28 C
Guwahati
Friday, March 29, 2024

Astro For Money: “লক্ষ্মী মা”ৰ কৃপা পাবলৈ কৰক এইকেইটা কাম…টকা-পইচাৰে ভৰি পৰিব আপোনাৰ ঘৰ, পিছে জানি লওক কি কি কাম?

Astro For Money Lifestyle: কিছুমান নিয়ম পালন কৰিলে লক্ষ্মী মাৰ আশীৰ্বাদ পোৱা যায়

Must Read

Astro For Money Lifestyle: টকা নোহোৱাকৈ বিলাসী আৰু আৰামৰ জীৱন এটা কল্পনা কৰাটো যথেষ্ট কঠিন। সেইবাবেই মানুহে ধন-সম্পত্তি উপাৰ্জনৰ বাবে কঠোৰ পৰিশ্ৰমৰ লগতে কৰে সংগ্ৰাম (Astro For Money)।

লক্ষ্মী মাক সন্তুষ্ট কৰিবলৈ বিভিন্ন ধৰণৰ পূজা-অৰ্চনা কৰা হয়। লক্ষ্মী মাক সন্তুষ্ট কৰিবলৈ কি কৰিব লাগে তাৰে উপায় হিন্দু ধৰ্ম আৰু জ্যোতিষ-বাস্তু শাস্ত্ৰত বৰ্ণনা কৰা হৈছে।

কিছুমান নিয়ম পালন কৰি লক্ষ্মী মাৰ আশীৰ্বাদ পোৱা যায় (Astro For Money)। অগাধ ধন-সম্পত্তি আৰু সুখ লাভ কৰে মানুহে।

লগতে পঢ়কঃ Chanakya Advised: এই ৪টা দোষ আপোনাৰো আছে নেকি? যদি আছে তেন্তে সাৱধান, কাৰণ এইকেইটা দোষে মাতি আনে দুৰ্ভাগ্য, ধ্বংস হয় জীৱন! পিছে জানো আহক কি কি?

পিছে জানি লওক কি কি কাম কৰিলে আৰ্শীবাদ পাব লক্ষ্মী মাৰ (Astro For Money)-

১. মাটিৰ কলহ (Earthen Pot)

Astro For Money

মাটিৰ কলহে আপোনাক আৰ্থিক সংকটৰ পৰা সকাহ দিব। আপোনাৰ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব।

ধনী হ’বলৈ মাটিৰ সৰু কলহ এটা লৈ তাত ৫ টকাৰ মুদ্ৰা এটা দিয়ক। তাৰ পিছত তাত চাউল, ঘেঁহু বা যৱৰ দানাৰে কলহটো ভৰাই লওক। তাৰ পিছত এই কলহৰ ওপৰত চাফা ৰঙা কাপোৰ বান্ধি মা লক্ষ্মীৰ মূৰ্তি বা ছবিৰ ওচৰত ৰাখি পূজা কৰিব লাগে।

এই কলহটোদিনে-ৰাতি এনেকৈ ৰাখিব। পাছদিনা আকৌ মহা লক্ষ্মী, কলহটো পূজা কৰক আৰু তাৰ পিছত কলহটো লৈ টকা ৰখা ঠাইত ৰাখক। আপোনাৰ ঘৰত ধন-সম্পদ বাঢ়িবলৈ আৰম্ভ কৰিব।

২. নাৰিকল (Coconut)

Astro For Money

এটা নাৰিকল ৰঙা কাপোৰেৰে মেৰিয়াই লক্ষ্মীৰ দেৱীৰ ওচৰত ৰাখি পূজা কৰিব লাগে। তাৰ পিছত টকাখিনি ৰখা ঠাইত তামোলখিনি থৈ দিব। জ্যোতিষীসকলে কয় যে আপোনাৰ ঘৰত টকাৰ অভাৱ নহ’ব।

৩. লক্ষ্মীনাৰায়ণ মন্দিৰ (Laxmi Narayan Temple)

Astro For Money

যদি সঘনাই ধনৰ ক্ষতি হয় বা ব্যৱসায়ত লোকচান হয় তেন্তে শুকুৰবাৰে লক্ষ্মীনাৰায়ণ মন্দিৰলৈ গৈ পূজা কৰক। পূজাত হালধীয়া চাউল আৰু ৰঙা গোলাপ ফুল আগবঢ়াওক আৰু দেৱী লক্ষ্মীক আপোনাৰ ঘৰলৈ আহবান কৰক। লক্ষ্মী দেৱী ঘৰতে থাকিবলৈ সদায় প্ৰাৰ্থনা কৰক।

Photo: Google

লগতে পঢ়কঃ ASTC Job Lost: ASTCৰ বিভিন্ন পদৰ পৰা চাকৰি হেৰুৱালে ৭৭১জন কৰ্মচাৰীয়ে; বিজ্ঞাপন, Interview অবিহনে পাইছিল চাকৰি! কিন্তু কৰ্মচাৰীৰ দাবী- “আমি লিগেল ইণ্টাৰভিউ দি চাকৰি পাইছো”

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -