32 C
Guwahati
Sunday, May 19, 2024

নিষ্ঠুৰ ক’ব নে, অমানৱীয়! মাতৃৰ কোলাতে পিতৃৰ লাঠিৰ কোবত প্ৰাণ হেৰুৱালে এটি ৪ মহীয়া শিশুৱে (4 Month Old Baby Died); পত্নীক লাঠিৰে প্ৰহাৰ কৰিবলৈ লওতেই সেই কোব শিশুটিৰ গাত লাগে, তাৰ পিছতে…মৃত্যু কণমানিটিৰ

4 Month Old Baby Died: হাটশিঙিমাৰীৰ (Hatsingimari) খাৰুৱাবান্ধাত (Kharuabandha) সংঘটিত হৈছে এক অমানৱীয় ঘটনা (Trgic Incident)। জন্মদাতা পিতৃৰ লাঠিৰ কোবত প্ৰাণ গ'ল এটি ৪ মহীয়া কণমানিৰ (Father Killed Daughter)

Must Read

4 Month Old Baby Died: হাটশিঙিমাৰীৰ (Hatsingimari) খাৰুৱাবান্ধাত (Kharuabandha) সংঘটিত হৈছে এক অমানৱীয় ঘটনা (Tragic Incident)। জন্মদাতা পিতৃৰ লাঠিৰ কোবত প্ৰাণ গ’ল এটি ৪ মহীয়া কণমানিৰ (Father Killed Daughter)। পিতৃৰ প্ৰহাৰত মৃত্যু হোৱা ৪ মহীয়া শিশুটিৰ নাম ৰুমী খাতুন। জানিব পৰা অনুসৰি স্বামী-স্ত্ৰীৰ মাজত কোনো কথাক লৈ কাজিয়া সূত্ৰপাত হৈছিল।

সেই কাজিয়াৰ ফলতেই খঙৰ ভমকত আব্দুল বছিৰ শ্বেখে এডাল লাঠিৰে পত্নীক প্ৰহাৰ কৰে। পত্নীক লাঠিৰে প্ৰহাৰ কৰাৰ সময়ত পত্নীৰ কোলাত আছিল ৪ মহীয়া শিশুটি (4 Month Old Baby Died)। আৰু সেই লাঠিৰ কোব ভুলক্ৰমে শিশুটিৰ গাত লাগে। ফলত কৰুণ মৃত্যুক (Tragic Died) সাৱটি লয় শিশুটিয়ে।

ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰে হত্যাকাৰী পিতৃ আব্দুল বছিৰ শ্বেখে। ঘটনাৰ খবৰ পোৱাৰ পিছত ঘটনাস্থলীত জিলা দণ্ডাধীশ আৰু খাৰুৱাবান্ধা আৰক্ষী (Kharuabandha Police) উপস্থিত হয়। অৱশ্যে ইতিমধ্যে হত্যাকাৰী পিতৃ আব্দুল বছিৰ শ্বেখক আৰক্ষীয়ে আটক (Father Arrest) কৰিছে। ঘটনাটোক লৈ আৰক্ষীৰ তদন্ত অব্যাহত।

Photo: Google

লগতে পঢ়কঃ Prateek Hajela Returning To Assam| পুনৰ অসমলৈ ঘূৰি আহিব প্ৰতীক হাজেলা; মধ্যপ্ৰদেশ চৰকাৰে হাজেলাক ঘূৰাই পঠিয়াই অসমলৈ…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -