22 C
Guwahati
Tuesday, May 7, 2024

Harda Accident: ইয়াকে কয় হয়তো কৰুণ মৃত্যু! গছত খুন্দা মাৰি জ্বলি উঠিল বাহন; স্বামী-স্ত্ৰীসহ ৪জন লোক জীৱন্তে জ্বলি ছাই হয়, ৬ মাহ আগতে হৈছিল বিয়া

Harda Accident 4 Died: মধ্যপ্ৰদেশৰ হৰদাৰ টিমাৰণি থানা এলেকাত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৩ সদস্যসহ ৪ গৰাকীৰ কৰুণ মৃত্যু

Must Read

Harda Accident 4 Died: বুধবাৰে মধ্যপ্ৰদেশৰ (Madhyapradesh) হৰদাৰ টিমাৰণি থানা এলেকাৰ গ্ৰাম নৌছৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়।

এখন গাড়ী অনিয়ন্ত্ৰিত হৈ গছত খুন্দা মাৰে (Car Colided With Tree)।

খুন্দা মৰাৰ পিছত ভয়ংকৰ জুই লাগে, যাৰ ফলত গাড়ীখনত থকা ২ ভাতৃ, বৌসহ ৪জন লোক জীৱন্তে জ্বলি ছাই হৈ যায় (Uncontrollable Car Collided With A Tree Four People Burnt Alive)। দুৰ্ঘটনাত নিহত সকলক বৰকলা ছৰখেদা গাঁৱৰ নিৱাসী অখিলেশ কুশ্বৱাহা, ভাতৃ ৰাকেশ কুশ্বৱাহা, ৰাকেশৰ পত্নী শিৱানী আৰু আনজন আদৰ্শ বুলি চিনাক্ত কৰা হৈছে।

Harda Accident

মৃত লোকসকলৰ বয়স ২৫ৰ পৰা ৩০ বছৰ আছিল। জানিবলৈ দিয়া অনুসৰি বুধবাৰে পুৱা তেওঁলোক গাঁৱলৈ উভতি আছিল। সেই সময়তে এই দুৰ্ঘটনা সংঘটিত (Harda Accident) হয়। জানিবলৈ দিয়া অনুসৰি ৰাকেশৰ ৬ মাহ পূৰ্বে বিয়া হৈছিল।

Harda Accident

জানিব পৰা মতে, অখিলেশ আৰু আদৰ্শ পেছাগতভাৱে ফটোগ্ৰাফী কৰিছিল। মঙলবাৰে তেওঁলোকে ছিহোৰৰ দীপগাঁৱলৈ এক বিবাহ অনুষ্ঠানৰ ফটোগ্ৰাফী কৰিবলৈ গৈছিল।

তাৰ পৰা উভতি অহাৰ পথত অখেলশ আৰু আদৰ্শই নছৰুলগঞ্জত থকা শিৱানীৰ মাতৃগৃহত সোমাই ৰাকেশ আৰু শিৱানীকো লগত লৈ ঘৰলৈ ওভতে।

Harda Accident

কিন্তু পোৰ্খানী গাঁৱৰ সমীপত তেওঁলোকৰ চাৰিচকীয়া বাহনখন নিয়ন্ত্ৰণহীন হৈ পথৰ দাঁতিৰ এজোপা গছত খুন্দা মৰাৰ পিছতে দাউদাউকৈ জ্বলি উঠে (Uncontrollable Car Collided With A Tree And Burnt)

যাৰ ফলতে গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ চাৰিওজনে অকাল মৃত্যুক সাৱটি (Harda Accident 4 Died) লয়। জানিব পৰা মতে, মাত্ৰ ৬ মাহ পূৰ্বে বিবাহ সম্পন্ন হৈছিল ৰাকেশ আৰু শিৱানীৰ।

এটা পেট্ৰ’ল পাম্পত কৰ্মৰত ৰাকেশে বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে পত্নী শিৱানীৰ সৈতে শহুৰেকৰ ঘৰলৈ গৈছিল। তাৰ পৰা ভাতৃৰ গাড়ীত একেলগে ঘৰলৈ ওভতাৰ পথতে অকাল মৃ্ত্যুক সাৱটি লয় আটাইকেইজনে।

Photo: Google

লগতে পঢ়কঃ Astro For Money: “লক্ষ্মী মা”ৰ কৃপা পাবলৈ কৰক এইকেইটা কাম…টকা-পইচাৰে ভৰি পৰিব আপোনাৰ ঘৰ, পিছে জানি লওক কি কি কাম?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -