29 C
Guwahati
Saturday, May 11, 2024

UP SI Transferred After Selfie: “ছেলফি”য়ে হৈ পৰিল কাল! বিচনাৰ ওপৰত ২৭টা ৫০০ টকীয়া নোটৰ বাণ্ডিল; পত্নী-পুত্ৰ-কন্যাই টকা বাণ্ডিলৰে ফটো তুলি কৰিলে পোষ্ট, এতিয়া বিপদত “SI”…

UP SI Transferred After Selfie: ফটোকেইখন ভাইৰেল (Selfie Viral With Cash) হোৱাৰ পিছত বিতৰ্কৰ মাজত সোমাই পৰিছে উপ-পৰিদৰ্শকগৰাকী

Must Read

UP SI Transferred After Selfie With 14 Lakh In Cash: বৰ্তমান ছেলফি তোলাটো এক নিচালৈ পৰিণত হৈ পৰিছে। কিন্তু এই ছেলফিৰ নিচাই এগৰাকী আৰক্ষী বিষয়াৰ চাকৰিলৈ নমাই আনিলে সংকট।

উত্তৰ প্ৰদেশ আৰক্ষীৰ (Uttar Pradesh Police) উপ-পৰিদৰ্শক ৰমেশ ছাহনি (Ramesh Sahni)ৰ পত্নী-পুত্ৰ আৰু কন্যাৰ ৫০০ টকীয়া নোটৰ বাণ্ডিলৰ সৈতে তোলা ফটো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত ৰমেশ ছাহনি এতিয়া ডাঙৰ বিপদত পৰিছে (Sub Inspector Ramesh Sahni Transferred After Wife And Children With 14 Lakh Rupees In Cash Photos Go Viral)

UP SI Transferred After Selfie UP SI Transferred After Selfie

ফটোকেইখন ভাইৰেল (Selfie Viral With Cash) হোৱাৰ পিছত বিতৰ্কৰ মাজত সোমাই পৰিছে উপ-পৰিদৰ্শকগৰাকী। ইফালে এই বিতৰ্ক বৃদ্ধি হোৱাৰ লগে লগে তেওঁক আৰক্ষী লাইনলৈ (Transferred To Police Lines) বদলি কৰা হয়, ৰমেশ ছাহনি পূৰ্বে উন্নাও জিলাৰ (Unnao District) বিটা মুজাৱৰ অঞ্চলত নিযুক্ত হৈ আছিল।

ছেলফিকেইখনত ৰমেশ ছাহনিৰ গোটেই পৰিয়ালটো ৫০০ টকীয়া নোটৰ মুঠ ২৭টা বাণ্ডিলৰ সৈতে (Bundles Of Rs 500 Notes) দেখা গ’ল, তাত মুঠ ১৪ লাখ টকা আছে।

তথ্য অনুসৰি, এই ঘটনাটোৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰি আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ শংকৰ মীনাই এই বিষয়টোৰ পুংখানুপুংখ তদন্ত বিচাৰিছে (UP SI Transferred After Selfie)

ৰমেশ ছাহনিক বদলি (Sub Inspector Ramesh Sahni Transferred)

এই বিতৰ্ক বৃদ্ধি হোৱাৰ পিছত উপ পৰিদৰ্শক ৰমেশ ছাহনিক তেওঁৰ বৰ্তমান পদৰ পৰা আঁতৰাই দিয়া হৈছে। লগতে পৰৱৰ্তী তদন্ত হোৱালৈ আৰক্ষী লাইনলৈ বদলি কৰা হৈছে। বঙাৰমৌৰ আৰক্ষী চক্ৰ বিষয়া পংকজ সিঙে
এই ঘটনাৰ তদন্ত কৰিব (UP SI Transferred After Selfie)

তেওঁ এই ঘটনাৰ পৰিস্থিতিৰ পুনৰীক্ষণ কৰিব। তেওঁক এই সন্দৰ্ভত সকলো প্ৰাসংগিক প্ৰমাণ সংগ্ৰহ কৰি অনতিপলমে প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।

উল্লেখ্য বৃহস্পতিবাৰে (২৯ জুন) তেওঁৰ পত্নী আৰু সন্তানৰ ছেলফি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ছবিখনত দেখা গৈছে বিচনাত ৫০০ টকীয়া নোটৰ বাণ্ডিল সজাই থোৱা আছে। আৰক্ষী বিষয়াৰ পৰিয়ালৰ লোক ইয়াৰ চাৰিওফালে শুই-বহি আছে (UP SI Transferred After Selfie)

জানিব পৰা মতে, ছবিবোৰত মুঠ ৫০০ টকীয়া নোটৰ ২৭ টা বাণ্ডিল আছিল। মুঠ ধনৰাশি প্ৰায় ১৪ লাখ টকা!

ইপিনে, ৰমেশ ছাহনিয়ে কোনো অন্যায় বা অবৈধ কাম কৰা নাই বুলি দাবী কৰিছে। তেওঁ দাবী কৰে যে ছবিবোৰ পুৰণি। ১৪ নৱেম্বৰ, ২০২১ত তোলা হৈছিল। সেই ধনৰ সকলো হিচাপ তেওঁৰ হাতত আছে বুলি দাবী কৰে।

সেই সময়ত তেওঁ কিছু পৰিয়ালৰ সম্পত্তি বিক্ৰী কৰিছিল। ফটো (Photos Viral On Social Media) কেইখনত দেখা পোৱা নগদ ধনখিনি হৈছে সেই সম্পত্তিৰ বিক্ৰীৰ পৰা পোৱা ধন।

Photo: Twitter

লগতে পঢ়কঃ Fish For Health: জানি থওক! মাছ খাই হয়তো সকলোৱে ভাল পায়; কিন্তু এই ৩ বিধ মাছ ভুলতেও নাখাব, হ’ব পাৰে ভয়ংকৰ ৰোগ, পিছে জানো আহক কি কি?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -