36 C
Guwahati
Thursday, May 2, 2024

Golaghat Triple Murder: নৃশংস ক’ব নে, ভয়ংকৰ! দিন-দুপৰতে জোঁৱায়েকে কাটি থৈ গ’ল পত্নী, শহুৰ আৰু শাহুৱেকক; তিনিওকে হত্যা কৰি লগত লৈ গ’ল ৯ মহীয়া সন্তানক

Golaghat Triple Murder In Assam: গোলাঘাটত (Golaghat) দিন-দুপৰতে সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ (Horrific Murder Case) ঘটনা

Must Read

Golaghat Triple Murder In Assam: গোলাঘাটত (Golaghat) দিন-দুপৰতে সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ (Horrific Murder Case) ঘটনা।

গোলাঘাটৰ হিন্দী স্কুল ৰোডত সংঘটিত হৈছে এক ট্ৰিপল মাৰ্ডাৰৰ (Triple Murder) ঘটনা।

একেটা পৰিয়ালৰে ৩গৰাকী সদস্যক নৃশংসভাৱে হত্যা কৰিলে জোঁৱায়েকে। ঘৰৰ ভিতৰৰ পৰা নিথৰ অৱস্থাত উদ্ধাৰ কৰা হৈছে তিনিওগৰাকীৰে মৃতদেহ (Son In Law Murdered Wife, Mother In Law And Father In Law)

ঘটনাটো জানিবলৈ দিয়া অনুসৰি, হত্যাকাৰী জোঁৱায়েকে পত্নী, শহুৰ আৰু শাহুৱেকক হত্যা কৰি ঘৰৰ ভিতৰতে পেলাই থৈ যায় মৃতদেহ। স্থানীয় লোকে কাজিয়াৰ সূত্ৰপাত হোৱাৰ খবৰ পাই সেই ঘৰত উপস্থিত হৈ দেখা পায় মৃতদেহ ৩টা (3 Deadbody Recover)

Golaghat Triple Murder
হত্যাকাৰী জোঁৱাই

মৃত লোককেইগৰাকীৰ নাম ক্ৰমে শহুৰেক সঞ্জীৱ ঘোষ, শাহুৱেক জুনু ঘোষ আৰু পত্নী সংঘমিত্ৰা ঘোষ ৷ আক্ৰমণকাৰী জোঁৱায়েক নাজিবুৰ ৰহমান বৰাই ঘটনা সংঘটিত কৰিয়ে ৯ মহীয়া সন্তানক লৈ পলায়ন কৰা বুলি জানিব পৰা গৈছে (Golaghat Triple Murder)

চোকা অস্ত্ৰৰে শৰীৰত আঘাত কৰি হত্যা কৰা নাজিবুৰ ৰহমান বৰাই আগতেও কোনো অপৰাধৰ বাবে জেল খাটিছিল। নাজিবুৰৰ ঘৰ গোলাঘাটৰ ফৰেষ্ট গেটত। ৩ বছৰ পূৰ্বে বিবাহ হৈছিল নাজিবুৰৰ। ইছলামপট্টিৰ এটা ভাৰাঘৰত আছিল নাজিবুৰ।

স্থানীয় লোকৰ অনুসৰি, পাৰিবাৰিক সংঘাতৰ বাবেই এই ঘটনা সংঘটিত হৈছে। বিবাহ বিচ্ছেদ বিচাৰি নাজিবুৰ ৰহমান বৰাই পত্নী সংঘমিত্ৰা ঘোষক মেছেজ দি থকাৰ পৰা এই কথা অনুমান কৰা হৈছে (Golaghat Triple Murder)

পত্নী সংঘামিত্ৰাৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছিল যদিও সংঘমিত্ৰাই অমান্তি হোৱাত ভাবুকি প্ৰদান কৰিছিল (Clash Between Wife And Husband)। এই ঘটনাক লৈ নাজিবুৰৰ সৈতে সংঘাত দিনক-দিনে বাঢ়ি গৈ আছিল।

আৰু আজি এই কাাজিয়াই ল’লে ভয়ংকৰ ৰূপ। ঘটনাৰ পিছতে সন্ধানহীন হৈ থকা ৯ মহীয়া শিশু আৰু নাজিবুৰ ৰহমানক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। কিন্তু কিছু সময়ৰ পিছতে সন্তানসহ থানাত উপস্থিত হয় নাজিবুৰ ৰহমান (Golaghat Police)

Photo: Batori24

লগতে পঢ়কঃ Pune ACP Murder Suicide Case: Double Murderৰ পিছত আত্মহত্যা! প্ৰথমে পত্নী আৰু ভতিজাকক গুলীয়াই হত্যা; তাৰ পিছত নিজেও গুলীয়াই কৰিলে আত্মহত্যা…৩ গৰাকীৰে মৃত্যু, পুত্ৰৰ সন্মুখতে ঘটিল এই ঘটনা

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -