37 C
Guwahati
Friday, May 17, 2024

Fish For Health: জানি থওক! মাছ খাই হয়তো সকলোৱে ভাল পায়; কিন্তু এই ৩ বিধ মাছ ভুলতেও নাখাব, হ’ব পাৰে ভয়ংকৰ ৰোগ, পিছে জানো আহক কি কি?

Fish For Health Tips: মাছ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। কিন্তু সকলোধৰণৰ মাছ খোৱাটো উচিত নে? বিশেষজ্ঞসকলে কি কয়? কোনটো মাছ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আহক জানো।

Must Read

Fish For Health Tips: যিসকল আমিষভোজী সেইসকল লোকৰ দিনৰ প্ৰতিটো আহাৰতে “মাছ” থকাটো স্বাভাৱিক কথা। প্ৰায়ভাগ লোকে মাছৰ টেঙা আঞ্জা বনাই খাই ভাল পায়।

মাছ ভাল নোপোৱা অসমীয়া হয়তো বিচাৰি পোৱাতো টান। কিন্তু কেৱল অসমীয়াই নহয় মাছৰ অনুৰাগী দক্ষিণ ভাৰতৰ পৰা উপকূলীয় পশ্চিম ভাৰতলৈকে সকলো ঠাইতে পোৱা যাব।

Fish For Health

অসমীয়া মানুহৰ দুপৰীয়া বা ৰাতিৰ আহাৰ মাছ নোহোৱাকৈ কেতিয়াও সম্পূৰ্ণ নহয়। কেৱল ভাৰতেই নহয়, বহিঃৰাজ্যতো বহু ঠাই আছে য’ত মানুহে মাছ খাই ভাল পায়। কিন্তু সকলো মাছ স্বাস্থ্যৰ বাবে ভাল জানো (Fish For Health Tips)?

প্ৰায়বোৰ মাছতে কিছু পৰিমাণে পুষ্টিকৰ উপাদান থাকে। মাছ খোৱাটো চকু, ছাল আৰু চুলিৰ বাবে উপকাৰী।
কিন্তু সকলো মাছ আচলতে খাব লাগেনে?

Fish For Health

জানো আহক কি কি মাছ স্বাস্থ্যৰ বাবে ভাল নহয়? (Fish For Health Tips)-

চালানী মাগুৰ মাছঃ

মাগুৰ মাছ আচলতে আকাৰ ভেদে বেলেগ বেলেগ থাকে। কিন্তু মাছমৰীয়াসকলে মাছৰ আকাৰ সোনকালে ডাঙৰ কৰিবলৈ মাছৰ শৰীৰত বিভিন্ন হৰম’ন সুমুৱাই দিয়ে। সেইবাবেই বজাৰত ডাঙৰ মাগুৰ মাছ দেখিলে লোভত কিনিবলৈ দৌৰি নাযাব।

তাৰ পৰিৱৰ্তে সৰু আকাৰৰ মাগুৰ মাছ কিনি খাওক। ই অতি উপকাৰী হ’ব। এই হাইব্ৰিড মাগুৰ মাছ কিনিলে স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক।

মেকেৰেল মাছঃ

খাদ্যাভাসত সাগৰীয় ৰৌ-চন্দ্ৰা-কচ মাছৰ উপৰিও সাগৰীয় মেকেৰেল মাছ খোৱাত অভ্যস্ত হৈ পৰিছে বহুলোক। খাবলৈ সুস্বাদু হ’লেও, কিন্তু এই মাছত অত্যন্ত ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্য থাকে। যি শৰীৰৰ বাবে ভয়ংকৰ বিপদজনক।

সেই মেকেৰেল মাছ খোৱাৰ পিছত পেটত ৰাসায়নিক দ্ৰব্যসমূহ মানুহৰ পেটলৈ যায়। ফলত গুৰুতৰ আৰু ভয়ংকৰ ৰোগে শৰীৰত আক্ৰমণ কৰিব পাৰে।

তেলাপিয়া মাছঃ

এই মাছ নিঃসন্দেহে অতি জনপ্ৰিয়। লগতে এই মাছবিধ যথেষ্ট সস্তাও। আৰু সেইবাবেই বহুতে এই মাছটো বজাৰৰ পৰা কিনি আনে। কিন্তু কি জানেনে, এই মাছত ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্য থাকে। যাৰ ফলত শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়।

তদুপৰি চিকিৎসকৰ মতে হাঁপানী বা বাতবিষ থাকিলে তেলাপিয়া মাছ নোখোৱাটোৱেই ভাল।

Fish For Health

কিন্তু এই তিনিটা মাছৰ বাহিৰেও বজাৰত আন কিছুমান মাছ আছে যিবোৰ খোৱাৰ পিছত এলাৰ্জিৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে (Fish For Health Tips)। সেই মাছবোৰৰ পৰা আঁতৰি থকাটোৱেই ভাল।

Photo: Google

লগতে পঢ়কঃ Sexual Assaulted Nalbari: যেনে কৰ্ম তেনে ফল! লকআপৰ ভিতৰত কিশোৰীক “উলংগ” কৰি ফটো উঠোৱা ঘগ্ৰাপাৰ থানাৰ OCক নিলম্বন; কিন্তু বৰ্তমান পলাতক, খবৰ দিওতাক দিয়া হ’ব পুৰস্কাৰ…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -