Manipur Viral Case: মণিপুৰৰ ২ গৰাকী কুকি মহিলাক মেইটেই লোকে “উলংগ” কৰি ৰাজপথেৰে পেৰেড কৰি যোৱাৰ লগতে দলৱদ্ধ ধৰ্ষণ কৰা বিষয়টোৱে সমগ্ৰ দেশতে তোলপাৰ লগাইছে (Manipur 2 Naked Woman Paraded Viral Video)।
শাসকীয়, বিৰোধীৰ পৰা আৰম্ভ কৰি বলীউডৰ তাৰকাসকলেও এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Reaction On Manipur Viral Case)। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে (N Biren Singh) এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ আহ্বান জনায়।
ইফালে এই অমানুষিক ঘটনাৰ লগত জড়িত মূল অভিযুক্তকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Main Culprit Arrested)। ফটোত দেখা পোৱা পাতল সেউজীয়া টি-চাৰ্ট পিন্ধি থকা এইজন যুৱকে উলংগ যুৱতীগৰাকীক ধৰি ৰাখিছিল। লগতে তেওঁলোকৰ ব্যক্তিগত অংগতো হাত দিছিল।
আজি পুৱা সঠিক চিনাক্তকৰণৰ অন্তত এক অভিযানত গ্ৰেপ্তাৰ কৰা হয় খৈৰাম হীৰাদাস মেইটেইক।
২ মহিলাক উলংগ কৰি সমদল, হত্যাৰ চেষ্টাৰ কাণ্ডৰ মূল অভিযুক্ত হৈছে হীৰাদাস। দুই মহিলাক উলংগ কৰি চলাইছিল নিৰ্যাতন। উলংগ কৰি ৰাজপথত সমদল উলিওৱা ভিডিঅ’ ভাইৰেল কৰিছিল এইজন অভিযুক্তই (Manipur Viral Case)।
মণিপুৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে জনালে এই কথা।
Photo: Batori24