33 C
Guwahati
Saturday, April 27, 2024

Shah Rukh Khan Accident: ছুপাৰষ্টাৰ শ্বাহৰুখ খান দুৰ্ঘটনাত গুৰুতৰভাবে আহত; নাকৰ পৰা তেজ ওলোৱা বাবে ছাৰ্জাৰী কৰোৱাবলগীয়া হ’ল শ্বাহৰুখৰ, আমেৰিকাত হৈছে এই দুৰ্ঘটনা

Must Read

Shah Rukh Khan Accident At Los Angeles: বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান (Shah Rukh Khan) অলপতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত চিনেমাৰ শ্বুটৰ বাবে আছিল, য’ত তেওঁ দুৰ্ঘটনাত পতিত হয়।

বাতৰি অনুসৰি, তাৰ পিছত তেওঁৰ তাত অস্ত্ৰোপচাৰো কৰোৱাবলগীয়া হ’ল (Shahrukh Khan Reportedly Gone Through A Surgery)। নাকত আঘাত পোৱাৰ বাবে তেজ ওলাবলৈ ধৰে, যাৰ পিছত তেওঁৰ এটা সৰু অপাৰেচন কৰোৱাবলগীয়া হ’ল।

শ্বাহৰুখৰ হ’ল অপাৰেচন

ইটাইমছৰ সূত্ৰ অনুসৰি- শ্বাহৰুখ খানে লছ এঞ্জেলছত এটা প্ৰজেক্টৰ শ্বুটিং কৰি আছিল, য’ত তেওঁ নাকত আঘাত পায় (Shah Rukh Khan Accident)। তেওঁৰ নাকৰ পৰা তেজ ওলাবলৈ ধৰে, যাৰ ফলত শীঘ্ৰে তেওঁক হাস্পতাললৈ লৈ যোৱা হয়।

চিকিৎসকলে তেওঁৰ টীমক ক’লে যে চিন্তাৰ কোনো কাৰণ নায়। তেজ বন্ধ কৰিবলৈ সৰু অপাৰেচন কৰোৱাবলগীয়া হ’ল।

অপাৰেচনৰ পিছত শ্বাহৰুখৰ নাকত বেণ্ডেজ বন্ধা দেখা গ’ল। শ্বাহৰুখ এতিয়া ভাৰতলৈ উভতি আহিছে আৰু লাহে-লাহে তেওঁ এই আঘাতৰ পৰা সুস্থ হ’বলৈ আৰম্ভ কৰে (Shah Rukh Khan Accident)

শ্বাহৰুখৰ প্ৰফেচনল ফ্ৰণ্ট

শ্বাহৰুখৰ প্ৰফেচনল ফ্ৰণ্টৰ যদি কথা কওঁ তেন্তে এই বছৰ মুকলি হোৱা তেওঁৰ চিনেমা পাঠানে (Pathan Break Record) সকলো স্থানতে এক ৰেকৰ্ড ভংগ কৰিছে। সমগ্ৰ বিশ্বজুৰি এই চিনেমাখনে ১০০০ কোটি টকা উপাৰ্জন কৰিছে।

Shah Rukh Khan Accident

বৰ্তমান তেওঁ আহিবলগীয়া ছবি “Jawan”ৰ বাবে অপেক্ষা কৰি আছে। ছবিখনৰ ট্ৰেলৰ এই মাহতে মুকলি কৰা হ’ব। ১২ জুলাইত মুকলি কৰিব পাৰে ট্ৰেলৰ। ট্ৰেলৰ টম ক্ৰুজৰ মিছন ইমপছিবলঃ ডেড ৰেকানিঙৰ সৈতে থিয়েটাৰত দেখুওৱা হ’ব।

বৰ্তমান তেওঁৰ হাতত দুখন বিগ বাজেটৰ ছবি ‘ডানকি’ আৰু ‘জোৱান’। শুনা মতে, কন্যাৰ সৈতে শ্বাহৰুখৰ যুগলবন্দী দেখা যাব পাৰে পৰ্দাত (Shah Rukh Khan Accident)

সুজয় ঘোষ পৰিচালিত এখন একশ্যন থ্ৰীলাৰত কাম কৰিব পাৰে শ্বাহৰুখ খানে। ছবিখনত ৰেড চিলিজৰ এণ্টাৰটেইনমেণ্টৰ সৈতে প্ৰযোজনা কৰিব ‘পাঠান’ৰ পৰিচালক সিদ্ধাৰ্থ আনন্দে।

Photo: Google

লগতে পঢ়কঃ Guwahati Girl Suicide: নামত বন্ধু, কামত শত্ৰু! বন্ধুৱে যুৱতীৰ “অশ্লীল ফটো” ছচিয়েল মিডিয়াত কৰিলে আপলোড; লাজে-ভয়ে ১৯ বছৰীয়া যুৱতীয়ে কৰিলে আত্মহত্যা…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -