26 C
Guwahati
Friday, April 26, 2024

Karnataka HC Ruled On Rape: “মৃতদেহক মানুহ বুলি ক’ব নোৱাৰে”- মৃতদেহৰ সৈতে যৌন সম্পৰ্ক (Sexual Assault) গঢ়াটো ভাৰতীয় আইন মতে ধৰ্ষণ নহয়ঃ কৰ্ণাটক উচ্চ ন্যায়ালয়

Karnataka HC Ruled On Rape Dead Bodies: মৃতদেহৰ সৈতে যৌন সম্পৰ্ক গঢ়াটো ভাৰতীয় সংবিধান অনুসৰি ধৰ্ষণ নহয়

Must Read

Karnataka HC Ruled On Rape Dead Bodies: মৃতদেহৰ সৈতে যৌন সম্পৰ্ক গঢ়াটো ভাৰতীয় সংবিধান অনুসৰি ধৰ্ষণ নহয় (Sexual Assault On Dead Body Not Rape, Says Karnataka High Court)।

ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ ধাৰাত ইয়াক অপৰাধ বুলি গণ্য কৰা নহয়।

বুধবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ে (Karnataka High Court) কেন্দ্ৰক (The Union Government) মৃতদেহৰ সৈতে ধৰ্ষণক অপৰাধ হিচাপে গণ্য কৰিবলৈ আৰু ইয়াৰ বাবে শাস্তিৰ ব্যৱস্থা কৰিবলৈ ভাৰতীয় দণ্ডবিধি (আইপিচি)ত সংশোধন কৰিবল নতুন আইন আনিবলৈ কৈছে।

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বি বীৰাপ্পা আৰু ভেংকটেশ নায়েক টিৰ খণ্ড বিচাৰপীঠে ৩০ মে’ৰ নিজৰ ৰায়দানত আইপিচিৰ ধাৰা ৩৭৬ৰ অধীনত এজন লোকক মুকলি কৰাৰ পিছত এই পৰামৰ্শ দিছিল (Division Bench Of Justices B Veerappa And Venkatesh Naik T In An Order On May 30)

কু-কৰ্মৰ সৈতে জড়িত এই ধাৰাত মৃতদেহৰ সৈতে ধৰ্ষণ কৰা লোকৰ বাবে শাস্তিৰ কোনো ব্যৱস্থা কৰা হোৱা নাই (Karnataka HC Ruled On Rape)

অভিযুক্তই এগৰাকী মহিলাক হত্যা কৰাৰ পিছত মহিলাগৰাকীৰ মৃতদেহৰ সৈতে ধৰ্ষণ কৰিছিল। আদালতে আইপিচিৰ ধাৰা ৩০২ (হত্যা)ৰ অধীনত দোষীক কঠোৰ আজীৱন কাৰাদণ্ডৰ লগতে ৫০,০০০ টকাৰ জৰিমনা আৰোপ কৰিছিল।

বিচাৰপীঠে কয়, “যদিও, অভিযুক্তই মৃতদেহৰ সৈতে যৌন সম্পৰ্ক গঢ়িছিল। কিন্তু আইপিচিৰ ধাৰা ৩৭৫ বা ৩৭৭ৰ অধীনত ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি (Karnataka HC Ruled On Rape), কিয়নো এই শাখাবোৰৰ অধীনত মৃতদেহটো মানুহ বা ব্যক্তি বুলি গণ্য কৰিব নোৱাৰি। সেয়েহে, ধাৰা ৩৭৬ৰ অধীনত শাস্তিযোগ্য কোনো অপৰাধ নাই।

বহু ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসালয়ৰ মৰ্গত মৃতদেহ পহৰা দিবলৈ নিয়োজিত একাংশ কৰ্মচাৰীয়ে মৃতদেহৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে। ‘নেক্ৰ’ফিলিয়া’ (মৃতদেহৰ সৈতে যৌন সম্পৰ্ক) (Necrophilia (Sexual Assault On Dead Body) সম্পৰ্কীয় গোচৰৰ শুনানি গ্ৰহণ কৰি কৰ্ণাটক উচ্চ ন্যায়ালয়ে (Karnataka HC) কেন্দ্ৰীয় চৰকাৰক ভাৰতীয় দণ্ডবিধিৰ সংশোধন কৰিবলৈ পৰামৰ্শ দিছে।

ন্যায়াধীশ ভি বিৰাপ্পা আৰু ন্যায়াধীশ নাইকৰ এখন বিভাগীয় বিচাৰপীঠেও ভাৰতীয় দণ্ডবিধিৰ অস্বাভাৱিক যৌনতাৰ অপৰাধৰ সংজ্ঞা নিৰূপণ কৰি নেক্ৰ’ফিলিয়াক অপৰাধ হিচাপে গণ্য কৰাৰ বাবে নতুন আইন প্ৰণয়নৰ আহ্বান জনায় (Karnataka HC Ruled On Rape)

আদালতে ইংলেণ্ড, কানাডা, নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ আইনসমূহৰ উল্লেখ কৰে য’ত নেক্ৰ’ফিলিয়া এক ডাঙৰ অপৰাধ। কিন্তু ভাৰতত ই কোনো অপৰাধ নহয়।

উচ্চ ন্যায়ালয়ৰ মতে, ভাৰতীয় দণ্ডবিধিৰ ৩৭৭ (অস্বাভাৱিক যৌন আচৰণ) ধাৰা অনুসৰি মৃতদেহৰ ওপৰত যৌন নিৰ্যাতনৰ চলোৱাৰ বাবে শাস্তিৰ কোনো ব্যাখ্যা দিব নোৱাৰি। কাৰণ আইনখনে ইয়াৰ বিষয়ে বিশেষ একো কোৱা নাই।

সেয়ে কৰ্ণাটক উচ্চ ন্যায়ালয়ে কৰ্ণাটক চৰকাৰক (Karnataka Govt) কেইবাটাও নিৰ্দেশ জাৰি কৰি কেন্দ্ৰৰ সৈতে বিষয়টো আলোচনা কৰিবলৈ পৰামৰ্শ দিছে। লগতে আদালতে নিৰ্দেশ দিছে যে ৬ মাহৰ ভিতৰত মৃতদেহ ৰখা ঠাইত, যেনে চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ৰ মৰ্গসমূহত চিচিটিভি কেমেৰা স্থাপন কৰিব লাগিব।

Photo: Google

লগতে পঢ়কঃ Harda Accident: ইয়াকে কয় হয়তো কৰুণ মৃত্যু! গছত খুন্দা মাৰি জ্বলি উঠিল বাহন; স্বামী-স্ত্ৰীসহ ৪জন লোক জীৱন্তে জ্বলি ছাই হয়, ৬ মাহ আগতে হৈছিল বিয়া

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -