36 C
Guwahati
Tuesday, May 14, 2024

6 People Found Dead In Delhi| খুবেই দুখলগা! মহ মৰা কইলৰ (Mosquito Coil) বাবে জ্বলি ছাই হ’ল এটা পৰিয়াল; একেলগে ৬ গৰাকী লোকে হেৰুৱালে প্ৰাণ, ২ সদস্যৰ জুই লাগি আৰু ৪ সদস্যৰ ধূপৰ পৰা ওলোৱা গোন্ধৰ বাবে সাৱটিলে মৃত্যুক

6 People Found Dead In Delhi: আটাইকেইজন সদস্য এটা পৰিয়ালৰে হয়। যেতিয়া তেওঁলোকে শুই আছিল, তেতিয়া কাৰ্বন মন'অক্সাইডৰ গোন্ধ লৈছিল যি গোটেই নিশা মহ খেদোৱা কইল (Mosquito Coil) জ্বলোৱাৰ পিছত সৃষ্টি হৈছিল।

Must Read

6 People Found Dead In Delhi After They Inhaled Carbon Monoxide: শুকুৰবাৰে দেশৰ ৰাজধানী দিল্লীৰ (Delhi) শাস্ত্ৰী পাৰ্ক (Shastri Park) অঞ্চলৰ এটা ঘৰৰ পৰা ছয়টা মৃতদেহ (Six Dead Body Recover) উদ্ধাৰ কৰা হৈছে। তেওঁলোক আটাইকেইজন একেটা পৰিয়ালৰে সদস্য।

যেতিয়া তেওঁলোকে শুই আছিল, তেওঁলোকে কাৰ্বন মনোক্সাইড উশাহত লৈছিল যিটো ৰাতিটোৰ ভিতৰতে মহ খেদোৱা কইল জ্বলাৰ (Mosquito Coil) ফলত উৎপন্ন হৈছিল। উত্তৰ-পূব জিলাৰ ডিচিপিয়ে এই তথ্য প্ৰদান কৰিছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, শাস্ত্ৰী পাৰ্কত থকা একেটা পৰিয়ালৰ লোককেইজনে যোৱা নিশা কইল জ্বলাই শুই গৈছিল। ঠিক তেতিয়াই কইলৰ কাৰণে গাৰুত জুই লাগিছিল। জুই লগাৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৪গৰাকী লোকে ধূপৰ গোন্ধত উশাহ নিশাহ বন্ধ হৈ মৃত্যুক সাৱটি লয় (6 People Of A Family Suffocated To Death In Their Delhi Home After Mosquito Repellant Fell On The Mattress, Releasing Poisonous Gas Overnight)। তথ্য পোৱাৰ পিছত, আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে ঘটনাটো বিভিন্ন দিশৰ পৰা তদন্ত কৰি আছে।

শাস্ত্ৰী পাৰ্ক আৰক্ষীয়ে (Shastri Park Police) জনোৱা অনুসৰি মৃত হোৱা লোককেইগৰাকীৰ ভিতৰত ৪জন জ্যোষ্ঠ লোক, এগৰাকী জ্যোষ্ঠ মহিলা আৰু এগৰাকী যুৱতী অন্তৰ্ভুক্ত। মৃত্যু হোৱা লোককেইগৰাকীৰ ভিতৰত এটি ডেৰ বছৰীয়া শিশু, ১৫ বছৰীয়া এগৰাকী যুৱতী, ৪৫ বছৰীয়া এজন পুৰুষো অন্তৰ্ভুক্ত।

ঘটনাটো সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই কয় যে ৩০ মাৰ্চৰ নিশা ভুক্তভোগী পৰিয়ালটোৱে মস্কিট’ কইল জ্বলাই শুই গৈছিল । ৩১ মাৰ্চৰ পুৱা, কোঠাটোত আটাইকেইজন লোকক মৃত অৱস্থাত পোৱা গৈছিল।

Photo: Google

লগতে পঢ়কঃ 7 Health Benefits Of kissing: চুম্বন (Kiss) কেৱল প্ৰেম প্ৰকাশ কৰাৰ উপায়ে নহয়; ইয়াৰ দ্বাৰা স্বাস্থ্যৰো হয় বিভিন্ন লাভালাভ, পিছে জানো আহক কি কি?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -