27 C
Guwahati
Monday, April 29, 2024

OMG 2 And Assam Controversy: উপহাসিত নে গৌৰৱান্বিত! অক্ষয় কুমাৰৰ ছবি OMG 2ত “অসম” আৰু “গুৱাহাটী আৰক্ষী”ৰ নাম উল্লেখ; কিন্তু চিনেমাখনত “অসম”ক যিধৰণে উপস্থাপন কৰা হ’ল সেয়া গ্ৰহণযোগ্য নে অগ্ৰহণযোগ্য?

OMG 2 And Assam Controversy: শেহতীয়াকৈ মুক্তি পালে বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ (Akshay Kumar) ছবি OMG 2

Must Read

OMG 2 And Assam Controversy: শেহতীয়াকৈ মুক্তি পালে বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ (Akshay Kumar) ছবি OMG 2 ।

বহু সময়ৰ অন্তত অক্ষয় কুমাৰৰ অনুৰাগীসকলৰ বাবে আহিল এখন ভাল চিনেমা। যিখন চিনেমা চাবলৈ হয়তো বহু সময় ধৰি অপেক্ষাৰত আছিল অভিনেতাগৰাকীৰ অনুৰাগীসকল।

OMG 2 And Assam Controversy

OMG 2 মুকলি হোৱাৰ পূৰ্বে যথেষ্ট বিতৰ্কত সোমাই পৰিছিল। অক্ষয় কুমাৰে মহাদেৱ শিৱৰ (Shiv Mahadev) চৰিত্ৰত অভিনয় কৰাক লৈ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল (OMG 2 And Assam Controversy)। যাৰ ফলত চিনেমাখনৰ কিছু দৃশ্য কাটিহে মুকলি কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছিল।

পিছে এইসমূহ বিতৰ্ক আছিল ছবিখন মুকলি হোৱাৰ পূৰ্বে, কিন্তু এতিয়া মুকলি হোৱাৰ পিছতো ছবিখন পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে। বিশ্ব বা দেশৰ কথা নকও, অসমতে এতিয়া OMG 2 হৈ পৰিছে আলোচনাৰ কেন্দ্ৰবিন্দু (OMG 2 And Assam Controversy)

বলীউডৰ কেইবাখনো ছবি অসমত দৃশ্যগ্ৰহণ হোৱাৰ লগতে অভিনেতা-অভিনেত্ৰীৰ সংলাপতো অসমৰ নাম বাৰে বাৰে উচ্চাৰিত হৈ আহিছে। সাধাৰণভাবে চাব গ’লে বলীউডৰ ছবিত অসমৰ (Assam) প্ৰসংগই স্থান পালে অসমবাসী উৎফুল্লিত হৈ উঠে। কিন্তু এইবাৰ ওলোটা হ’ল।

১১ আগষ্টত চিনেমাহলত মুক্তি পোৱা OMG 2 এতিয়া বক্স অফিচত ১০০ কোটি টকাৰ ক্লাবত স্থান পাইছে। যিয়ে চিনেমাখন চাইছে তাৰে মুখৰ পৰা হয়তো ওলাইছে OMG, কিন্তু এইবাৰ অক্ষয় কুমাৰৰ এই ছবিখনৰ ওপৰত অসমৰ কিছু সংখ্যক লোক ক্ষুব্ধ হৈ উঠিছে। কাৰণ ছবিখনৰ দুটামান সংলাপে অসমবাসীক ভাবিবলৈ বাধ্য কৰোৱাইছে যে এয়া উপহাসিত নে গৌৰৱ কৰা কথা (OMG 2 And Assam Controversy)

যদি ভৱা-চিন্তা নকৰি চোৱা যায় তেন্তে এয়া গৌৰৱৰ কথা কাৰণ পুনৰ এখন বলীউড চিনেমাত অসমৰ নাম উল্লেখ কৰা হৈছে। কিন্তু অলপ গভীৰতালৈ গ’লে বুজিব পাৰি যে এয়া গৌৰৱৰ কথা নহয়, লাজৰ কথাহে!

দেশজুৰি বিতৰ্কৰ সৃষ্টি হোৱা OMG 2 ছবিখনৰ এটা দৃশ্যত অসম আৰক্ষীয়ে (Assam Police) নিজৰ কাৰ্যকলাপৰ বাবে উপহাসৰ সন্মুখীন হ’বলগীয়া হৈছে। আনহাতে চিনেমাখনত অসমৰ আন এক অবাঞ্চিত অভিলেখৰ তথ্যও দাঙি ধৰা হৈছে। বিদ্যালয়ৰ পাঠ্যক্ৰমত “SEX EDUCATION” অন্তৰ্ভুক্তিৰ দাবীক লৈ OMG 2 ছবিখন নিৰ্মাণ কৰা হৈছে।

সকলো ঠিকেই আছিল কিন্তু ছবিখনৰ মাজতে অসমৰ নাম উল্লেখ কৰা হ’ল। কিন্তু এনেদৰে- ছবিখনৰ মূল চৰিত্ৰ কান্তি শৰণ মুদগাল নাম ভূমিকাত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা পংকজ ত্ৰিপাঠীয়ে।

কান্তি শৰণ মুদগালে পুত্ৰৰ বাবে আদালতত যুঁজ দি থাকোতে সেই সময়ত ওলাল অসমৰ নাম। য’ত ইণ্টাৰনেটত পৰ্ণগ্ৰাফী (Pronography) ছাৰ্চ কৰাৰ ক্ষেত্ৰত অসম শীৰ্ষত আছে বুলি অভিহিত কৰে (OMG 2 And Assam Controversy)

এই আইনী যুঁজতে আদালতত যুক্তি দাঙি ধৰি অভিনেতা পংকজ ত্ৰিপাঠীয়ে অসম পৰ্ণগ্ৰাফী ছাৰ্চত দেশৰ ভিতৰতে শীৰ্ষত আছে বুলিও কোৱা দেখা গৈছিল।

ইফালে ছবিখনত গুৱাহাটী আৰক্ষীৰ (Guwahati Police) নামো উপহাস হিচাপে লোৱা দেখা গ’ল। অসম আৰক্ষীয়ে বিভিন্ন সময়ত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ৰাজনৈতিক গোচৰত একাংশ বিৰোধী নেতাক গ্ৰেপ্তাৰ কৰি আনি দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰাৰ বাবেই বলীউডৰ ছবিখনত অসম আৰক্ষীৰ ‘কৰ্ম দক্ষতা’ক ঋণাত্মকভাবে উপস্থাপন কৰা দেখা গ’ল।

ছবিখনত অভিনেতা পংকজ ত্ৰিপাঠীয়ে (Pankaj Tripathi) ধৰ্মীয় আৱেগত আঘাত হনা এটা মন্তব্যৰ বাবে দেশৰ বিভিন্ন ৰাজ্যত ৭৩খন FIR দাখিল হৈছে। ইয়াৰে এখন FIR গুৱাহাটীত দাখিল হৈছে বুলিও কোৱা দেখা গ’ল ছবিখনত।

সেই কথাকে ক’বলৈ গৈ আৰক্ষীজনে অভিনেতা পংকজ ত্ৰিপাঠীক কয়- “Waha (Guwahati) toh tujhe jana hi padega kyunki Guwahati police lene aa gaye hai”।

বাস্তৱত পূৰ্বে অসম আৰক্ষীয়ে প্ৰধানমন্ত্ৰীৰ সন্দৰ্ভত কৰা এটা মন্তব্যৰ বাবে চাটাৰ্ড ফ্লাইট লৈ গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰি আনিছিল গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মোৱানীক (OMG 2 And Assam Controversy)

লগতে মোদীৰ সন্দৰ্ভতে কৰা মন্তব্যৰ বাবে দিল্লীৰ বিমান বন্দৰৰ পৰাই অসম আৰক্ষীয়ে (Assam Police) গ্ৰেপ্তাৰ কৰিছিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পৱন খেড়েক।

ৰাজনৈতিক গোচৰত বিৰোধী নেতাক গ্ৰেপ্তাৰত অসম আৰক্ষীয়ে ইতিমধ্যে দেশৰ ভিতৰত কুখ্যাতি অৰ্জন কৰিছে। যাৰ বাবে ছবিখনত মূল নায়কজনক গ্ৰেপ্তাৰৰ বাবে গুৱাহাটী আৰক্ষী (Guwahati Police) আহি থকা বুলি কোৱা সংলাপে অসম আৰক্ষীক উপহাস কৰা বুলি বিভিন্নজনে সমালোচনা কৰিবলৈ ধৰিছে।

পিছে OMG 2ত অসম আৰু গুৱাহাটী আৰক্ষীৰ নাম উল্লেখ কৰি উপহাস কৰা হ’ল নে, গৌৰৱান্বিত কৰা হ’ল সেয়া বুজাসকলে বুজি পাব, আপোনাৰ কি মতামত, এয়া গ্ৰহণযোগ্য নে অগ্ৰহণযোগ্য (OMG 2 And Assam Controversy)?

Photo: Google

লগতে পঢ়কঃ 4 Trees For Money: এই ৪ জোপা গছে “টকা-পইচা” চুম্বকৰ দৰে টানি আনে! ধনী-ধনী মানুহৰ ঘৰতো থাকে এই গছ; পিছে জানো আহক কি কি গছ?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -