37 C
Guwahati
Tuesday, May 14, 2024

Before Sleeping Astro Tips: জানি থওক! ৰাতি শুবলৈ যোৱাৰ আগতে কৰক এইকেইটা কাম; জীৱনত কেতিয়াও নহ’ব টকাৰ অভাৱ! পিছে জানি লও আহক কি কি কাম?

Astro Tips To Be Followed Before Sleeping: টকাৰ প্ৰয়োজন সকলোৰে আছে আৰু সকলোৱে বিচাৰেও। টকা লাভ কৰা আৰু জমা কৰাৰ বিষয়ে শাস্ত্ৰত বহুতো প্ৰতিকাৰৰ কথা উল্লেখ কৰা হৈছে। যদি এই নিয়মবোৰ অনুসৰণ কৰা হয় তেনেহ'লে কেতিয়াও আৰ্থিক সমস্যাৰ সন্মুখীন নহয়। জ্যোতিষ শাস্ত্ৰ অনুসৰি, মানুহে ৰাতি শোৱাৰ আগতে কিছুমান কথাৰ নিশ্চয়কৈ গুৰুত্ব দিব লাগে। যদি এই নিয়মবোৰ অনুসৰণ কৰা নহয়, তেন্তে ধনৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে।

Must Read

Before Sleeping Astro Tips: টকাৰ প্ৰয়োজন সকলোৰে আছে আৰু সকলোৱে বিচাৰেও। টকা লাভ কৰা আৰু জমা কৰাৰ বিষয়ে শাস্ত্ৰত বহুতো প্ৰতিকাৰৰ কথা উল্লেখ কৰা হৈছে। যদি এই নিয়মবোৰ অনুসৰণ কৰা হয় তেনেহ’লে কেতিয়াও আৰ্থিক সমস্যাৰ সন্মুখীন নহয়।

জ্যোতিষ শাস্ত্ৰ অনুসৰি, মানুহে ৰাতি শোৱাৰ আগতে কিছুমান কথাৰ নিশ্চয়কৈ গুৰুত্ব দিব লাগে। যদি এই নিয়মবোৰ অনুসৰণ কৰা নহয়, তেন্তে ধনৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে।

(Before Sleeping Astro Tips) পিছে জানি লও আহক কি কি কাম?-

১. ৰাতি শুবলৈ যোৱাৰ আগতে ভৰি দুখন ভালদৰে ধুই লওক, তাৰ পিছত পৰিষ্কাৰ কাপোৰেৰে মচি বিচনাত উঠক। লেতেৰা ভৰি আৰু ভিজা ভৰিৰে বিচনাত উঠিলে আৰ্থিক সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে।

২. ৰাতি শুৱাৰ সময়ত বেলেগ কাপোৰ পিন্ধক। অৰ্থাৎ যি কাপোৰ আপুনি দিনত পিন্ধি থাকে, সেইখিনি কাপোৰ ৰাতি শোৱাৰ সময়ত পিন্ধিব নালাগে।

ইয়াৰ লগতে এই কথাটো মনত ৰাখিব যে কাপোৰ নিপিন্ধাকৈ বা উলংগ হৈ নুশুব। এনে কৰিলে মা লক্ষ্মী ঘৰত বাস নকৰে।

৩. প্ৰায়ভাগ লোকে ৰাতি শুৱাৰ আগতে লাইট অফ কৰে। যদি ৰাতি ঘৰত সম্পূৰ্ণ অন্ধকাৰ হয় থাকে তেতিয়া মা লক্ষ্মী ঘৰৰ পৰা ওলাই যায়।

এনে পৰিস্থিতিত, ৰাতি শুৱলৈ যোৱাৰ আগতে কেতিয়াও সকলো লাইট অফ নকৰিব। যদি সম্ভৱ হয় কোনোবা এটা ঠাইৰ লাইট জ্বলাই থ’ব।

৪. ৰাতি শুৱলৈ যোৱাৰ আগতে কেতিয়াও টকা হিচাপ কৰিব নালাগে। এইটো বিশ্বাস কৰা হয় যে ৰাতি টকা হিচাপ কৰিলে ধন হানি হয়। মা লক্ষ্মীও অসন্তুষ্ট হৈ ঘৰৰ পৰা ওলাই যায় (Before Sleeping Astro Tips)

৫. শাস্ত্ৰত গাখীৰক সমৃদ্ধিৰ লক্ষণ বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত নিশা শুৱলৈ যোৱাৰ আগতে, মনত ৰাখিব যাতে কেতিয়াও গাখীৰৰ পাত্ৰ খোলা হৈ নাথাকে। গাখীৰৰ পাত্ৰ সদায় ঢাকিয়েই ৰাখিব লাগে। যদি আপুনি এনে নকৰে, ধনৰ ক্ষতি হয়।

৬. বৰ্তমান যুগত বিভিন্ন ধৰণৰ গেজেটৰ সময়। মানুহে সদায় তেওঁলোকৰ লগত মোবাইল ফোন ৰাখে। অৱশ্যে, শোৱাৰ আগতে এই কথাটো মনত ৰাখিব যে গাৰুৰ চাৰিওফালে কোনো গেজেট বা কোনো চোকা ধাৰৰ বস্তু নাথাকে। ইয়াৰ লগতে, কোনো বৈদ্যুতিক সঁজুলি লগত ৰাখিব নালাগে। ই ঘৰত ঋণাত্মক শক্তি প্ৰেৰণ কৰে (Before Sleeping Astro Tips)

Photo: Google

লগতে পঢ়কঃ Double Murder: মেঘালয়ত উদ্ধাৰ বোৱাৰীয়ে হত্যা কৰা শাহুৰ টুকুৰা-টুকুৰ মৃতদেহ; কিন্তু উদ্ধাৰ হোৱা নাই মূৰ আৰু দুয়োখন হাত, হত্যাকাৰী বন্দনাৰ পিতৃয়ে ক’লে –’যদি মোৰ ছোৱালীয়ে হত্যা কৰিছিল, তেন্তে তাইক গুলীয়াই মাৰক’

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -