28 C
Guwahati
Saturday, May 4, 2024

Guwahati Extra Marital Murder: পৰকীয়া প্ৰেম, হত্যা আৰু আত্মহত্যা! প্ৰেমিকৰ বাবে স্বামী-সন্তানক এৰিলে “ৰীতাই”; পলোৱাৰ আগতে স্বামী-সন্তানৰ ভাঙিলে হাত-ভৰি, আকৌ কিছুদিন পিছত ঘূৰিও আহিল স্বামীৰ ওচৰলৈ…তাৰ পিছত প্ৰেমিক “নিৰঞ্জনে” ল’লে এই ৰূপ

Guwahati Extra Marital Murder Case: পৰকীয়া প্ৰেমৰ বাবেই নিঃশেষ হ'ল বৰাগাঁৱৰ এটা পৰিয়াল। গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এই জঘন্য কাণ্ডটো

Must Read

Guwahati Extra Marital Murder Case: পৰকীয়া প্ৰেমৰ বাবেই নিঃশেষ হ’ল বৰাগাঁৱৰ (Boragaon) এটা পৰিয়াল। গুৱাহাটী মহানগৰীত (Guwahati) সংঘটিত হৈছে এই জঘন্য কাণ্ডটো।

প্ৰথমে প্ৰেমিকে হত্যা কৰিলে বিবাহিত প্ৰেমিকাক আৰু তাৰ পিছত প্ৰেমিকাৰ ঘৰতে আত্মহত্যা প্ৰেমিকৰ (Lover Suicide After Kills Girlfriend)। আত্মহত্যাৰ পূৰ্বে প্ৰেমিকাৰ স্বামী আৰু দুই সন্তানকো আক্ৰমণ কৰে অবৈধ প্ৰেমিকে। নিৰঞ্জন গোহাঁই (Niranjan Gohain) নামৰ লোকজনে সংঘটিত কৰে এই লোমহৰ্ষক ঘটনাটো।

ঘটনাটো জানিবলৈ দিয়া অনুসৰি, নিৰঞ্জন গোহাঁই নামৰ লোকজনৰ বিবাহিত মহিলাগৰাকীৰ সৈতে অবৈধ সম্পৰ্ক আছিল। প্ৰায় ৩ বছৰ পূৰ্বে দুয়ো চিনাকী হৈছিল আৰু তাৰ পিছত তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক আৰম্ভ হৈছিল (Guwahati Extra Marital Murder)

Guwahati Extra Marital Murder
প্ৰেমিকা ৰীতা দাস

 

১৩ বছৰৰ পূৰ্বে অৱণী দাস নামৰ লোকজনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৰীতা দাস (Rita Das) নামৰ মৃত মহিলাগৰাকী।

৩ মাহ পূৰ্বে অবৈধ প্ৰেমিক নিৰঞ্জনৰ সৈতে পলাই গৈছিল ৰীতা। স্বামী আৰু দুই সন্তানক মৰিয়াই হাত-ভৰি ভাঙি পেলাই থৈ পলাই গৈছিল ৰীতা আৰু প্ৰেমিক নিৰঞ্জনে (Man Kills Married Lover; Batters Her Husband, 2 Kids)

Guwahati Extra Marital Murder

দুয়োৰে আক্ৰমণত গুৰুতৰভাবে আহত হৈছিল মহিলাগৰাকীৰ স্বামী। সেই অৱস্থাতে স্বামীক এৰি নিৰঞ্জনৰ লগত গৈছিল পলাই।

স্থানীয় লোকে জনোৱা মতে কিছুদিন আগতে মহিলাগৰাকীয়ে প্ৰেমিক নিৰঞ্জনক এৰি পুনৰ স্বামীগৃহলৈ উভতি আহিছিল। মহিলাগৰাকীৰ এইবোৰ দেখি অতিষ্ঠ হৈছিল প্ৰেমিক নিৰঞ্জন।

আৰু এই খঙতে নিশা নিৰঞ্জনে এই জঘন্য ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে (Guwahati Extra Marital Murder)

ঘটনাটো অনুসৰি, দেওবাৰে নিশা প্ৰেমিক নিৰঞ্জন অবৈধ প্ৰেমিকা ৰীতাৰ ঘৰলৈ আহে। প্ৰথমে নিৰঞ্জনে ৰীতাৰ ঘৰৰ পোহনীয়া কুকুৰটোক মৰিয়াই মৰিয়াই হত্যা কৰে (Niranjan Had Also Killed Their Pet Dog Before Entering The House)। তাৰ পিছতে ৰীতাৰ দুই সন্তানক লোৰ ৰডেৰে আক্ৰমণ কৰে।

লগতে প্ৰেমিকা ৰীতাৰ স্বামী অৱণী দাসক (Abani Das, 34) উপৰ্যুপৰি আক্ৰমণ কৰাত স্বামীক বচাবলৈ যাওঁতে ৰীতা দাসকো আক্ৰমণ কৰে নিৰঞ্জনে। লোৰ পাইপ আৰু তৰোৱালেৰে ঘপিয়াই প্ৰেমিকা ৰীতাক।

এই আক্ৰমণত প্ৰেমিকাৰ থিতাতে মৃত্যু হয়। হত্যাকাণ্ড সংঘটিত কৰি একেটা কোঠাতে নিৰঞ্জনেও আত্মহত্যা কৰে।

উল্লেখযোগ্য যে স্বামী অৱণী দাসসহ দুই সন্তান বৰ্তমান চিকিৎসাধীন। আহত এটি সন্তানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

এই ঘটনাটোৰ পিছতে বৰাগাঁৱৰ গাৰোঘুলিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাস্থলীত গড়চুক আৰক্ষী (Garchuk Police) উপস্থিত হৈ মহিলাগৰাকী আৰু প্ৰেমিক নিৰঞ্জনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে (Guwahati Extra Marital Murder)

মন কৰিবলগীয়া যে পূৰ্বেও নিৰঞ্জনে কাটিছিল নিজ পিতৃক। পূৰ্বে বিবাহিত আছিল নিৰঞ্জন গোহাঁই। শিলচৰ থাকে নিৰঞ্জনৰ পত্নী।

Photo: Batori24

লগতে পঢ়কঃ Neeraj Chopra Wins Gold: ভাৰতৰ হাতত পৰাস্ত পাকিস্তান! ইতিহাস সৃষ্টিৰে আকৌ স্বৰ্ণপুত্ৰৰ স্বৰ্ণজয়; বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক আজুৰিলে নীৰজ চোপ্রাই

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -