24 C
Guwahati
Monday, April 29, 2024

Rahul Gandhi Flying Kiss: “ফ্লায়িং কিছ”ৰ অভিযোগ ৰাহুল গান্ধীৰ বিৰুদ্ধে; মহিলা বিজেপি সাংসদৰ এই অভিযোগ যে- ‘সংসদত বিজেপি সাংসদসকলক Flying Kiss দিয়ে ৰাহুলে’, ৰাহুলৰ এই আচৰণ “অভদ্ৰ” বুলি কয় স্মৃতি ইৰাণীয়ে

Rahul Gandhi Flying Kiss: বিজেপি সাংসদসকলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে অভদ্ৰ ইংগিত দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি লোকসভাৰ অধ্যক্ষ ঔম বিৰলাৰ ওচৰত অভিযোগ দাখিল কৰে

Must Read

Rahul Gandhi Flying Kiss Bjp Mps Gave Complaint: সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ (Parliament Monsoon Session) সময়ছোৱাত বুধবাৰে (৯ আগষ্ট) লোকসভাত (Loksabha) পুনৰবাৰ হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়।

বিজেপি সাংসদসকলে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে অভদ্ৰ ইংগিত দিয়াৰ অভিযোগ উত্থাপন কৰি অধ্যক্ষক পত্ৰ লিখি তেওঁৰ অভিযোগ দিয়ে।

Rahul Gandhi Flying Kiss

য’ত কোৱা হৈছে যে ৰাহুল গান্ধী (Rahul Gandhi)য়ে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী (Smriti Irani)ক অভদ্ৰ ইংগিত দিছে (Bjp Mp Smriti Irani Accused Rahul Gandhi Of Giving Flying Kiss Gave Complaint To Speaker)

লোকসভা সচিবালয়ৰ সূত্ৰ অনুসৰি, সদনৰ ভিতৰত অশালীন আচৰণ বিবেচনাধীন আৰু সকলোৰে সৈতে কথা পাতি নিয়মানুসৰি ব্যৱস্থা লোৱা হ’ব।

এই সন্দৰ্ভত সদনত স্মৃতি ইৰাণীয়ে ক’লে যে যাক আজি মোৰ আগতে (ৰাহুল গান্ধী) বক্তব্য দিয়াৰ অধিকাৰ প্ৰদান কৰা হ’ল তেওঁ যাওঁতে-যাওঁতে এটা অভদ্ৰ আচৰণৰ দৰ্শন কৰোৱাই গ’ল।

এয়া কেৱল এজন মহিলাবিৰোধী ব্যক্তিহে হ’ব পাৰে যিয়ে সদনত সদনৰ মহিলা সদস্যসকল থকাৰ পিছতো ফ্লায়িং কিছ দিয়ে। এনে অসন্মানীয় আচৰণ এই দেশৰ সদনত কেতিয়াও দেখা পোৱা নাই (Rahul Gandhi Flying Kiss)

স্মৃতি ইৰাণীয়ে কি ক’লে (Rahul Gandhi Flying Kiss)?

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক লক্ষ্য কৰি লয় কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ক’লে যে শুনিছিলো যে মহিলাসকলক সেইসকল লোকে অভদ্ৰ ইংগিত বা অভদ্ৰ মন্তব্য কৰে যিসকলে আইন উলংঘা কৰে। এইটো গম পোৱা নাছিলো যে গান্ধী পৰিয়ালৰ সংস্কাৰৰ ভিতৰত এয়াও এটা সংস্কাৰ।

উল্লেখযোগ্য যে কংগ্ৰেছ নেতা ৰাহুল (Rahul Gandhi) গান্ধীয়ে সাংসদ পদ ঘূৰাই পোৱাৰ পিছত বুধবাৰে প্ৰথমবাৰ সংসদত নিজৰ ভাষণ দিয়ে।

ৰাহুল গান্ধীয়ে ভাষণ সমাপ্ত হোৱাৰ পিছতে বাহিৰলৈ ওলাই আহিছিল, সেই সময়তে এই অভিযোগ উত্থাপন হয়, যাক লৈ মহিলা সাংসদসকলে আপত্তি কৰে। সেই সময়ত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ ভাষণ চলি আছিল।

অৱশ্যে ৰাহুল গান্ধীৰ ফ্লায়িং কিছৰ (Rahul Gandhi Flying Kiss) এই দৃশ্য কেমেৰাত আবদ্ধ হোৱা নাই!

এই মুহূৰ্তৰ সাক্ষী হোৱাসকলৰ মতে, যেতিয়া ৰাহুল গান্ধীয়ে নিজৰ ভাষণৰ পিছত লোকসভা চৌহদৰ পৰা ওলাই আহিছিল, সেই সময়তে তেওঁৰ ফাইল পৰি গৈছিল। সেয়া উঠাবৰ বাবে লোৱাৰ সময়তে বিজেপি সাংসদসকলে হাঁহিবলৈ ধৰে। সেই সময়তে ৰাহুল গান্ধীয়ে বিজেপি সাংসদসকলৰ ফালে ফ্লায়িং কিছ দিয়ে আৰু হাঁহি হাঁহি বাহিৰলৈ ওলাই আহে।

“চিচিটিভি ফুটেজ চাই ব্যৱস্থা গ্ৰহণ কৰা হ’ব” (Rahul Gandhi Flying Kiss)

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শোভা কৰন্দলাজেই ক’লে যে আমা দাবী উত্থাপন কৰিছো যে চিচিটিভি ফুটেজ চাই তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হওক। এয়া এক সদস্যৰ অনুচিত আৰু অশুভনীয় ব্যৱহাৰ হয়।

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শোভা কৰন্দলাজেয়ো (Minister for Agriculture and Farmers’ Welfare Shobha Karandlaje) ফ্লায়িং কিছক লৈ কংগ্ৰেছ সাংসদগৰাকীক লক্ষ্য কৰি লয়। তেওঁ ৰাহুল গান্ধীৰ ব্যৱহাৰক ‘অনুচিত’ আখ্যা দিয়ে আৰু লোকসভাৰ অধ্যক্ষৰ ওচৰত অভিযোগ দাখিল কৰে।

কেইবাগৰাকীও মহিলা সাংসদে অভিযোগ পত্ৰত হস্তাক্ষৰ কৰে। এই পত্ৰত তেওঁলোকে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী তোলে।

Photo: Google

লগতে পঢ়কঃ Dahi For Money And Success: “দৈ”ত এইবিধ বস্তু মিহলাই গা ধুলে কেতিয়াও নাহিব “দৰিদ্ৰতা”; টকা-পইচাৰে ভৰি থাকিব আপোনাৰ মানীবেগ, লগতে আছে আৰু বহুকেইটা উপায়…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -