31 C
Guwahati
Wednesday, April 24, 2024

স্বৰ্ণজয়ী Lovlina Borgohain! ৫০ লাখৰ পিছত, এইবাৰ লাভলীনাক উপহাৰ হিচাপে দিব এটা ‘ফ্লেট’; DGP জি পি সিঙে আনুষ্ঠানিকভাৱে কৰিলে ঘোষণা…

বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণজয়ৰে ইতিহাস ৰচিলে লাভলীনাই (Lovlina Borgohain Added Fourth Gold To India’s Tally At The IBA Women’s World Boxing Championship In New Delhi)

Must Read

স্বৰ্ণজয়ী Lovlina Borgohain! বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণজয়ৰে ইতিহাস ৰচিলে লাভলীনাই (Lovlina Borgohain Added Fourth Gold To India’s Tally At The IBA Women’s World Boxing Championship In New Delhi)। ৭৫ কিলো মহিলা বক্সিঙত সোণৰ পদক জয় কৰে অসম কন্যাগৰাকীয়ে (Lovlina Borgohain Bags Gold At World Boxing Championship)

দেওবাৰে দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত (IBA Womens World Boxing Championship) অলিম্পিক পদক বিজয়ী লাভলিনা বৰগোহাঁয়ে (Lovlina Borgohain) বিশ্ব খিতাপ দখল কৰে। মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত (Women’s World Boxing Championship) ভাৰতৰ স্ক’ৰত চতুৰ্থ সোণৰ পদক সংযোজন কৰে বৰগোহাঁয়ে। কমনৱেলথ গেমছৰ দুবাৰৰ পদক বিজয়ী অষ্ট্ৰেলিয়াৰ কেটলিন পাৰ্কাৰক ঘনিষ্ঠ প্ৰতিদ্বন্দ্বিতামূলক মেচত পৰাস্ত কৰে।

লগতে পঢ়কঃ IBA Womens World Boxing Championship| আকৌ ইতিহাস ৰচিলে অসম কন্যা লাভলীনা বৰগোঁহায়ে (Lovlina Borgohain)! ৭৫ কেজি শাখাত স্বৰ্ণ জয় লাভলীনাৰ; জয়ী হোৱা মুহূৰ্তৰ ভিডিঅ’ শ্বেয়াৰ কৰিলে মুখ্যমন্ত্ৰীয়ে

এই জয়ৰ পিছতে গুৱাহাটীত উপস্থিত হয় স্বৰ্ণজয়ী লাভলিনা বৰগোহাঁই (Lovlina Borgohain)। অসম বিধানসভাতো (Assam Assembly) বিশ্ব বক্সিং চেম্পিয়নশ্বিপত (World Boxing Championship) স্বৰ্ণজয়ী লাভলিনা শুভেচ্ছা জ্ঞাপন কৰি ৰাজ্য চৰকাৰে পুৰষ্কাৰ হিচাপে ৫০ লাখ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে।

ইফালে আজি ডিজিপি কাৰ্যালয়ত স্বৰ্ণজয়ী লাভলিনা বৰগোহাঁইক (Lovlina Borgohain) সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতে লাভলিনা বৰগোহাঁইক উপহাৰ হিচাপে এটা ফ্লেট দিয়াৰ কথা ঘোষণা কৰে অসম আৰক্ষীয়ে। DGP জি পি সিঙে (DGP GP Singh) আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে।

Photo: Batori24

লগতে পঢ়কঃ জনতাৰ মূৰত Double মাধমাৰ! ১ এপ্ৰিলৰ পৰা বাঢ়িব বিদ্যুতৰ ফিক্সড চাৰ্জ (Fixed Charge) আৰু ৭খন টোলগে’টৰ টোল টেক্স (Toll Tax); পিছে কিমান বাঢ়িব জানেনে? আহক জানি লওক…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -