28 C
Guwahati
Sunday, April 28, 2024

Twitter Rebranded As X: X ইন, Bird আউট! এতিয়াৰে পৰা টুইটাৰত নাথাকিব “নীলা চৰাই”; কাৰণ সলনি হ’ল টুইটাৰৰ ল’গ’, নতুন ল’গ’ হ’ব “X”…ইতিমধ্যে টুইটাৰৰ হোমপেজত দেখা গৈছে X

Twitter Rebranded As X Musk Reveals New Logo: টুইটাৰত বৃহৎ পৰিৱৰ্তন। সলনি হ'ল টুইটাৰৰ ল'গ'। লগতে নাম সলনি হোৱাৰো সম্ভাৱনা

Must Read

Twitter Rebranded As X Musk Reveals New Logo: টুইটাৰত বৃহৎ পৰিৱৰ্তন। সলনি হ’ল টুইটাৰৰ ল’গ’। লগতে নাম সলনি হোৱাৰো সম্ভাৱনা।

টুইটাৰক এতিয়া এক্স নামেৰে জনা যাব পাৰে। টুইটাৰ ব্যৱহাৰকাৰীয়ে এতিয়াৰে পৰা টুইটাৰৰ নীলা চৰাই ল’গ’ৰ পৰিৱৰ্তে “X” ল’গ’টো দেখা পাব।

কেৱল এয়াই নহয়, মাস্কে টুইটাৰৰ ৱেবছাইটোও সলনি কৰিছে। মাস্কে দিয়া ‘X.com’ এতিয়া ‘twitter.com’ শীৰ্ষক এটি পোষ্টে এই ইংগিতকেই বহন কৰিছে।

আজি যিকোনো সময়ত মাস্কে (Elon Musk) কোম্পানীটোৰ ল’গ’ সলনি কৰিব পাৰে। ইতিমধ্যে টুইটাৰৰ হোমপেজত দেখা গৈছে “X” ল’গ’টো। নতুন ল’গ’ৰে কোম্পানীটোৰ নাম টুইট কৰি মাস্কে নিজৰ প্ৰফাইল ফটোও সলনি কৰিছে।

Twitter Rebranded As X

ইলন মাস্কে কোম্পানীটোৰ ল’গ’, URL দুয়োটা সলনি কৰিছে। টুইটাৰ ৱেবছাইটত প্ৰৱেশ কৰিবলৈ মাস্কে এটা নতুন লিংক (X.Com) শ্বেয়াৰ কৰে। ইলন মাস্কে টুইট কৰি কয় যে, এতিয়াৰে পৰা ব্যৱহাৰকাৰীয়ে এক্স ডট কমৰ URL ছাৰ্চ কৰিলে টুইটাৰৰ চাইটটো খুলিব পাৰিব।

এতিয়াৰে পৰা টুইটাৰ ব্যৱহাৰকাৰীয়ে twitter.com search কৰাৰ পৰিৱৰ্তে X.Com ছাৰ্চ কৰিব লাগিব।

দেওবাৰে কোম্পানীটোৰ ল’গ’ সলনিৰ বিষয়ে ইলন মাস্কে (Elon Musk) কয় যে, “অতি সোনকালে আমি টুইটাৰৰ নীলা চৰাইটোক বিদায় দিয়।

টুইটাৰৰ চৰাইৰ ল’গ’টোৰ ঠাইত এক্স এটা ব্যৱহাৰ কৰিবলৈ আমাক ব্যৱহাৰকাৰীৰ ইনপুটৰ প্ৰয়োজন আৰু উপযুক্ত ল’গ’ পোৱাৰ লগে লগে ল’গ’টো সলনি কৰিম (Twitter Rebranded As ‘X’, Musk Reveals New Logo To Replace Blue Bird)।”

তেওঁ লগতে কয়,

“আজি ৰাতিৰ ভিতৰত যদি এটা ভাল ল’গ’ পোষ্ট কৰা হয়, তেন্তে আজিৰ পৰা বিশ্বজুৰি লাইভ হ’ব। সেয়া হ’ব টুইটাৰৰ নতুন ল’গ’ (Twitter Rebranded As X)। যোৱা সন্ধিয়া মাস্কেও নিজৰ প্ৰফাইলত এটা ভিডিঅ’ পিন কৰিছিল।” মাঝে এতিয়া এক্স ল’গ’ থকা ফটোখনত নিজৰ প্ৰফাইল পিক ছেট কৰিছে । ই কোম্পানীটোৰ নতুন ল’গ’ হ’ব পাৰে।

চীনৰ ৱেচাটৰ সৈতে প্রতিযোগিতাত অৱতীৰ্ণ হ’ব এক্স (Twitter Rebranded As X)

ইলন মাস্কে এক্সক চীনৰ ৱেচাটৰ দৰে কৰি তুলিব বিচাৰিছে। জনপ্ৰিয় ছ’চিয়েল মিডিয়া এপ হোৱাৰ উপৰিও ৱেচাটে মানুহক বেংকিং আৰু পেমেণ্টৰ সুবিধাও প্ৰদান কৰে। মাঝেও টুইটাৰ বা এক্সলৈ এনে সুবিধা আনিব বিচাৰে (Twitter Rebranded As X)

কালি এক্সৰ চিঅ’ লিণ্ডা ইয়াকাৰিনোৱেও (Twitter Chief Executive Officer Linda Yaccarino) এই বিষয়ত কিবা এটা টুইট কৰিছিল, য’ত তেওঁ কোম্পানীটোৰ ৰোডমেপ ল’গ’ৰ সৈতে শ্বেয়াৰ কৰিছিল। অতি সোনকালে ব্যৱহাৰকাৰীয়ে এক্সত ভিডিঅ’ কলিং, বেংকিং আৰু পেমেণ্টৰ দৰে বৈশিষ্ট্য লাভ কৰিব পাৰিব।

Photo: Google

লগতে পঢ়কঃ Golaghat Triple Murder: নৃশংস ক’ব নে, ভয়ংকৰ! দিন-দুপৰতে জোঁৱায়েকে কাটি থৈ গ’ল পত্নী, শহুৰ আৰু শাহুৱেকক; তিনিওকে হত্যা কৰি লগত লৈ গ’ল ৯ মহীয়া সন্তানক

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -