37.2 C
Guwahati
Monday, May 6, 2024

Prateek Hajela Returning To Assam| পুনৰ অসমলৈ ঘূৰি আহিব প্ৰতীক হাজেলা; মধ্যপ্ৰদেশ চৰকাৰে হাজেলাক ঘূৰাই পঠিয়াই অসমলৈ…

Prateek Hajela Returning To Assam| পুনৰ অসমলৈ আহিব প্ৰতীক হাজেলা। প্ৰতীক হাজেলাৰ ৩ বছৰ ডেপুটেচনৰ অন্ত। মধ্যপ্ৰদেশ চৰকাৰে হাজেলাক ঘূৰাই পঠিয়াইছে অসমলৈ। ৩ বছৰৰ পিছত আজি অন্ত পৰিব হাজেলাৰ ডেপুটেচন।

Must Read

Prateek Hajela Returning To Assam| NRC কেলেংকাৰী বিতৰ্কৰ মাজতে পুনৰ অসমলৈ আহিব প্ৰতীক হাজেলা (Former NRC Coordinator Prateek Hajela Will Return Back To Assam)। প্ৰতীক হাজেলাৰ ৩ বছৰ ডেপুটেচনৰ অন্ত। মধ্যপ্ৰদেশ চৰকাৰে হাজেলাক ঘূৰাই পঠিয়াইছে অসমলৈ (Hajela Fired From Social Justice Dept Of Madhya Pradesh)। ৩ বছৰৰ পিছত আজি অন্ত পৰিব হাজেলাৰ ডেপুটেচন।

২০১৯ চনৰ ১ নৱেম্বৰত মধ্যপ্ৰদেশত যোগদান কৰিছিল IAS বিষয়াগৰাকীয়ে (IAS officer)। ডেপুটেচনৰ ম্যাদ বৃদ্ধিৰ বাবে হাজেলাই কেন্দ্ৰীয় চৰকাৰক কৰিছিল আবেদন। কিন্তু কেন্দ্ৰই নাকচ কৰে প্ৰতীক হাজেলাৰ আবেদন। তাৰ পিছতে মধ্যপ্ৰদেশ চৰকাৰে জাননীযোগে পুনৰ অসমলৈ ঘূৰাই পঠিয়াই (Former NRC Coordinator Prateek Hajela Will Return Back To Assam)। বুধবাৰে জাননী জাৰি কৰিছিল মধ্য়প্ৰদেশ চৰকাৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো প্ৰকাশ পাইছিল এই বাতৰি।

NRCৰ ৰাজ্যিক সমন্বয়ক আছিল প্ৰতীক হাজেলা। NRC উন্নীতকৰণৰ নামত কেইবাশ কোটি টকা কেলেংকাৰীৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল প্ৰতীক হাজেলাৰ বিৰুদ্ধে। প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই (Hitesh Dev Sarma) এই অভিযোগ দাখিল কৰিছিল হাজেলাৰ বিৰুদ্ধে। NRCত জালিয়াতিৰে বাংলাদেশীক অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন হৈছিল। হিতেশ দেৱ শৰ্মাই হাজেলাৰ বিৰুদ্ধে কেইবাখনো এজাহাৰ দাখিল কৰিছিল যদিও এখনো অভিযোগ পঞ্জীয়ন নহ’ল।

NRC প্ৰকাশৰ পিছতে মধ্য়প্ৰদেশলৈ পঠিওৱাৰ বাবে আবেদন কৰিছিল প্ৰতীক হাজেলাই (Prateek Hajela Will Return Back To Assam)। নিজৰ আৰু পৰিয়ালৰ জীৱনৰ প্ৰতি ভাবুকি অহা বুলি বন্ধ খামত দেশৰ তদান্তীতন মুখ্য ন্যায়াধীশ বিচাৰপীঠলৈ আৱেদন প্ৰেৰণ কৰিছিল। তদান্তীতন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ডেপুটেচনত প্ৰেৰণৰ বাবে অনুমতি প্ৰদান কৰিছিল। তাৰ পিছতে মধ্যপ্ৰদেশত যোগদান কৰিছিল প্ৰতীক হাজেলা। আৰু আজি ৩ বছৰৰ ম্যাদ উকলিল। আৰু যাৰ বাবে পুনৰ অসমলৈ ঘূৰি আহিব প্ৰতীক হাজেলা (Prateek Hajela Will Return Back To Assam)

Photo: Google

লগতে পঢ়কঃ স্বৰ্ণজয়ী Lovlina Borgohain! ৫০ লাখৰ পিছত, এইবাৰ লাভলীনাক উপহাৰ হিচাপে দিব এটা ‘ফ্লেট’; DGP জি পি সিঙে আনুষ্ঠানিকভাৱে কৰিলে ঘোষণা…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -