28 C
Guwahati
Thursday, May 16, 2024

Mango Leaves Vastu: কৰিলে ভাল, নকৰিলে কাল! “আমৰ পাতে” দূৰ কৰে টকা-পইচাৰ অভাৱ; কেৰিয়াৰত হয় উন্নতি, কিন্তু কেনেকৈ? আহক জানি লওক

Mango Leaves Vastu At Home: বাস্তু শাস্ত্ৰত প্ৰকৃতিক যথেষ্ট গুৰুত্ব দিয়া হৈছে। শাস্ত্ৰ অনুসৰি কিছুমান গছ আৰু উদ্ভিদক অতি শ্ৰদ্ধাৰ বুলি গণ্য কৰা হয়

Must Read

Mango Leaves Vastu At Home: বাস্তু শাস্ত্ৰত প্ৰকৃতিক যথেষ্ট গুৰুত্ব দিয়া হৈছে। শাস্ত্ৰ অনুসৰি কিছুমান গছ আৰু উদ্ভিদক অতি শ্ৰদ্ধাৰ বুলি গণ্য কৰা হয়।

ইয়াৰ ভিতৰত আহে আঁহত গছ, আম গছ আৰু বট গছ। বাস্তু শাস্ত্ৰত আম গছৰ (Mango Leaves) পৰা বহু সমস্যাৰ প্ৰতিকাৰ লাভৰ বিষয়ে উল্লেখ কৰা হৈছে। শুভ কামসমূহত আম গছৰ পাতৰ পৰা কাঠলৈকে ব্যৱহাৰ হয়। আপোনাৰ কিছুমান সমস্যা দূৰ কৰিবলৈ আমৰ পাত কিদৰে ব্যৱহাৰ কৰা হয়, আহক জানো।

আহক জানো “আমৰ পাতে” কেনেদৰে আপোনাৰ টকা-পইচাৰ অভাৱ দূৰ কৰিব (Mango Leaves Vastu At Home)-

লগতে পঢ়কঃ Garlic For Luck: বিশ্বাস কৰক বা নকৰক! নহৰুৱে সলনি কৰিব পাৰে আপোনাৰ ভাগ্য; বৃদ্ধি কৰে উপাৰ্জনো, পিছে জানো আহক কেনেকৈ?

১. ঘৰৰ মূল দুৱাৰত আঁৰিব

Mango Leaves Vastu At Home

বিশ্বাস কৰা হয় যে, আম গছ মংগল গ্ৰহৰ কাৰক। সেয়েহে, যিকোনো কাম কৰাৰ আগতে আম গছৰ পাত ব্যৱহাৰ কৰা হয়। ঘৰৰ মূল দুৱাৰত আম পাত আঁৰি ৰাখিলে ঘৰখনৰ পৰা নেতিবাচক শক্তি আঁতৰ কৰা হয় আৰু সুখ-সমৃদ্ধি আহে।

২. ধনৰ অভাৱ দূৰ হয়

পূজা কৰাৰ সময়ত আমৰ পাতেৰে ঘৰত পানী ছটিয়াব। এই নিয়মে ঘৰৰ মানুহখিনিৰ ধনৰ অভাৱ দূৰ কৰাৰ লগতে ধন লাভৰ সম্ভাৱনাও বৃদ্ধি কৰে (Mango Leaves Vastu At Home)

৩. কেৰিয়াৰত সফলতা

যদি আপোনাৰ কেৰিয়াৰত কোনো বাধা আহি আছে, তেন্তে আম গছৰ গুৰিত পানী দিব। পানী দিয়াৰ পিছত গছজোপাৰ গুৰিত সেৱা কৰিব। এনে কৰাৰ ফলত কেৰিয়াৰৰ সমস্যাবোৰ আঁতৰ হোৱাৰ লগতে সফলতাৰ পথ মুকলি হ’ব (Mango Leaves Vastu At Home)

৪. গোঁসাই ঘৰত ৰাখিব আম পাত

ঘৰৰ গোঁসাইঘৰত আমৰ পাত ৰখাটোও অতি শুভ বুলি গণ্য কৰা হয়। গোঁসাইঘৰত থকা ভগৱান গণেশৰ মূৰ্তি বা ফটোৰ ওচৰত আম পাত ৰাখিব। এনে কৰিলে ঘৰত কেতিয়াও ধনৰ অভাৱ নহ’ব আৰু মা লক্ষ্মীৰ আশীৰ্বাদপ্ৰাপ্ত হ’ব।

৫. সুখী হয় হনুমানজী

Mango Leaves Vastu At Home

জ্যোতিষীয় বিশ্বাস অনুসৰি, আম হনুমানজীৰ আটাইতকৈ প্ৰিয় ফল। আমৰ পাতত চন্দন কাঠেৰে ‘জয় শ্ৰী ৰাম’ লিখক আৰু হনুমানজীক আগবঢ়াওক। ইয়াৰ ফলত পৰিয়ালটোৱে বজৰংবলীৰ আশীৰ্বাদ লাভ কৰিব (Mango Leaves Vastu At Home)

Photo: Google

লগতে পঢ়কঃ Biswanath Husband Murder: পৰকীয়া প্ৰেম আৰু হত্যা! স্বামীৰ বন্ধুৰ সৈতে পত্নীৰ হ’ল প্ৰেম; স্বামীৰ টকাৰে প্ৰেমিকক কিনি দিলে “বুলেট”, তাৰ পিছত পত্নীয়ে হত্যা কৰিলে স্বামীক, অৱশেষত গ্ৰেপ্তাৰ পত্নী আৰু জীম ট্ৰেইনাৰ প্ৰেমিক

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -