33.1 C
Guwahati
Friday, May 3, 2024

Raksha Bandhan 2023: কাইলৈ ৰাখীবন্ধন; পিছে জানেনে কোনটো ৰঙৰ ৰাখী শুভ নহয়? লগতে পিন্ধোৱাৰ পিছত কেতিয়া খুলিব লাগে? ভাতৃ-ভগ্নীক পিন্ধোৱাৰ আগতে জানি লওক এইবোৰ কথা

Raksha Bandhan 2023: ৰাখী পিন্ধোৱাৰ আগত বা সেই সময়ত যিদৰে কিছুমান নিয়ম পালন কৰিবলগীয়া হয়, ঠিক তেনেদৰে পিন্ধোৱাৰ পিছতো কিছুমান ৰীতি–নীতি পালন কৰিবলগীয়া হয়

Must Read

Raksha Bandhan 2023 Ceremony: ৰাখীবন্ধন উৎসৱ (Rakhi Festival 2023) এইবাৰ দুদিনীয়াকৈ উদযাপন কৰা হ’ব।

৩০ আগষ্টত (কাইলৈ) এই দিৱস আৰম্ভ হ’ব আৰু ভদ্ৰ কালৰ বাবে ৩১ আগষ্টতটো (পৰখি) ৰাখীবন্ধনৰ ৰীতি-নীতি পালন কৰিব পাৰিব।

ভাতৃ-ভগ্নীসকলৰ বাবে ৰাখীবন্ধন এক গুৰুত্বপূৰ্ণ উৎসৱ (Raksha Bandhan, A Festival Celebrating The Bond Between Brothers And Sisters)

এই দিনটোত ভগ্নীসকলে প্ৰেমৰ প্ৰতীক হিচাপে নিজ ভাতৃসকলৰ হাতত ৰাখী তথা পবিত্ৰ সূতা বান্ধে। ইয়াৰ বিনিময়ত ভাতৃসকলেও ভগ্নীক উপহাৰ আগবঢ়ায় আৰু লগতে গোটেই জীৱন সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে (Raksha Bandhan 2023)

সম্পৰ্কৰ বান্ধোনৰ পৱিত্ৰতাৰ প্ৰতীক ৰাখী পূৰ্ণিমা (Rakhi Purnima 2023) বা ৰক্ষাবন্ধন অনুষ্ঠান। কিন্তু প্ৰতিটো অনুষ্ঠানৰ দৰে ইয়াৰ সৈতে জড়িত হৈ আছে কিছুমান ৰীতি-নীতি। যিবোৰৰ ওপৰত সংসাৰৰ শুভ-অশুভ নিৰ্ভৰ কৰে বুলি প্ৰচলিত বিশ্বাস আছে।

সেইবাবে ৰাখী পিন্ধোৱাৰ আগত জানি লওক ইয়াৰ সৈতে জড়িত কিছুমান কথা (Raksha Bandhan 2023 Ceremony)-

১. ৰাখী পিন্ধোৱাৰ আগত আৰু সেই সময়ত যিদৰে কিছুমান নিয়ম পালন কৰিবলগীয়া হয়, ঠিক তেনেদৰে কিছুমান ৰীতি-নীতি পালন কৰিবলগীয়া হয় ৰাখী পূৰ্ণিমাৰ পিছতো।

Raksha Bandhan 2023 Ceremony

২. জ্যোতিষীয়ে কোৱা অনুসৰি ৰাখী কেতিয়া হাতৰ পৰা খোলা হ’ব তাৰ কোনো নিৰ্দিষ্ট নিয়ম নাই। কিন্তু কোৱা হয় যে পিন্ধোৱাৰ ২৪ঘণ্টাৰ ভিতৰত হাতৰ পৰা ৰাখী খুলিব লাগে (Raksha Bandhan 2023 Ceremony)

৩. ৰাখী পূৰ্ণিমাৰ পিছত এক পক্ষকাল পিতৃপক্ষ আৰম্ভ হয়। এই সময়ত হাতত ৰাখী পিন্ধি থাকিলে অশুভ শক্তিৰ প্ৰভাৱ বাঢ়ে বুলি কোৱা হয়। এবছৰ ধৰি কেতিয়াও ৰাখী পিন্ধি থকা উচিত নহয়।

৪. ৰাখী পিন্ধাৰ ২৪ ঘণ্টা পিছত সেয়া হাতৰ পৰা খুলি পেলাই পানীত বিসৰ্জন দিব লাগে। বা সেই ৰাখীটো গছতো বান্ধি থ’ব পাৰে। নাইবা ৰাখিব পাৰে কোনো শুদ্ধ স্থানত (Raksha Bandhan 2023 Ceremony)

৫. সাধাৰণ ৰাখী নিপিন্ধিলেও বিশেষভাৱে অৰ্ডাৰ কৰি তৈয়াৰ কৰা সোণ বা ৰূপৰ ৰাখী বছৰজুৰি পিন্ধিব পাৰে। ধাতুৰ সংস্পৰ্শত জীৱনত ধন-সম্পদ আৰু সমৃদ্ধি আহে।

৬. ক’লা ৰঙৰ (Black Colour) ৰাখী বা ক’লা সূতাৰে গঁথা ৰাখী কিনিব নালাগে। সেয়া সংসাৰৰ বাবে অশুভ হয় বুলি বিশ্বাস কৰা হয় (Raksha Bandhan 2023 Ceremony)

Raksha Bandhan 2023 Ceremony

Photo: Google

লগতে পঢ়কঃ Tinsukia Boy Died Drugs Overdose: বৰবিহস্বৰূপ ড্ৰাগছ্! অত্যাধিক ড্ৰাগছ্ লয় অকালতে প্ৰাণ হেৰুৱালে এজন কম বয়সৰ যুৱকে; কিন্তু পৰিয়ালৰ সন্দেহ- পুত্ৰৰ মৃত্যুত আছে ৰহস্য…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -