30 C
Guwahati
Friday, April 26, 2024

Joe Biden Falls: আকৌ বাগৰি পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন; মঞ্চতে বালিৰ বেগত খালে উজুটি, তাৰ পিছত…Watch Video

Joe Biden Falls: অৱশ্যে এই ঘটনাত তেওঁ আহত হোৱা নাই বা কোনো ধৰণৰ ক্ষতি হোৱা নাই বুলি খবৰ পোৱা গৈছে।বৰ্তমান জো বাইডেনৰ বয়স ৮০ বছৰ

Must Read

Joe Biden Falls Air Force Graduation Ceremony: আমেৰিকাৰ কলোৰাডোত আমেৰিকা বায়ু সেনা একাডেমীত (US Air Force Academy) এখন স্নাতক সমাৰোহৰ সময়ত ৰাষ্ট্ৰপতি জো বাইডেন (Joe Biden) মঞ্চত বালিৰ বস্তাত (Sandbag) উজুটি খাই বাগৰি পৰে।

যাৰ ফলত তেওঁৰ বয়সক লৈ আকৌ এবাৰ বিতৰ্কৰ সৃষ্টি হৈছে (Joe Biden Falls At US Air Force Academy Graduation Ceremony)

Joe Biden Falls

অৱশ্যে, বাগৰি পৰাৰ পিছত তেওঁক কেইছেকেণ্ডৰ ভিতৰতে নিৰাপত্তাৰক্ষীয়ে দুয়োহাতেৰে ওপৰলৈ উঠাই দিয়ে আৰু তেওঁক তেওঁৰ আসনলৈ ধৰি লৈ যায়। ৮০ বছৰীয়া আমেৰিকা ৰাষ্ট্ৰপতি বাইডেনে (Us President Joe Biden) আগতেওঁ কেইবাবাৰো বাগৰি পৰিছিল (Joe Biden Falls)

অৱশ্যে এই ঘটনাত তেওঁ আহত হোৱা নাই বা কোনো ধৰণৰ ক্ষতি হোৱা নাই বুলি খবৰ পোৱা গৈছে।
বৰ্তমান জো বাইডেনৰ বয়স ৮০ বছৰ। তেওঁ আমেৰিকাৰ (America) ইতিহাসৰ আটাইতকৈ বয়সীয়াল ৰাষ্ট্ৰপতি।

এই অনুষ্ঠানত ৯২১ জন স্নাতক কেডেটৰ প্ৰতিজনৰ সৈতে বাইডেনে হাত মিলাইছিল বুলি জানিব পৰা গৈছে। ইয়াৰ বাবে তেওঁ প্ৰায় ডেৰ ঘণ্টা ধৰি থিয় হৈ থাকিবলগীয়া হৈছিল।

হোৱাইট হাউছৰ যোগাযোগ সঞ্চালক বেন লাবল্টে কয় যে বাইডেনে বৰ্তমান ভালে আছে। জানিবলৈ দিয়া অনুসৰি বাইডেন টেলিপ্ৰম্পটাৰ ৰখাৰ বাবে ব্যৱহাৰ কৰা বালিৰ বস্তাত (Sandbag) উজুটি খাই পৰিছিল (Joe Biden Falls)

Photo: Google

লগতে পঢ়কঃ Assam Police Property list: কিহৰ ভয়ত দিয়া নাই এচাম আৰক্ষী বিষয়াই সম্পত্তিৰ তথ্য? তালিকাত আছে জোনমণিৰ মৃত্যুৰ সৈতে সাঙোৰ খোৱা ৩ আৰক্ষী বিষয়াৰ নামো…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -