40 C
Guwahati
Friday, May 3, 2024

Home Vastu Tips: ঘৰত “টকা-পইচা”ৰ অভাৱ হৈছে নেকি? যদি হৈছে তেন্তে আজিয়েই ঘৰৰ পৰা বাহিৰ কৰক এইবোৰ বস্তু; ঘৰলৈ আহিব সুখ-শান্তি! পিছে জানো আহক কি কি?

Home Vastu Tips For Money: বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি ঘৰৰ প্ৰতিটো বস্তুতে ইতিবাচক (Positive Energy) আৰু নেতিবাচক দুয়োটাই শক্তি থাকে

Must Read

Home Vastu Tips For Money: বাস্তু শাস্ত্ৰৰ (Vastu Shastra) নিয়ম অনুসৰি ঘৰৰ প্ৰতিটো বস্তুতে ইতিবাচক (Positive Energy) আৰু নেতিবাচক (Negative Energy) দুয়োটাই শক্তি থাকে। যিয়ে ঘৰখনৰ মানুহখিনিৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায়।

ইতিবাচক শক্তিয়ে ঘৰলৈ যেনেকৈ সুখ আৰু সমৃদ্ধি আনে। ঠিক তেনেদৰে ঋণাত্মক বা নেতিবাচক শক্তিয়ে জীৱনলৈ বহু সমস্যাৰ আগমন ঘটায় (Home Vastu Tips For Money)

সেয়েহে ঘৰত যিকোনো বস্তু থওঁতে সদায়েই সচেতন হ’ব লাগে। এই কথাটোত গুৰুত্ব দিয়েই কিছুমান সামগ্ৰী তৎক্ষণাৎ ঘৰৰ পৰা আঁতৰাব লাগে। অন্যথা আপোনাৰ আৰ্থিক অৱস্থা অধিক বেয়াৰ ফালে গতি কৰিব পাৰে।

গতিকে আহক জানি লওক কি কি বস্তু আজিয়েই ঘৰৰ পৰা বাহিৰ কৰিব লাগিব (Home Vastu Tips For Money)-

১. যদি আপোনাৰ ঘৰত ভঙা কাঁচৰ গিলাচ বা আইনা আছে (Broken Glass),তেন্তে আজিয়েই ঘৰৰ পৰা বাহিৰ কৰক। লগতে আপোনাৰ ঘৰৰ খিৰিকীও যদি কেনেবাকৈ ভাঙিছে, তেন্তে সোনকালে সলনি কৰক। ভঙা কাঁচে নেতিবাচক শক্তিক আকৰ্ষণ কৰে।

Home Vastu Tips

২. যদি আপোনাৰ ঘৰৰ মন্দিৰত ভগৱানৰ ফটা ফটো বা ভঙা মূৰ্তি আছে, তেন্তে সেইবোৰ আজিয়েই আঁতৰাওক। ই আপোনাৰ টকা-পইচা অভাৱ কৰোৱায়।

৩. যদি কপৌ চৰায়ে আপোনাৰ ঘৰত বাঁহ সাজিছে, তেন্তে লগে লগে আঁতৰাওক। ই ঘৰৰ সদস্যৰ অৰ্থনৈতিক প্ৰগতিত বাধা দিয়ে।

Home Vastu Tips

৪. যদি ফটা আৰু পুৰণি কাপোৰ ঘৰত থাকে, তেন্তে ই শুক্ৰ গ্ৰহত অশুভ প্ৰভাৱ পেলায়। ইয়াৰ ফলত জীৱনত বিত্তীয় সমস্যা হয়। সেয়েহে ঘৰত ফটা আৰু পুৰণি কাপোৰ ভুলতো নাৰাখিব (Home Vastu Tips)

৫. ফটা আৰু পুৰণি জোতাও ঘৰত নাৰাখিব। কিয়নো এইসমূহ ঘৰত থাকিলে ঘৰৰ সদস্যসকলে বিভিন্ন ধৰণৰ বিবাদৰ সন্মুখীন হ’বলগীয়া হয় আৰু বিত্তীয় পৰিস্থিতিৰ ওপৰতো ই বেয়া প্ৰভাৱ পেলায়।

Home Vastu Tips

৬. যদি ঘৰত মহাভাৰতৰ যুদ্ধ, নটৰাজৰ মূৰ্তি, তাজমহল, ডুব যোৱা নাও, ঝৰ্ণা, বন্য জন্তু, সমাধি আৰু কাঁইটীয়া উদ্ভিদৰ ফটো আছে, তেন্তে সেইবোৰ ততালিকে আঁতৰাই পেলাওঁক। ইয়াৰ ফলত নেতিবাচক আৱেগৰ বিকাশ হয় আৰু ঘৰৰ সদস্যসকলৰ জীৱনত বেয়াৰ উপৰি বেয়া ঘটনা ঘটা আৰম্ভ হয়।

৭. ঘৰত বেয়া তলা থকাতোও অশুভ বুলি গণ্য কৰা হয়। কিয়নো বেয়া তলাই ঘৰৰ সদস্যৰ প্ৰগতিত বাধা দিয়ে (Home Vastu Tips)

৮. ঘৰত কাঁইটীয়া উদ্ভিদ থকাটোও বাস্তুৰ মতে অশুভ বুলি গণ্য কৰা হয়। এনে উদ্ভিদে ধন সম্পৰ্কীয় সমস্যাৰ লগতে অন্যান্য সমস্যাও বৃদ্ধি কৰে।

Photo: Google

লগতে পঢ়কঃ Barpeta Cheater Husband: “খান”ৰ বিয়াত খেলিমেলি! প্ৰথম বিয়া ১৭ বছৰত; ২১ বছৰত “দ্বিতীয় বিয়া” কৰাবলৈ লওতে ধুমুহা হৈ আহিল “প্ৰথমা পত্নী” আৰু ২ সন্তান, তাৰ পিছত লাগিল হুৱাদুৱা…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -