22.3 C
Guwahati
Friday, May 3, 2024

Neeraj Chopra Wins Gold: ভাৰতৰ হাতত পৰাস্ত পাকিস্তান! ইতিহাস সৃষ্টিৰে আকৌ স্বৰ্ণপুত্ৰৰ স্বৰ্ণজয়; বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক আজুৰিলে নীৰজ চোপ্রাই

Neeraj Chopra Wins Gold: হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত পুৰুষৰ জেভলিন থ্ৰ' ইভেণ্টৰ ফাইনেলত পাকিস্তানৰ আৰ্ছাদ নাদীমক পৰাস্ত কৰে নীৰজ চোপ্ৰাই

Must Read

Neeraj Chopra Wins Gold World Athletics Championships 2023: পুনৰ দেশলৈ গৌৰৱ কঢ়িয়ালে অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰাই।

সোমবাৰে নীৰজ চোপ্ৰাই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক লাভ কৰে (Neeraj Chopra Wins Gold Medal In Men’s Javelin)

হাংগেৰীৰ বুডাপেষ্টত (Hungary Budapest) অনুষ্ঠিত পুৰুষৰ জেভলিন থ্ৰ’ ইভেণ্টৰ ফাইনেলত পাকিস্তানৰ আৰ্ছাদ নাদীমক (Pakistan’s Arshad Nadeem) পৰাস্ত কৰে নীৰজ চোপ্ৰাই।

Neeraj Chopra Wins Gold

নাদীমক এক মিটাৰতকৈও কম ব্যৱধানত পৰাস্ত কৰি ইতিহাস ৰচনা কৰে ভাৰতীয় খেলুৱৈজনে (Neeraj Chopra Wins Gold)

Neeraj Chopra Wins Gold

অলিম্পিক আৰু বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণপদয় জয়ী ভাৰতৰ দ্বিতীয়জন খেলুৱৈ হ’ল নীৰজ চোপ্ৰা (World Athletics Championships Gold Medallist)। ইয়াৰ পূৰ্বে ভাৰতৰ হৈ এই অভিলেখ ৰচিছিল অভিনৱ বিন্দ্ৰাই।

প্ৰথম চেষ্টাত ফাউল কৰে নীৰজ চোপ্ৰাই। ইয়াৰ পিছত দ্বিতীয় চেষ্টাত তেওঁ ৮৮.১৭ মিটাৰ জেভলিন দলিয়াই। তৃতীয়বাৰ নীৰজ চোপ্ৰাই ৮৬.৩২ মিটাৰ পাৰ কৰে।

জাৰ্মান তাৰকা জুলিয়ান ৱেবাৰে ৮৫.৭৯ মিটাৰ দূৰত্ব অতিক্ৰম কৰে। চতুৰ্থ প্ৰচেষ্টাত ৮৪.৬৪ মিটাৰ দলিয়ায় নীৰজে। পঞ্চম প্ৰচেষ্টা ৮৭.৭৩ মিটাৰ জেভলিন থ্ৰ’ কৰে ভাৰতৰ স্বৰ্ণপুত্ৰই।

অন্তিম প্ৰচেষ্টাত ৮৩.৯৮ মিটাৰ দলিয়ায় নীৰজ চোপ্ৰাই (Neeraj Chopra Wins Gold)

পাকিস্তানৰ তাৰকা আৰছাদ নাদিমে তৃতীয় প্ৰচেষ্টাত ৮৭.৮২ মিটাৰ পাৰ কৰিছিল। তেওঁ নীৰজৰ পিছতে আছিল সেই সময়ত। শেষতো নীৰজৰ পিছতে থাকে আৰছাদ।

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণজয় কৰি পুনৰ এ‍বাৰ দেশক গৰ্বিত কৰিলে ভাৰতৰ স্বৰ্ণপুত্ৰই (Neeraj Chopra Wins Gold)। বিশ্ব চেম্পিয়নশ্বিপত একাধিক পদক লাভ কৰি নীৰজে প্রথম ভাৰতীয় খেলুৱৈ হিচাপে কৃতিত্ব অৰ্জন কৰে।

নীৰজ চোপ্ৰাৰ উপৰি আন এজন ভাৰতীয় কিশোৰ জিনাৰে প্ৰতিযোগিতাত পঞ্চম স্থান দখল কৰে।

তেওঁ ৮৪.৭৭ মিটাৰ দলিয়াই পঞ্চম স্থান অধিকাৰ কৰে। আনহাতে ৮৪.১৪ মিটাৰেৰে ডি পি মনুই ষষ্ঠ স্থান দখল কৰে (Neeraj Chopra Wins Gold)

Photo: Google

লগতে পঢ়কঃ Nazira Women Police Case: নাম শুভলক্ষ্মী, কিন্তু কাম এয়া! “ঘোচ” লৈ নহয়; এইবাৰ আন এক কু-কাণ্ডৰে “খাকী পোছাক”ত লগালে দাগ! এইগৰাকী মহিলা আৰক্ষী বিষয়াৰ কু-কীৰ্তি শুনিলে আপুনিও হ’ব আচৰিত…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -