34 C
Guwahati
Sunday, April 28, 2024

Brother Killed Sister: অজ্ঞানতাৰ পৰিণাম! ১২ বছৰীয়া ভনীয়েকৰ প্ৰথমবাৰ হ’ল Periods; বৌয়েকে চৰিত্ৰৰ ওপৰত কৰিলে সন্দেহ, তাৰ পিছত ককায়েকে ভনীয়েকক কোবাই কোবাই কৰিলে হত্যা, সম্পূৰ্ণ ঘটনাটো কি?

Brother Killed Sister Due To Periods: মহাৰাষ্ট্ৰৰ শান্তিনগৰ এলেকাত এক আচৰিত ঘটনা সংঘটিত হৈছে। তাত এজন ককায়েকে নিজৰ ভনীয়েকক এইকাৰণে কোবাই-কোবাই হত্যা কৰে কাৰণ তাইৰ পিৰিয়ডছ হৈছিল।

Must Read

Brother Killed Sister Due To Periods: মহিলাসকলৰ হোৱা সাধাৰণ বস্তু ঋতুস্ৰাৱৰ বিষয়ে আজিৰ আধুনিক সময়ৰ লোকসকল কিমান অজ্ঞাত এইটো কথা মহাৰাষ্ট্ৰৰ থানেত (Maharashtra Thane) সংঘটিত হোৱা এক ভয়ংকৰ ঘটনাৰে বুজিব পাৰি।

তাত এজন ৩০ বছৰীয়া ককায়েকে নিজৰ ১২ বছৰীয়া ভনীয়েকক হত্যা কৰে (Horrific Murder Case)।

দৰাচলতে ঘটনা অনুসৰি, তাত এগৰাকী ১২ বছৰীয়া কিশোৰীৰ প্ৰথমবাৰ Periods (First Periods) হৈছিল। যাৰ ফলত তাইৰ কাপোৰ তেজেৰে লুতুৰি-পুতুৰি হৈ গৈছিল। ইয়াক লৈ ককায়েক আৰু বৌয়েকৰ তাইৰ চৰিত্ৰৰ ওপৰত সন্দেহ উপজিল (Brother Killed Her 12 Year Old Girl Ddue To Periods And Blood Stain On Cloths)

ভনীয়েকে কোনো যুৱকৰ সৈতে যৌনসম্পৰ্ক (Suspicion Of Affair And Sex) কৰা বুলি সন্দেহ কৰিলে, যাৰ বাবে তাইৰ কাপোৰ তেজেৰে লুতুৰি-পুতুৰি হৈ আছিল। আৰু এই সন্দেহতে ককায়েকে ভনীয়েকক কোবাই-কোবাই নৃশংসভাবে হত্যা কৰে।

আৰক্ষীয়ে কৰিলে তদন্ত

ঘটনাটোৰ খবৰ পোৱা মাত্ৰকেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। কিশোৰীগৰাকীৰ মৃতদেহ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। তাৰ পিছত আৰক্ষীয়ে ককায়েকক গ্ৰেপ্তাৰ (Brother Arrested) কৰে।

তেজেৰে লুতুৰি-পুতুৰি হৈ আছিল কিশোৰীগৰাকী

জানিবলৈ দিয়া অনুসৰি মৃত কিশোৰীগৰাকী নিজৰ ককায়েক-বৌয়েকৰ লগত বাস কৰিছিল। তাইৰ পিতৃ-মাতৃ গাঁৱত থাকিছিল। ককায়েকে গাৰ্ডৰ চাকৰি কৰে। হত্যাৰ পূৰ্বে ককায়েকে ভনীয়েকক বহুকেইটা প্ৰশ্ন কৰিছিল কিন্তু ভনীয়েকে ভালকৈ উত্তৰ দিব পৰা নাছিল যাৰ বাবে তাইৰ ককায়েকৰ খং উঠে। ভনীয়েকে ভালদৰে Periods হোৱাৰ কথা ককায়েকক বুজাব পৰা নাছিল।

বৌয়েকে উচতাইছিল ককায়েকক

ঘটনাটোৰ বিৱৰণি অনুসৰি, কিশোৰীগৰাকীৰ বৌয়েকে নিজৰ স্বামীক কৈছিল যে তাইৰ ভনীয়েকৰ কৰবাত সম্বন্ধ চলি আছে। এই ব্লিডিং যৌন সম্বন্ধ কৰাৰ বাবে হৈছে (Brother Killed Her 12 Year Old Girl Ddue To Periods And Blood Stain On Cloths)। এই কথা শুনি ককায়েকৰ খং উঠিছিল। ইয়াৰ পিছত ককায়েকে ভনীয়েকক কেইবাদিনলৈ নিৰ্যাতন (Tortured) কৰিছিল। মাৰপিটো কৰিছিল। ইয়াৰ পিছত কিশোৰীগৰাকীৰ অৱস্থা যথেষ্ট বেয়া হৈ গৈছিল। তাৰ পিছত তাইৰ মৃত্যু ঘটে (Brother Killed Sister)

ককায়েকে স্বীকাৰ কৰে অপৰাধ

কিশোৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাত এই কথাটো স্পষ্ট হ’ল যে ককায়েকৰ মাৰপিটত মৃত্যু হৈছে (Brother Killed Sister)। ককায়েকে ভনীয়েকক লাথ-ঘোচাৰ লগতে তাইৰ মুখ, পিঠি আৰু শৰীৰৰ আন আন অংশত গৰম কোৰাচেৰেও দাগ দিছিল, যাৰ ফলত তাই গুৰুৰতৰভাবে আঘাতপ্ৰাপ্ত হৈছিল।

এই ঘটনাটোৰে এই কথাটো নিশ্চয়কৈ বুজিব পাৰিছে যে মহিলাসকলৰ ঋতুস্ৰাৱক লৈ অলপ সজাগ হোৱা সময় এতিয়া আহি গৈছে।

Photo: Google

লগতে পঢ়কঃ Chanakya Niti For Good People: শত্ৰুতকৈও ভয়ংকৰ এইবোৰ মানুহ; ভুলতেও এইবোৰ মানুহৰ পৰা সহায় নল’ব, তাৰ আগতে জানি লওক কোনবোৰ মানুহ?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -