32 C
Guwahati
Saturday, May 18, 2024

Hatigaon Murder: নৃশংস! নামাজ পঢ়িবলৈ গৈ আছিল; কিন্তু আদবাটতে ২জন লোকে “ৰডেৰে” কোবাই কোবাই মাৰি পেলায় মছজিদৰ সভাপতিক, CCTV ফুটেজত স্পষ্ট কেনেদৰে হত্যা কৰিছিল লোকজনক

Hatigaon Murder In Guwahati: গুৱাহাটীৰ হাতীগাঁৱত (Guwahati Hatigaon) সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ (Horrific Murder Case) ঘটনা

Must Read

Hatigaon Murder In Guwahati: গুৱাহাটীৰ হাতীগাঁৱত (Guwahati Hatigaon) সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ (Horrific Murder Case) ঘটনা।

বৃহস্পতিবাৰে পুৱা হাতীগাঁও থানাৰ প্ৰায় ১০০ মিটাৰ নিলগত ফ্ৰেণ্ডছ পথত উদ্ধাৰ এজন লোকৰ মৃতদেহ (Deadbody Recover)। মৃতদেহটো উদ্ধাৰ পিছতে অঞ্চলটোত চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হয়।

জানিবলৈ দিয়া অনুসৰি, হত্যাৰ বলি হোৱা লোকজনৰ নাম জাভেদ আলী আহমেদ (Died Javed Ali Ahmed)। জলসিঞ্চন বিভাগৰ অৱসৰ মুখ্য অভিযন্তা আছিল আহমেদ। ফ্রেণ্ডছ নগৰ জামে মছজিদৰ সভাপতিও আছিল তেওঁ (Hatigaon Murder)

Hatigaon Murder

লগতে পঢ়কঃ Guwahati Girl Deadbody: হত্যা নে অইন কিবা! বিল্ডিঙৰ পৰা জাঁপ নৱম শ্ৰেণীৰ ছাত্ৰীৰ; শৌচাগাৰৰ পিছফালে উদ্ধাৰ মৃতদেহটো, মাতৃৰ হিয়া ভগা কান্দোন

আজি পুৱতি নিশা প্ৰায় ৪ বজাত নামাজ পঢ়িবলৈ মছজিদলৈ ওলাই যোৱাৰ পাছতে এই নৃশংস ঘটনা সংঘটিত হয় (Hatigaon Murder)। ঘটনাটোৰ এটা CCTV ফুটেজ পোহৰলৈ আহিছে।

এই ফুটেজত দেখিবলৈ পোৱা গৈছে যে দুজন যুৱকে লোকজনৰ পিছে পিছে গৈ আছে। সেই দুজনলোকে এই হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহ কৰিছে একাংশই।

ইতিমধ্যে আৰক্ষীয়ে (Hatigaon Police) ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছে ৰড। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তৰ মতে সম্ভৱত ৰডেৰে মৰিয়াই হত্যা কৰা হৈছে আহমেদক। মৃতদেহটোৰ মূৰত আঘাতৰ চিন স্পষ্ট হৈ আছে।

ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা লৈছে আৰক্ষীয়ে।

কিয় এই হত্যাকাণ্ড সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত। জানিব পৰা মতে যোৱা বছৰো একেই স্থানতে আন এক হত্যাকাণ্ড সংঘটিত হৈছিল (Hatigaon Murder)

বুধবাৰেও ভাস্কৰ নগৰত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰীৰ মৃতদেহ।

Guwahati Girl Deadbody

Photo: Batori24

লগতে পঢ়কঃ Lakhimpur Bypass Accident: কৰুণ ক’ব নে, ভয়ংকৰ! একেদিনাই একেটা পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পিতৃ-কন্যাই; ইন’ভা-আৰ্টিগাৰ মাজত ভয়ংকৰ খুন্দা, আহত ৬

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -