27 C
Guwahati
Saturday, May 18, 2024

OMG 2 Akshay Kumar: OMG 2ৰ টীজাৰ মুকলি হোৱাৰ পিছতে অক্ষয় কুমাৰৰ এটা Video ভাইৰেল; “ভগৱানৰ মূৰ্তি”ৰ ওপৰত গাখীৰ আৰু তেল ঢলাক লৈ কৰিছিল প্ৰশ্ন

OMG 2 Akshay Kumar Video Viral: অক্ষয় কুমাৰৰ আহিবলগীয়া ছবি OMG 2ৰ টীজাৰ মুকলি কৰি দিয়া হৈছে। অভিনেতাজনৰ লুক চাই এইটো অনুমান কৰিব পাৰি যে অক্ষয় কুমাৰে ভগৱান শিৱৰ চৰিত্ৰত অভিনয় কৰিব

Must Read

OMG 2 Akshay Kumar Video Viral: বলীউডৰ খিলাড়ী অক্ষয় কুমাৰ (Akshay Kumar) বৰ্তমান নিজৰ আহিবলগীয়া ছবি ‘OMG 2’ক লৈ যথেষ্ট চৰ্চাত আছে (OMG 2 Akshay Kumar)।

শেহতীয়াকৈ ছবিখনৰ প্ৰথমটো টীজাৰ ৰিলিজ কৰা হৈছে, য’ত তেওঁক যথেষ্ট পৃথক ৰূপত দেখা গৈছে।
কপালত ভস্ম লগাই আৰু চুলিত জঁটা লৈ অক্ষয় কুমাৰ ছবিখনত শিৱৰ চৰিত্ৰত দেখা যাব। ছবিখনৰ প্ৰথমটো পাৰ্ট হিট হৈছিল আৰু এতিয়া ছবি অনুৰাগীসকল দ্বিতীয়টো পাৰ্টক লৈ অপেক্ষাত আছে (OMG 2 Akshay Kumar)

ইয়াৰ মাজতে অক্ষয় কুমাৰৰ এটা পুৰণি ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল (Akshay Kumar Old Video Viral On Social Media) হৈ আছে য’ত তেওঁ ভগৱানৰ মূৰ্তিত দান কৰা গাখীৰ আৰু তেলৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে।

অভিনেতাজনে দিছিল এই মন্তব্য

অক্ষয় কুমাৰৰ এই ভিডিঅ’টো বহুত পুৰণি য’ত অভিনেতাজনক এবিপি মাঞ্জাক সাক্ষাৎকাৰ দিয়া দেখা গৈছে, য’ত তেওঁ কৈছে যে, ‘আপুনি ভগৱানৰ ওপৰত ইমান গাখীৰ আৰু তেল কিয় অপচয় কৰি আছে (Akshay Kumar Commenting On God Says Why People Wasting Milk And Oil On God)?

ক’ত লিখা আছে যে এইটো, ভগৱানে কৈছে মোক গাখীৰ দিয়ক আৰু হনুমানে কৈছে মোৰ ওপৰত তেল ঢালিব। আৰু এইটোও ক’ত লিখা আছে যে ভগৱানে তেওঁৰ ওচৰত নাৰিকল ভাঙিব লাগে, মই বুজি নাপাও মানুহে কিয় ইমান অপচয় কৰি আছে।

OMG 2ৰ টীজাৰ মুকলি হোৱাৰ লগে লগে, অক্ষয়ৰ এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে (Akshay Kumar Old Video Viral) আৰু বিভিন্নজনে তেওঁৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছে।

দ্বিতীয় পাৰ্টটোৰ কাহিনী কি হয় (OMG 2 Akshay Kumar)

ছবিখনৰ দ্বিতীয় খণ্ডটোৰ কথা কও যদি প্ৰথম খণ্ডৰ দৰে এইবাৰো ভগৱানৰ ওপৰত বিশ্বাস কৰা বা নকৰা, অৰ্থাৎ আস্তিক আৰু নাস্তিকৰ মাজক কাহিনী হয়। প্ৰথমটো পাৰ্টত অক্ষয় কুমাৰৰ সৈতে দেখা গৈছিল পৰেশ ৰাৱলক, কিন্তু দ্বিতীয়টো পাৰ্টত পংকজ ত্ৰিপাঠীক (Pankaj Tripathi) দেখা যাব।

 

 

View this post on Instagram

 

A post shared by Akshay Kumar (@akshaykumar)

ছবিখনৰ টীজাৰ যথেষ্ট পাৱাৰফুল দেখা গৈছে, এতিয়া সময়তহে দেখা যাব ছবিখন কেনেকুৱা। বিগত কিছু সময় ধৰি ছবিৰ ক্ষেত্ৰত অক্ষয় কুমাৰৰ ভাল দিন চলা নাই (OMG 2 Akshay Kumar)

OMG 2 Akshay Kumar

এখনৰ পিছত সিখন চিনেমা ফ্লপ হৈছে তেওঁৰ। OMG 2-এ তেওঁৰ ভাগ্য সলনি কৰিবনে, সেয়া সময়তহে লক্ষণীয় হ’ব। ছবিখন ১১ আগষ্টত চিনেমাহলত মুকলি কৰা হ’ব।

Photo: Google

লগতে পঢ়কঃ Youth Died Inside Rehab Centre: পুনৰ বিতৰ্কত নিচামুক্তি কেন্দ্ৰ! ৩ দিন আগতে ৰিহেব চেণ্টাৰত অহা যুৱকৰ “হঠাৎ” কেনেকৈ হ’ল মৃত্যু? পৰিয়ালৰ দাবী- “এয়া হত্যা”, কিন্তু কেন্দ্ৰৰ মতে…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -