Adil Hussain Best Actor Award UK Asian Film Festival: আকৌ এবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম গঢ়িলে অসমৰ গৌৰৱ অভিনেতা আদিল হুছেইনে।
লণ্ডনত অনুষ্ঠিত ‘ইউ কে এছিয়ান ফিল্ম ফেষ্টিভেল’ত ‘ফুটপ্ৰিণ্টছ্ অন ৱাটাৰ’ (Footprints On Water) নামৰ ছবিখনত কৰা অনবদ্য অভিনয়ৰ জৰিয়তে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিবলৈ সক্ষম হ’ল অসম সন্তান তথা বলীউডৰ খ্যাতনামা অভিনেতাগৰাকীয়ে (Adil Hussain Bags Best Actor Award At UK Asian Film Festival)৷
উল্লেখ্য, ১৩ মে’ত ‘ইউ কে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ত প্ৰিমিয়াৰ হৈছিল আদিল হুছেইন অভিনীত বলীউডৰ ছবিখনৰ ৷ এই ছবিখন পৰিচালনা কৰিছে নাটালিয়া শ্যামে (Directorial Debut Of Nathalia Syam)।
ব্ৰিটেইনলৈ হোৱা অনুপ্ৰৱেশ আৰু প্ৰৱজনকাৰীসকলে ব্ৰিটেইনত সন্মুখীন হোৱাৰ সমস্যাক বিষয়বস্তু হিচাবে লৈ ছবিখনৰ কাহিনীভাগ আগবঢ়াই নিয়া হৈছে ৷ ব্ৰিটেইনত অনুপ্ৰৱেশ কৰাৰ পাছত এগৰাকী পিতৃয়ে নিজ সন্তানক হেৰুৱাৰ কৰুণ কাহিনীৰ লগতে সন্তানৰ সন্ধান কৰাৰ বৰ্ণনা কৰা হৈছে এই ছবিখনত ৷
উক্ত ছবিখনৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে অসম সন্তান আদিল হুছেইনে (Adil Hussain Best Actor)৷ মন কৰিবলগীয়া যে, ‘ফুটপ্ৰিণ্টছ্ অন ৱাটাৰ’ (Footprints On Water) ছবিখনে ইয়াৰ পূৰ্বে নিউয়ৰ্কত অনুষ্ঠিত ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত পৰিচালকৰ প্ৰথম ছবিৰ শিতানত শ্ৰেষ্ঠ ছবি হিচাবেও পুৰস্কৃত হৈছিল। এই ছবি মহোৎসৱতো আদিল হুছেইনে শ্ৰেষ্ঠ অভিনেতাৰ বাবে মনোনয়ন লাভ কৰিছিল (Adil Hussain Best Actor)।
লগতে অসমৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু নিৰ্দেশক শিলাদিত্য বৰাই (Filmmaker And Producer Shiladitya Bora) জিকিলে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা (Best Film Award)। ‘ভগৱান ভৰছো’ (Bhagwan Bharose) নামৰ চলচ্চিত্ৰখনৰ বাবে এই সন্মান লাভ কৰে বৰাই।
Photo: Google