37 C
Guwahati
Thursday, May 16, 2024

Nazira Women Police Case: নাম শুভলক্ষ্মী, কিন্তু কাম এয়া! “ঘোচ” লৈ নহয়; এইবাৰ আন এক কু-কাণ্ডৰে “খাকী পোছাক”ত লগালে দাগ! এইগৰাকী মহিলা আৰক্ষী বিষয়াৰ কু-কীৰ্তি শুনিলে আপুনিও হ’ব আচৰিত…

Nazira Women Police Case In Assam: পুনৰ খাকী পোছাকত দাগ লগালে অসম আৰক্ষীৰ (Assam Police) এগৰাকী বিষয়াই!

Must Read

Nazira Women Police Case In Assam: পুনৰ খাকী পোছাকত দাগ লগালে অসম আৰক্ষীৰ (Assam Police) এগৰাকী বিষয়াই! “ঘোচ” লৈ নহয়; এইবাৰ আন এক কু-কাণ্ডৰে অসম আৰক্ষীৰ নামত কালিমা সানিলে।

খোদ আৰক্ষীৰ গৃহতে এগৰাকী বনকৰা মহিলা নিৰ্যাতিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (Housemaid Harrased By Nazira Women Police)। এইগৰাকী মহিলা আৰক্ষী বিষয়া, নাম শুভলক্ষ্মী দত্ত। পেছাত নাজিৰাৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া।

পিছে এখেতৰ কৰ্ম কাণ্ড দেখিলে আপোনাৰো চকু কপালত উঠিব। এইগৰাকী পূৰ্বৰ নাজিৰা মহকুমাৰ আৰক্ষী বিষয়া তথা বৰ্তমান চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তই দীৰ্ঘদিনে চলাই আহিছে ঘৰত বনকৰা মহিলাৰ ওপৰত নিৰ্যাতন (Nazira Women Police Case)

Nazira Women Police Case Nazira Women Police Case

সাধাৰণ মাৰধৰো নহয় গৰম পানী ঢলাৰ দৰে নিকৃষ্ট কাণ্ড কৰে এইগৰাকী মহিলা আৰক্ষী বিষয়াই (Nazira Police)

আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ (SP Subhalakshmi Dutta) এনে কাণ্ডক এটিয়া তীব্ৰ গৰিহনা দিছে নাজিৰাৰ সচেতন সমাজে তথা আটছাই। উল্লেখযোগ্য যে, ইতিমধ্যে নাজিৰা আদৰ্শ আৰক্ষী থানাত গোচৰ তৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে (Nazira Women Police Case)

মহিলাগৰাকীয়ে এজাহাৰত উল্লেখ কৰা মতে অনিমা প্ৰজা নামৰ বনকৰা মহিলাগৰাকীক গাত গৰম পানী ঢালি, বাথৰুমত ভৰাই অকথ্য নিৰ্যাতন কৰি আহিছে আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই।

শৰীৰত নিৰ্যাতনৰ দাগসমূহ দেখি আটছাই (AATSA) মহিলাগৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাই নাজিৰা আৰক্ষী চকীলৈ লৈ যায়। সমান্তৰালকৈ এই ঘটনা সন্দৰ্ভত আটছাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি উচিত তদন্তৰ দাবী কৰিছে।

Photo & Input: Batori24

লগতে পঢ়কঃ Home Vastu Tips: ঘৰত “টকা-পইচা”ৰ অভাৱ হৈছে নেকি? যদি হৈছে তেন্তে আজিয়েই ঘৰৰ পৰা বাহিৰ কৰক এইবোৰ বস্তু; ঘৰলৈ আহিব সুখ-শান্তি! পিছে জানো আহক কি কি?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -