37.2 C
Guwahati
Monday, May 6, 2024

7 Health Benefits Of kissing: চুম্বন (Kiss) কেৱল প্ৰেম প্ৰকাশ কৰাৰ উপায়ে নহয়; ইয়াৰ দ্বাৰা স্বাস্থ্যৰো হয় বিভিন্ন লাভালাভ, পিছে জানো আহক কি কি?

8 Health Benefits Of kissing: চুম্বনত Happy Hormones মুকলি হয়। যি চাপ আৰু চিন্তাৰ পৰা সকাহ দিয়ে। চুম্বনে আপোনাৰ মুখৰ পেশী শক্তিশালী কৰে। চুম্বনে মুখ কোঁচ খোৱাৰ সমস্যাও হ্ৰাস কৰে। আহক জানো Kiss কৰিলে আৰু কি কি লাভ পোৱা যায়।

Must Read

7 Health Benefits Of kissing: যিয়ে আপোনাক আৱেশ অনুভৱ কৰোৱায়, যাৰ বিষয়ে ভাবি পেটত পখিলা উৰিব ধৰে, যিয়ে আপোনাৰ মুখত এটা সুন্দৰ হাঁহি আনি দিয়ে…সেয়া হৈছে মৰমত কৰা চুম্বন (Kiss)। যদি আপোনাৰ সম্পৰ্কত প্ৰেম আছে, তেন্তে আপোনাৰ নিশ্চিতভাৱে চুম্বনো হ’ব। সমগ্ৰ পৃথিৱীত প্ৰেম প্ৰকাশ কৰিবলৈ চুমা খোৱা হয়। চুমা কেৱল প্ৰেমিকা-প্ৰেমিকাৰ মাজতে নহয়, এগৰাকী মাতৃয়েও নিজৰ সন্তানক কিমানবাৰ চুমা খায়। পৰিয়ালৰ বৃদ্ধ লোক, যেনে ককা-আইতাইও গালত চুমা খাই নিজৰ মৰম প্ৰকাশ কৰে। প্ৰেম প্ৰকাশ কৰিবলৈ চুম্বনতকৈ ভাল উপায় আৰু নাই (Kiss is Good For Health)

যেতিয়া প্ৰেমিক-প্ৰেমিকাই (Couple) এগৰাকীয়ে আনগৰাকীক চুম্বন কৰে, তেতিয়া কেৱল প্ৰেমে প্ৰকাশ নহয় লগতে শৰীৰৰ বিভিন্ন লাভালাভো হয়। চুম্বনত Happy Hormones মুকলি হয়। যি চাপ আৰু চিন্তাৰ পৰা সকাহ দিয়ে। চুম্বনে আপোনাৰ মুখৰ পেশী শক্তিশালী কৰে। চুম্বনে মুখ কোঁচ খোৱাৰ সমস্যাও হ্ৰাস কৰে। আহক জানো Kiss কৰিলে আৰু কি কি লাভ পোৱা যায়।

7 Health Benefits Of kissing: আহক জানি লওক চুমা খোৱাৰ লাভালাভবোৰ কি কি?

১. Happy Hormones মুকলি

চুম্বনে শৰীৰলৈ Happy Hormones আনে। চুম্বনে অক্সিটচিন, ডোপামিন আৰু চেৰোটনিনৰ দৰে ৰাসায়নিক পদাৰ্থ মুকলি কৰে, যি আপোনাৰ অনুভূতি আৰু বন্ধন শক্তিশালী কৰে।

২. মানসিক চাপ উপশম কৰে (Mental Illness)

চুম্বনে কৰ্টিচোলৰ স্তৰ হ্ৰাস কৰে আৰু আপোনাক চাপমুক্ত কৰে। চুম্বনে মুখত হাঁহি আনি দিয়ে। এনে পৰিস্থিতিত আপুনি চাপ, ভাগৰ আৰু অন্যান্য সমস্যাৰ পৰা আঁতৰি যায়।

৩. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে (Strong Immunity)

আপুনি এই কথাটো জানি আচৰিত হ’ব যে চুমা খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। ই অতিসংবেদনশীলতা হ্ৰাস কৰে। এক অধ্যয়ন অনুসৰি, চুম্বনৰ ফলত সংগীৰ Sliva ইজনৰ সিজনৰ মুখত প্ৰৱেশ কৰে, যাৰ ফলত আপোনাৰ মুখত কিছুমান নতুন বীজাণু প্ৰৱেশ হয়। ই শৰীৰৰ সেই বীজাণুবোৰৰ বিৰুদ্ধে এণ্টিবডী সৃষ্টি কৰে আৰু ভৱিষ্যতত আপুনি সেইবোৰৰ বাবে অসুস্থ নহয়।

৪. ছাল শোতোৰা নপৰে (Wrinkles & Fine Lines)

চুম্বনে মুখৰ পেশী শক্তিশালী কৰে। দীঘলীয়া চুম্বনত ৩৪টা Facial Muscles আৰু ১১২টা Postural Muscles অন্তৰ্ভুক্ত হয়, যাৰ ফলত ছাল শোতোৰা পৰা প্ৰতিৰোধ হয় আৰু মুখখন দীঘলীয়া সময়লৈ ধুনীয়া হৈ থাকে।

লগতে পঢ়কঃ 5 Skin Benefits Of Drinking Water: এদিনত কিমান গিলাচ পানী খাব লাগে জানেনে? যদি জানে আপোনাৰে লাভ, যদি নাজানে তেন্তে আপোনাৰে হৈ আছে লোকচান, পিছে আহক জানি লওক

৫. উচ্চ ৰক্তচাপ হ্ৰাস হয় (Reduce High Blood pressure)

চুম্বন শৰীৰৰ বাবে এটা ভাল ব্যায়াম। চুম্বনে হৃদযন্ত্ৰ সবল কৰি তোলে আৰু লগতে ই আপোনাৰ উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে। ই আপোনাৰ ৰক্তনলী পাতল কৰে আৰু তেজ আপোনাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগলৈ গৈ পায়।

৬. চুম্বনে চিৰযৌৱনা কৰি ৰাখে (Young)

চিৰযৌৱনা হৈ থাকিবলৈ চুমাই আপোনাক সহায় কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ ওঁঠ, গাল, মুখ, জিভা, থুতুৰি আৰু ডিঙিৰ পেশীৰ ব্যায়াম হয়।

৭. চুম্বনে ৰক্ত সঞ্চালন উন্নত কৰে (Blood Circulation)

চুম্বনে ৰক্ত সঞ্চালন উন্নত কৰে। যাৰ ফলত মুখত কোঁচ খোৱা আৰু বয়স কম হোৱা দেখায়। চুম্বনে আপোনাক স্বাস্থ্যৱান, ধুনীয়া আৰু শক্তিশালী কৰি তোলে।

Photo: Google

লগতে পঢ়কঃ নিষ্ঠুৰ ক’ব নে, অমানৱীয়! মাতৃৰ কোলাতে পিতৃৰ লাঠিৰ কোবত প্ৰাণ হেৰুৱালে এটি ৪ মহীয়া শিশুৱে (4 Month Old Baby Died); পত্নীক লাঠিৰে প্ৰহাৰ কৰিবলৈ লওতেই সেই কোব শিশুটিৰ গাত লাগে, তাৰ পিছতে…মৃত্যু কণমানিটিৰ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -