27 C
Guwahati
Friday, March 29, 2024

Himanta Biswa Watched The Kerala Story: ‘সকলোকে আহ্বান জনাইছো চিনেমাখন চাওক; বিশেষকৈ নিজ কন্যাৰ সৈতে গৈ, এইখন মুছলমান বিৰোধী চিনেমা নহয়’- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চালে বহু বিতৰ্কিত চলচ্চিত্ৰ ‘দ্যা কেৰালা ষ্টৰী’

Himanta Biswa Watched The Kerala Story: বৃহস্পতিবাৰে (১১ মে') অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট সতীৰ্থ আৰু বিজেপি বিধায়কসকলৰ সৈতে চালে বহু বিতৰ্কিত চলচ্চিত্ৰ ‘The Kerala Story’

Must Read

Himanta Biswa Watched The Kerala Story: বৃহস্পতিবাৰে (১১ মে’) অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট সতীৰ্থ আৰু বিজেপি বিধায়কসকলৰ সৈতে চালে বহু বিতৰ্কিত চলচ্চিত্ৰ ‘The Kerala Story’। গুৱাহাটীৰ PVR Cinema হলত উপভোগ কৰিলে চিনেমাখন।

হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে চিনেমাখন চোৱা বুলি জানিবলৈ দিয়ে (Himanta Biswa Watched The Kerala Story)। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতৰ প্ৰতিগৰাকী লোককে চলচ্চিত্ৰখন পৰিয়ালৰ সৈতে চাবলৈ, বিশেষকৈ নিজ কন্যাৰ সৈতে এই ছবিখন চাবলৈ আহ্বান জনায় (People Of India To see ‘The Kerala Story’ Along With Their Family, Particularly Along With Their Dirl Child)

দুখনকৈ ৰাজ্যত নিষিদ্ধ কৰা হৈছে এই চিনেমাখন। তামিলনাডু আৰু পশ্চিম বংগত নিষিদ্ধ কৰা হৈছে এই চিনেমাখন (‘The Kerala Story’ Ban At Tamilnadu And West Bengal)

চিনেমাখন চাই তেওঁ কয় যে, ‘The Kerala Story’ চিনেমাখনত আমি বহুত কথা বুজিব পাৰিম। কেনেকৈ সঁচা অৰ্থত আমি নিজৰ পৰম্পৰা, সংস্কৃতিৰ লগতে সৰুৰে পৰা ডাঙৰ হ’বলৈ শিকিলে ভৱিষ্যতে আমি কিমান সমস্যাৰ পৰা আঁতৰত থাকিব পাৰিম।

আমাৰ চাৰিওফালে আমাৰ উঠি অহা যুৱতীসকলে কাৰ লগত বন্ধুত্ব পাতিছে অলপ যাতে পৰিয়ালে নজৰ ৰাখিব পাৰে। আৰু অসমতো সঘনাই ঘটি ঘটা সন্ত্ৰাসবাদৰ ঘটনাই নহয়, লাভ জেহাদৰ ঘটনাবোৰ আমি যাতে কলিতেই নিৰ্মূল কৰিব পাৰো, তাৰ বাবে মই বিশ্বাস কৰোঁ এই ছবিখন সকলোৱে পৰিয়ালৰ সৈতে বিশেষকৈ কন্যা সন্তানৰ সৈতে চোৱাটো প্ৰয়োজনীয়।’’

মুখ্যমন্ত্ৰীয়ে কয় যে, এই ছবিখন কোনো জাতিৰ বিৰুদ্ধে নহয়, বৰঞ্চ ই সন্ত্ৰাসবাদৰ বিৰুদ্ধেহে। যিসকলে এই ছবিখন নিষিদ্ধ কৰিছে, সেইসকলে ভুল সিদ্ধান্ত লৈছে বুলিও উল্লেখ কৰে।

তেওঁ কয় যে, চিনেমাখন বন্ধ কৰাটো সমাধান নহয়। ছবিখনে ইছলামিক ৰাজ্য ইৰাক আৰু ছিৰিয়া (ISIS)ৰ বিষয়ে কৈছে, এইখম মুছলমান বিৰোধী চিনেমা নহয় (Himanta Biswa Watched The Kerala Story)

অসমত চলচ্চিত্ৰৰ বাবে কোনা টেক্স লোৱাটো আগতেই বন্ধ কৰা হৈছে বাবে এইখন ছবিত টেক্সৰ কথা নাহে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মন কৰিবলগীয়া যে, দেশৰ দুখনকৈ ৰাজ্য ক্ৰমে তামিলনাডু আৰু পশ্চিম বংগত এই চিনেমাখন নিষিদ্ধ কৰিছে। আনহাতে, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত এই চলচ্চিত্ৰখন টেক্স ফ্ৰী কৰা হৈছে।

The Kerela Story চিনেমাখন সুদীপ্ত সেনে পৰিচালনা কৰিছে।

Photo: Google

লগতে পঢ়কঃ Brother Killed Sister: অজ্ঞানতাৰ পৰিণাম! ১২ বছৰীয়া ভনীয়েকৰ প্ৰথমবাৰ হ’ল Periods; বৌয়েকে চৰিত্ৰৰ ওপৰত কৰিলে সন্দেহ, তাৰ পিছত ককায়েকে ভনীয়েকক কোবাই কোবাই কৰিলে হত্যা, সম্পূৰ্ণ ঘটনাটো কি?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -