26 C
Guwahati
Sunday, May 19, 2024

প্ৰদেশ কংগ্ৰেছৰ পৰা প্ৰদ্যুত বৰদলৈ আৰু ৰকিবুল হুছেইনৰ পদত্যাগ, কিয় দুই নেতাই এৰিলে প্ৰদেশ কংগ্ৰেছ?

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

কংগ্ৰেছৰ দুই জ্যেষ্ঠ নেতা প্ৰদ্যুত বৰদলৈ আৰু ৰকিবুল হুছেইনে অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে।দেওবাৰে দুয়োগৰাকী নেতাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুত বৰদলৈ বৰ্তমানগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ সাংসদ হৈ থকাৰ বিপৰিতে পূৰ্বৰ মন্ত্ৰী ৰকিবুল হুছেইন বৰ্তমান চামগুৰি সমষ্টিৰ বিধায়ক। কিন্তু এই দুয়োগৰাকী নেতাই কিয় দাখিল কৰিলে পদত্যাগ পত্ৰ?

Assam: Rakibul Hussain not joining AGP, clarifies Pradyut Bordoloi

দৰাচলতে এই দুয়োগৰাকী নেতাই কংগ্ৰেছ দল ত্যাগ কৰা নাই।কেৱল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সকলো দায়িত্বৰ পৰাহে অব্যাহতি লৈছে। কাৰণ তেওঁলোকে আহি থকা নিখিল ভাৰত কংগ্ৰেছ সভাপতি কমিটিৰ নিৰ্বাচনৰ প্ৰচাৰত প্ৰত্যক্ষ ভাবে নিয়োজিত হ’ব।

দলীয় নিয়ম অনুসৰি এনেদৰে নিৰ্বাচনী প্ৰক্ৰিয়াত প্ৰত্যক্ষ ভাবে জড়িত হ’বলৈ দলৰ বিভিন্ন বিষয়বাবত থাকিব নোৱাৰে। গতিকে অসমৰ এই দুই জ্যেষ্ঠ নেতাই দলৰ বিষয়বাৰ পৰা অব্যাহতি বিচাৰিছে।

উল্লেখযোগ্য যে, সুদীৰ্ঘ ২২ বছৰৰ মূৰত এইবাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। অহা ১৭ অক্টোবৰত হ’ব এই নিৰ্বাচনৰ ভোটগ্ৰহন।
জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা সাংসদ মল্লিকাৰ্জুন খৰ্গে আৰু শশী থাৰুৰে এইবাৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। অহা ১৯ অক্টোবৰত হ’ব এই নিৰ্বাচনৰ ভোট গণনা।

অসমৰ বিধায়ক ৰকিবুল হুছেইনে নিৰ্বাচনটোত মল্লিকাৰ্জুন খৰ্গেৰ হৈ প্ৰচাৰ চলাব বুলি জানিবলৈ দিছে। কিন্তু প্ৰদ্যুত বৰদলৈ কাৰ বাবে প্ৰচাৰ চলাব সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -