32 C
Guwahati
Saturday, May 18, 2024

Latasil Bihu Samragi 2023: প্ৰতীক্ষা ৰাণী বৰগোঁহাইৰ শিৰত জিলিকিল এই বৰ্ষৰ ‘বিহু সম্ৰাজ্ঞী’ৰ মুকুট; সন্মান লাভৰ পিছতে প্ৰতীক্ষাই ক’লে- ”বুজাব নোৱাৰো এই অনুভৱ, চেষ্টাৰ ফলত এটা সন্মান পালো”

Latasil Bihu Samragi 2023 In Guwahati: ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ (Guwahati Bihu Sanmilani) ২০২৩ বৰ্ষৰ বিহু সম্ৰাজ্ঞী , বিহু ৰাণী আৰু বিহু কুঁৱৰী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা হৈছে।

Must Read

Latasil Bihu Samragi 2023 In Guwahati: ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ (Guwahati Bihu Sanmilani) ২০২৩ বৰ্ষৰ বিহু সম্ৰাজ্ঞী (Latasil Bihu Samragi 2023), বিহু ৰাণী (Bihu Rani) আৰু বিহু কুঁৱৰী (Bihu Konwri) প্ৰতিযোগিতাৰ ফলাফল ঘোষণা হৈছে।

প্ৰতি বছৰৰ দৰে এইবছৰো লতাশিল বিহুৰ এই প্ৰতিযোগিতাখনত দৃষ্টি নিবদ্ধ আছিল সমগ্ৰ অসমবাসীৰ। এইবেলি লতাশিল বিহু সন্মিলনীৰ ‘বিহু সম্ৰাজ্ঞী’ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ কাহিলীপাৰাৰ প্ৰতীক্ষা ৰাণী বৰগোঁহায়ে (Pratiksharani Borgohain Named Bihu Samragi 2023)। প্ৰতীক্ষাই জিকিলে এই বৰ্ষৰ ২০২৩ বৰ্ষৰ‘বিহু সম্ৰাজ্ঞী’ৰ সন্মান (Latasil Bihu Samragi 2023)

Latasil Bihu Samragi 2023
Latasil Bihu Samragi 2023

প্ৰতিগৰাকী বিহুৱতীৰে এটা সপোন থাকে। ঐতিহ্যমণ্ডিত লতাশিল বিহুৰ (Latasil Bihu) বিহু সম্ৰাজ্ঞী (Bihu Samragyi 2023) প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী হোৱাৰ হেঁপাহ মনত পুহি ৰাখে প্ৰতিগৰাকী বিহুৱতীয়ে। এইবাৰ সেই সপোন পূৰণ হ’ল কাহিলীপাৰাৰ প্ৰতীক্ষা ৰাণী বৰগোঁহাইৰ।

Latasil Bihu Samragi 2023
Latasil Bihu Samragi 2023

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৭ গৰাকী বিহুৱতীয়ে অংশগ্ৰহণ কৰিছিল বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত (Latasil Bihu Samragi 2023)। তাৰ ভিতৰত প্ৰতীক্ষা ৰাণী বৰগোহাঁয়ে (Pratiksharani Borgohain) অৰ্জন কৰে শ্ৰেষ্ঠ সন্মান। এই সন্মান লাভ কৰাৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত প্ৰতীক্ষা ৰাণীয়ে কয় যে-

”বুজাব নোৱাৰো এই অনুভৱ। বিহুৱতী হোৱাৰ পৰা এটাই সপোন থাকে ‘বিহু সম্ৰাজ্ঞী’(Bihu Samragyi 2023)। বহুত কষ্ট কৰাৰ পিছত এই ফল পাইছো। প্ৰতিবাৰেই মনত এটা হেঁপাহ পুহি ৰাখো যে এইবছৰ হ’ম, চেষ্টাৰ অসাধ্য একো নাই। সেইটোৱে আজি ফল দিলে। চেষ্টাৰ ফলত এটা সন্মান পালো।”

Photo: Batori24

লগতে পঢ়কঃ Nagaon Horrific Murder Case: নৃশংসতাৰ সীমা পাৰ! মদৰ নিচাত স্বামীয়ে বাঁহেৰে কোবাই কোবাই হত্যা কৰিলে পত্নীক…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -