31 C
Guwahati
Saturday, May 18, 2024

অচিৰেই ৫ হাজাৰ কোটিৰ আঁচনি : নিবনুৱাক বৃহৎ আশ্বাস দি মুখ্যমন্ত্ৰীৰ ভাষণ

Must Read

অচিৰেই ৫ হাজাৰ কোটিৰ আঁচনি : নিবনুৱাক বৃহৎ আশ্বাস দি মুখ্য মন্ত্ৰী ভাষণ

অসমৰ লাখ লাখ নিৱনুৱাৰ বাবে সুখবৰ! ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলে লাভ কৰিব কৰ্ম সংস্থাপন! আগন্তুক ৬-৭ মাহৰ ভিতৰত ১লাখ নিযুক্তিৰ কাম সমাপ্ত কৰিব ৰাজ্য চৰকাৰে। শনিবাৰে গুৱাহাটীত ৰাজ্যিক বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱন মুকলি অনুষ্ঠানত মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰি এই কথা প্ৰকাশ কৰিছে ।


ইয়াৰ উপৰিও এবছৰৰ ভিতৰত প্ৰায় ২ লাখ নিবনুৱাক আত্মসংস্থাপন প্ৰদানৰ পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে। ইয়াৰে বাবে এবছৰৰ ভিতৰতে চৰকাৰে এখন নতুন অভিলাষী আঁচনি মুকলি কৰিব বুলি মুখ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই আঁচনিৰ অধীনত ৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ২লাখ নিবনুৱা যুৱক-যুৱতীক আত্মনিৰ্ভৰশীল কৰি তুলিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ আশ্বাস প্ৰদান কৰে।


ইপিনে, অহা ছমাহৰ ভিতৰত ৫০ লাখ লোকক ৰেচন কাৰ্ড আৰু বিনামূলীয়া চাউল দিয়াৰ ব্যৱস্থা কৰাৰ লগতে ১ জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড থকা পৰিয়ালে ৫ লাখ টকাৰ স্বাস্থ্য বীমা লাভ কৰিব বুলিও মুখ্য মন্ত্ৰীয়ে প্ৰকাশ কৰে। লগতে অহা বছৰৰ পৰা অৰুণোদয় আঁচনিৰ ধন ১২৫০ টকালৈ বৃদ্ধি কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।

তেওঁ লগতে কয় যে, ২০২৪ত অসমত বিজেপিয়ে ১২টা লোকসভা সমষ্টিত বিজয়ী হ’ব। ইয়াৰ উপৰিও, নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব বুলিও কয় মুখ্য মন্ত্ৰীগৰাকীয়ে।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -