32 C
Guwahati
Friday, May 17, 2024

Nazira Women Police Harrased: “শুভলক্ষ্মী”ৰ প্ৰতি ইমান দৰদ কিয়? ৩ দিন উকলিল কিন্তু আজিপৰ্যন্ত নিলম্বন বা গ্ৰেপ্তাৰ হোৱা নাই এইগৰাকী মহিলা আৰক্ষী বিষয়া; বনকৰা মহিলাৰ গাত গৰম পানী ঢলাৰ লগতে “গুপ্তাংগত” সানিছিল জলকীয়া…

Nazira Women Police Harrased: ২৬ আগষ্টত নাজিৰাত সংঘটিত হোৱা এই কাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য

Must Read

Nazira Women Police Harrased Case: “শুভলক্ষ্মী”ৰ প্ৰতি ইমান দৰদ কিয়? এজাহাৰো দাখিল কৰিলে কিন্তু আজিপৰ্যন্ত গ্ৰেপ্তাৰ হোৱা নাই নাজিৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্ত (Nazira Women Police Harrased Case)।

২৬ আগষ্টত নাজিৰাত সংঘটিত হোৱা এই কাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য।

ভুক্তভোগী মহিলা

এজাহাৰত উল্লেখ কৰা অনুসৰি নাজিৰা মহকুমাৰ আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই (Subhalakshmi Dutta) তেওঁৰ ঘৰত বনকৰা মহিলাগৰাকীৰ গাত গৰমপানী ঢালি শাৰীৰিক নিৰ্যাতন চলায়।

Nazira Women Police Harrased

মহিলাগৰাকীক বাথৰুমত ভৰাই শৰীৰত গৰমপানী ঢালে (Housemaid Harrased By Nazira Women Police)। কেৱল ইমানতেই ক্ষান্ত নাথাকি কাম কৰা মহিলাগৰাকীৰ গুপ্তাংগতো আৰক্ষী বিষয়া শুভলক্ষ্মীয়ে সানিছিল জলকীয়া।

Nazira Women Police Harrased

মন গ’লেই বন কৰা মহিলাগৰাকীক বেলনা মাৰিৰে কোবাই আহত কৰে। কেৱল শুভলক্ষ্মীয়ে নহয় তেওঁৰ কন্যাইও মহিলাগৰাকীক ঘুচিয়াই আৰু গুৰিয়াইছিল।

লগতে পঢ়কঃ Nazira Women Police Case: নাম শুভলক্ষ্মী, কিন্তু কাম এয়া! “ঘোচ” লৈ নহয়; এইবাৰ আন এক কু-কাণ্ডৰে “খাকী পোছাক”ত লগালে দাগ! এইগৰাকী মহিলা আৰক্ষী বিষয়াৰ কু-কীৰ্তি শুনিলে আপুনিও হ’ব আচৰিত…

এই ঘটনাৰ পিছতে নাজিৰা আদৰ্শ আৰক্ষী থানাত গোচৰ তৰিছিল ভুক্তভোগী মহিলাগৰাকীয়ে (Nazira Women Police Case)। অনিমা প্ৰজা নামৰ বনকৰা মহিলাগৰাকীয়ে এজাহাৰত উল্লেখ কৰিছিল সকলো কথা।

মহিলাগৰাকীৰ দেহত স্পষ্টকৈ দেখা পোৱা গৈছিল আঘাতসমূহ। শৰীৰত নিৰ্যাতনৰ দাগসমূহ দেখি আটছাই (AATSA) মহিলাগৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাই নাজিৰা আৰক্ষী (Nazira Police) চকীলৈ লৈ গৈছিল।

ইয়াৰ পিছতে একাংশই আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ। কিন্তু এই ক্ষেত্ৰত আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। যাৰ বাবে ডিজিপি জিপি সিঙে (DGP GP Singh) ঘটনাৰ উচিত তদন্ত হ’ব বুলি আশ্বাস দিছিল (Assam Police)

কিন্তু ৩ দিন উকলিল কিন্তু এতিয়াও মুকলি আকাশৰ তলত স্বাধীনমনে ঘূৰি ফুৰিছে নাজিৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তই (Nazira Women Police Harrased)। গ্ৰেপ্তাৰটো বাদেই দিয়ক এই পৰ্যন্ত নিলম্বন বা কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে।

গতিকে এতিয়া এটাই প্ৰশ্ন উত্থাপন হৈছে যে শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে কেতিয়া উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব (Nazira Women Police Harrased)?

Photo: Batori24

লগতে পঢ়কঃ Raksha Bandhan 2023: কাইলৈ ৰাখীবন্ধন; পিছে জানেনে কোনটো ৰঙৰ ৰাখী শুভ নহয়? লগতে পিন্ধোৱাৰ পিছত কেতিয়া খুলিব লাগে? ভাতৃ-ভগ্নীক পিন্ধোৱাৰ আগতে জানি লওক এইবোৰ কথা

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -