28 C
Guwahati
Monday, May 20, 2024

Bhagavad Gita Advice: “ভাগৱত গীতা”ত শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া এইকেইটা পৰামৰ্শ আপুনিও ৰাখিব লাগে মনত; নপৰিব কেতিয়াও বিপদত, পিছে জানো আহক কি কি?

Bhagavad Gita Advice: আমাৰ জীৱনত বিভিন্নধৰণৰ সমস্যা আছে। আৰু এইবোৰ সমস্যাৰ উত্তৰ থকা এখন মহাকাব্য হৈছে ভাগৱত গীতা (Bhagavad Gita)

Must Read

Bhagavad Gita Advice: আমাৰ জীৱনত বিভিন্নধৰণৰ সমস্যা আছে। আৰু এইবোৰ সমস্যাৰ উত্তৰ থকা এখন মহাকাব্য হৈছে ভাগৱত গীতা (Bhagavad Gita)।

জাতিৰ পিতা মহাত্মা গান্ধীয়ে গীতাক আধ্যাত্মিক অভিধান বুলি গণ্য কৰিছিল। কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া পৰামৰ্শবোৰেই গীতাত উল্লেখ আছে (Bhagavad Gita Advice)

আৰু এইবোৰ পৰামৰ্শ আমি বা আপুনিও মানি চলিব লাগে। এইবোৰ মানি চলিলে কেতিয়াও বিপদত নপৰিব।

আহকচোন জানি লও শ্ৰীকৃষ্ণই গীতাত কোৱা কেইটামান পৰামৰ্শৰ বিষয়ে (Bhagavad Gita Advice)–

১. যি হ’ল, সেয়া ভালৰ বাবেই হ’ল। যি হৈ আছে, ভালৰ বাবেই হৈ আছে আৰু ভৱিষ্যতে যি হ’ব, সেয়া ভালৰ বাবেই হ’ব।

২. আপোনাৰ কাম কৰাৰ অধিকাৰ আছে, কিন্তু কামৰ ফল লাভৰ অধিকাৰী আপুনি কেতিয়াও নহয়।

৩. পৰিৱৰ্তন হৈছে বিশ্বব্ৰহ্মাণ্ডৰ নিয়ম। আপুনি আজি কোটিপতি হ’ব পাৰে কিন্তু, নিমিষতে দুখীয়াও হৈ যাব পাৰে (Bhagavad Gita Advice)

৪. আত্মাৰ জন্ম নহয়, আৰু মৃত্যুও নহয়।

৫. খালী হাতে আহিছিলা আৰু খালী হাতে গুচি যাবা।

৬. কামনা, ক্ৰোধ আৰু লোভ হৈছে আত্মধ্বংসী নৰকৰ তিনি দুৱাৰ।

৭. মানুহ নিজৰ বিশ্বাসৰ দ্বাৰা সৃষ্টি হৈছে। তেওঁ যি বিশ্বাস কৰে সেয়াই তেওঁ হৈ পৰে।

৮. ধ্যান আয়ত্ত কৰিলে বতাহবিহীন স্থানত দীপৰ শিখাৰ দৰে মন অদম্য হৈ পৰে।

৯. যিসকলে নিজৰ মনটোক নিয়ন্ত্ৰণ নকৰে, তেওঁলোকৰ বাবে মনটোৱে শত্ৰুৰ দৰে কাম কৰে।

১০. যি জ্ঞানী ব্যক্তিয়ে জ্ঞান আৰু কৰ্মক এক বুলি ভাবে, তেওঁৰ দৃষ্টিভংগী শুদ্ধ।

Photo: Google

লগতে পঢ়কঃ OMG 2 Akshay Kumar: OMG 2ৰ টীজাৰ মুকলি হোৱাৰ পিছতে অক্ষয় কুমাৰৰ এটা Video ভাইৰেল; “ভগৱানৰ মূৰ্তি”ৰ ওপৰত গাখীৰ আৰু তেল ঢলাক লৈ কৰিছিল প্ৰশ্ন

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -