Harda Accident 4 Died: বুধবাৰে মধ্যপ্ৰদেশৰ (Madhyapradesh) হৰদাৰ টিমাৰণি থানা এলেকাৰ গ্ৰাম নৌছৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়।
এখন গাড়ী অনিয়ন্ত্ৰিত হৈ গছত খুন্দা মাৰে (Car Colided With Tree)।
খুন্দা মৰাৰ পিছত ভয়ংকৰ জুই লাগে, যাৰ ফলত গাড়ীখনত থকা ২ ভাতৃ, বৌসহ ৪জন লোক জীৱন্তে জ্বলি ছাই হৈ যায় (Uncontrollable Car Collided With A Tree Four People Burnt Alive)। দুৰ্ঘটনাত নিহত সকলক বৰকলা ছৰখেদা গাঁৱৰ নিৱাসী অখিলেশ কুশ্বৱাহা, ভাতৃ ৰাকেশ কুশ্বৱাহা, ৰাকেশৰ পত্নী শিৱানী আৰু আনজন আদৰ্শ বুলি চিনাক্ত কৰা হৈছে।
মৃত লোকসকলৰ বয়স ২৫ৰ পৰা ৩০ বছৰ আছিল। জানিবলৈ দিয়া অনুসৰি বুধবাৰে পুৱা তেওঁলোক গাঁৱলৈ উভতি আছিল। সেই সময়তে এই দুৰ্ঘটনা সংঘটিত (Harda Accident) হয়। জানিবলৈ দিয়া অনুসৰি ৰাকেশৰ ৬ মাহ পূৰ্বে বিয়া হৈছিল।
জানিব পৰা মতে, অখিলেশ আৰু আদৰ্শ পেছাগতভাৱে ফটোগ্ৰাফী কৰিছিল। মঙলবাৰে তেওঁলোকে ছিহোৰৰ দীপগাঁৱলৈ এক বিবাহ অনুষ্ঠানৰ ফটোগ্ৰাফী কৰিবলৈ গৈছিল।
हरदा के नौसर गांव में एक कार पेड़ से टकरा गई। इस हादसे में कार सवार चार लोग जिंदा जल गए। #HardaNews #Burningcar #MPNews pic.twitter.com/ELpbDisjsa
— NaiDunia (@Nai_Dunia) May 31, 2023
তাৰ পৰা উভতি অহাৰ পথত অখেলশ আৰু আদৰ্শই নছৰুলগঞ্জত থকা শিৱানীৰ মাতৃগৃহত সোমাই ৰাকেশ আৰু শিৱানীকো লগত লৈ ঘৰলৈ ওভতে।
কিন্তু পোৰ্খানী গাঁৱৰ সমীপত তেওঁলোকৰ চাৰিচকীয়া বাহনখন নিয়ন্ত্ৰণহীন হৈ পথৰ দাঁতিৰ এজোপা গছত খুন্দা মৰাৰ পিছতে দাউদাউকৈ জ্বলি উঠে (Uncontrollable Car Collided With A Tree And Burnt)।
যাৰ ফলতে গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ চাৰিওজনে অকাল মৃত্যুক সাৱটি (Harda Accident 4 Died) লয়। জানিব পৰা মতে, মাত্ৰ ৬ মাহ পূৰ্বে বিবাহ সম্পন্ন হৈছিল ৰাকেশ আৰু শিৱানীৰ।
এটা পেট্ৰ’ল পাম্পত কৰ্মৰত ৰাকেশে বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে পত্নী শিৱানীৰ সৈতে শহুৰেকৰ ঘৰলৈ গৈছিল। তাৰ পৰা ভাতৃৰ গাড়ীত একেলগে ঘৰলৈ ওভতাৰ পথতে অকাল মৃ্ত্যুক সাৱটি লয় আটাইকেইজনে।
Photo: Google