31 C
Guwahati
Saturday, May 18, 2024

গুৱাহাটীত বিজেপিৰ ছমহলীয়া বিলাসী কাৰ্যালয়ৰ শুভ উদ্বোধন; অমিত শ্বাহ-জে পি নাড্ডাই কৰিলে দ্বাৰ মুকলি

Must Read

শনিবাৰে আনুষ্ঠানিক ভাৱে উদ্বোধন হ’ল অসম বিজেপিৰ ছমহলীয়া অভিজাত মুখ্য কাৰ্যালয়। গুৱাহাটীৰ বশিষ্টত নিৰ্মাণ কৰা প্ৰাসাদ সদৃশ দলীয় মুখ্য কাৰ্যালয়টো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই। গুৱাহাটীৰ বশিষ্ঠত নিৰ্মাণ কৰা প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে ৰাজ্যৰ কেইবাটাও মন্ত্ৰী, বিধায়ক আৰু শতাধিক কাৰ্যকৰ্তা।

May be an image of 6 people, people standing and indoor

 

এই অনুষ্ঠানত বিজেপিৰ ৭৫ গৰাকী জ্যেষ্ঠ কৰ্মকৰ্তাক সন্মান জনোৱা হয়। লগতে প্ৰদেশ বিজেপিৰ ১১১টা মণ্ডল আৰু জিলা কাৰ্যালয়ৰ সমূহীয়া আধাৰশিলা স্থাপন কৰে অমিত শ্বাহ আৰু জে পি নাড্ডাই। অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ ৪০খন সাংগঠনিক জিলাৰ পৰা বুথ সভাপতি, শক্তিকেন্দ্ৰ প্ৰমুখ, মণ্ডল সভাপতি, জিলা বিষয়ববীয়া সকল উপস্থিত থাকে।

বিলাসী হোটেল সদৃশ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত কি কি সুবিধা থাকিব?

পঞ্চতাৰকা হোটল সদৃশ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়টোত আছে সকলো ধৰণৰ সা-সুবিধা। এই অট্টালিকাটো নিৰ্মাণ কৰোতে প্ৰায় ৩০ কোটি টকা ব্যয় কৰিছে দলটোৱে। AC সংস্থাপনৰ নামত ব্যয় ব্যয় কৰিছে ৫ কোটি টকা। লগতে গৃহ সজ্জা আৰু অন্যান্য খৰচৰ নামত গৈছে ৫ কোটি টকা। কাৰ্যালয়টোৰ ষষ্ঠ মহলাত আছে কাৰ্যকৰ্তা সকলৰ বাবে জীৰণি কোঠা। পঞ্চম মহলাটো হৈছে কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপিৰ বিভিন্ন কোষ সমূহৰ বাবে। চতুৰ্থ মহলা ৰাজ্যিক বিজেপিৰ সভাপতি, মুখ্যমন্ত্ৰী আৰু কাৰ্যালয়টোৰ সহায়কৰ বাবে । তৃতীয় মহলা বিজেপিৰ আঠটা মৰ্চাৰ বাবে। দ্বিতীয় মহলা বিজেপিৰ মুখপাত্ৰ আৰু মিডিয়া চেলৰ বাবে।

May be an image of 1 person

শনিবাৰৰ এই অনুষ্ঠানতেই দলটোৰ ৪০খন জিলা সমিতিক ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা একোখনকৈ বলেৰ’ আৰু আঠটা মৰ্চাক একোখনকৈ স্কৰ্পিঅ’ প্ৰদান কৰা হয়।

উল্লেখনীয় যে ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীত আছে ৰাজ্যিক কাৰ্যালয় ‘অটল ভৱন’। উজান বজাৰত নিৰ্মাণ কৰা হৈছিল ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ পূবৰ মুখ্য কাৰ্যালয়। ইয়াৰ পাছত নৱনিৰ্মিত ভৱনৰ সৈতে গুৱাহাটীতেই হ’ল শাসক দল বিজেপিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ কাৰ্যালয়।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -