29 C
Guwahati
Sunday, May 19, 2024

Guwahati Drunk Police: আকৌ দাগ লাগিল খাকী পোছাকত! “মদ” খাই ডিউটীত আহিছিল এইজন আৰক্ষী কনিষ্টবল; লগে লগে Suspend…এদিনত দুটাকৈ অনুৰূপ ঘটনা

Guwahati Drunk Police: পুনৰ দুজনকৈ আৰক্ষী কনিষ্টবলৰ বাবে আৰক্ষীৰ খাকী পোছাকযোৰত লাগিল দাগ। প্ৰথমটো ঘটনা সংঘটিত ফটাশিল আমবাৰী থানাত

Must Read

Guwahati Drunk Police Suspended: এফালে DGP জিপি সিঙে (DGP GP Singh) মদ খোৱা আৰু পেটুৱা আৰক্ষীক লৈ (Assam Police) কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে।

আনফালে একাংশ আৰক্ষী বিষয়াই এই সকলো আওকাণ কৰি নিজৰ অলাগতিয়াল কামতে মচগুল হৈ আছে।

পুনৰ দুজনকৈ আৰক্ষী কনিষ্টবলৰ বাবে আৰক্ষীৰ খাকী পোছাকযোৰত লাগিল দাগ। প্ৰথমটো ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ ফটাশিল আমবাৰী থানাত (Guwahati Fatasil Ambari Police)

Guwahati Drunk Police Guwahati Drunk Police

ফটাশিল আমবাৰী থানাৰ কনিষ্টবল নৃপেন্দ্ৰ কুমাৰে দিন-দুপৰতে টেটুলৈকে সুৰাপান কৰি আহি ডিউটীত উপস্থিত হয় (Guwahati Drunk Police)। কনিষ্টবলজনে সুৰাপান কৰাৰ উমান পাই থানাৰ শীৰ্ষ বিষয়াই Alcohol Breath Analyserৰে সুৰাপানৰ মাত্ৰা জুখি আচৰিত হৈ উঠে।

তাৰ পিছত কি চিধাই নিলম্বন কৰে আৰক্ষী কনিষ্টবল গৰাকীক (Guwahati Drunk Police Suspended)

আনটো ঘটনা সংঘটিত হৈছে চামগুৰিৰ মোৱামাৰী আৰক্ষী (Samaguri Muamari Police) চকীত । দিনতে খাই আহি টেবুলতে শুই পৰিল এজন আৰক্ষী জোৱান (Drunk Police)। দিন-দুপৰতে টোপনীত লালকাল কৰ্তব্যত আৰক্ষীৰ জোৱানজন।

নিজে শুই আৰক্ষী চকীখনৰ ৰখীয়া কৰিলে দুটা কুকুৰক।

Photo: Batori24

লগতে পঢ়কঃ Shiv Mandir Himachal: হিমাচলত ৰুষ্ট প্ৰকৃতি! সংহাৰী বানে সকলো উটুৱাই নিলে; গৃহহীন হ’ল হাজাৰ-হাজাৰ মানুহ, কিন্তু বানৰ তীব্ৰ সোঁতেও লৰাব নোৱাৰিলে এই “শিৱ মন্দিৰ”টো…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -