For Good People)

যাৰ বাবে বছৰ বছৰ পাৰ হৈ যোৱাৰ পাছতো চাণক্যৰ কথাবোৰ অমৰ হৈয়েই আছে (Chanakya Niti For Good People)। বৰ্তমানো এইবোৰ মানুহৰ জীৱনত ফলপ্ৰসূ। চাণক্য নীতিত বহু কথাই কোৱা হৈছে, যিবোৰ মানি চলিলে জীৱনৰ বহু সমস্যাৰ পৰা মুক্ত হ’ব পাৰি।

চাণক্য নীতি অনুসৰি প্ৰতিজন পুৰুষে নিজৰ শত্ৰুক চিনি পোৱা উচিত। আমাৰ চাৰিওফালে শত্ৰুতকৈও অধিক বিপদত পেলোৱা মানুহ আছে। সেইবাবে জানি লওক কোনোবোৰ মানুহৰ পৰা আঁতৰত থাকিব।

লগতে পঢ়কঃ Chanakya Niti For Men: এইবোৰ গুণ থকা পুৰুষৰ প্ৰেমত পৰে মহিলা; আপোনাৰো আছে নেকি এনে গুণ, জানিবলৈ পঢ়ি চাওক কি কি গুণ?

কাৰ পৰা দূৰত্ব বজাই ৰাখিব (Chanakya Niti For Good People)?

চাণক্য নীতিত লিখা এটা শ্লোকত কোৱা হৈছে যে জীৱনত ভুলতো শত্ৰুৰ পৰা সহায় ল’ব নালাগে। শ্লোকটো হ’ল –

না পশ্যতি চ জন্মান্ধ: কামান্ধো নৈৱ পশ্যতি |
মদোন্মত্তা ন পশ্যন্তি অর্থী দোষং ন পশ্যতি ||

অৰ্থাৎ অন্ধ হৈ জন্ম হোৱা লোকে যেনেকৈ একো দেখা নাপায়, তেনেকৈ কামাতুৰ আৰু ক্ৰোধত মত্ত লোকেও একো দেখা নাপায়। এজন অহংকাৰী লোকে কেতিয়াও নাভাবে যে তেওঁ কিবা ভুল কৰি আছে। আৰু যিসকলে কেৱল টকাৰ পিছত দৌৰি থাকে, সেইবোৰ মানুহে তেওঁলোকে কি কৰ্ম কৰি পাপ কৰি আছে দেখা নাপায়।

খঙাল মানুহৰ পৰা আঁতৰি থাককঃ

আচাৰ্য চাণক্যৰ মতে, যিজন লোকে কথাই কথাই খং কৰে আৰু কামুক স্বভাৱৰ হয়, তেনে ব্যক্তিৰ পৰা ভুলতেও সহায় লোৱা উচিত নহয়। এনে লোকে নিজৰ ইচ্ছা পূৰণৰ বাবে সদায় আনৰ ক্ষতি কৰে। ক্ষতি কৰি এইবোৰ উপভোগো কৰে।

ঈৰ্ষাপৰায়ণ মানুহৰ পৰা দূৰত্ব বজাই ৰাখকঃ

চাণক্য নীতি অনুসৰি যি দুষ্ট আৰু লোভী তেওঁলোকে আনৰ সমৃদ্ধি দেখি ঈৰ্ষা কৰে। এনে লোকৰ পৰা কেতিয়াও জীৱনত সহায় লোৱা উচিত নহয়। তেওঁলোকে দেখুৱাই আপোনাক সহায় কৰিব, কিন্তু গোপনে আপোনাৰ কাম ধ্বংস কৰিবলৈ চেষ্টা কৰিব।

স্বাৰ্থপৰ মানুহৰ পৰা আঁতৰি থাককঃ

চাণক্য নীতি অনুসৰি স্বাৰ্থপৰ লোকে জীৱনত নিজৰ লাভৰ বাহিৰে আন একো চিন্তা নকৰে। স্বাৰ্থৰ বাবে আনক বিপদত পেলায়। গতিকে তেওঁলোকৰ পৰা আঁতৰি থকাই ভাল। এনে লোকে কেতিয়াও কাকো সহায় নকৰে, কেৱল মাত্ৰ নিজৰ সুবিধা বিচাৰে।

Photo: Google

লগতে পঢ়কঃ APW President Filed Case: ৰঞ্জন গগৈৰ বিৰুদ্ধে ২টাকৈ গোচৰ ৰুজু APWৰ সভাপতি অভিজিৎ শৰ্মাৰ; এটা ১ কোটি টকাৰ মানহানিৰ গোচৰ, আনটো…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -