31 C
Guwahati
Saturday, May 18, 2024

Wife Leaves Home For Tomato: দাম বাঢ়িল বিলাহীৰ, কষ্ট পালে স্বামীয়ে! ঘৈনীয়েকক নোসোধাকৈ গিৰীয়েকে ২টা “বিলাহী” দিছিল ছবজীত; তাৰ পিছত খঙত ঘৰ এৰি গুচি গ’ল পত্নী…

Wife Leaves Home For Tomato In Madhya Pradesh: বৰ্তমান দেশত বিলাহীৰ মূল্য আকাশলংঘী। বিলাহীৰ মূল্য প্ৰতিকেজিত ১৩০ টকাতকৈ অধিক হৈ গৈছে

Must Read

Wife Leaves Home For Tomato In Madhya Pradesh: বিলাহীৰ আকাশলংঘী মূল্যই বহু লোকৰে পকেটত যথেষ্ট প্ৰভাৱ পেলাইছে।

মূল্যবৃদ্ধিয়ে (Tomato Price Hike) কেৱল গ্ৰাহককে প্ৰভাৱিত কৰা নাই। ৰেষ্টুৰা, ধাবা, হোটেল আৰু অন্য ব্যৱসায়ীসকলৰ বাবে প্ৰত্যাহ্বান আহি পৰিছে।

Wife Leaves Home For Tomato
স্বামী-স্ত্ৰী

বৰ্তমান দেশত বিলাহীৰ মূল্য প্ৰতিকেজিত ১৩০ টকাতকৈ অধিক হৈ গৈছে। যাৰ বাবে কিছুদিন পূৰ্বে কৰ্ণাটকত চোৰে খেতিৰ বিলাহী চুৰি কৰি নিছিল। এতিয়া বিলাহীক লৈ এহাল স্বামী-স্ত্ৰীৰ মাজত কাজিয়া লাগি পত্নী ঘৰ এৰি গুচি যায়।

Wife Leaves Home For Tomato
দুৰ্ভগীয়া স্বামী

ইয়াৰ মাজতে, এতিয়া বিলাহীৰ দাম বৃদ্ধি হোৱাৰ বাবে পৰিয়ালত হোৱা বিবাদসমূহো পোহৰলৈ আহিবলৈ ধৰিছে। হয়, বিলাহীয়ে কেৱল ঘৰৰ বাজেটে উলট-পালট কৰা নাই, লগতে পৰিয়ালৰ পৰিৱেশো সলনি হ’বলৈ ধৰিছে (Wife Leaves Home For Tomato)

এনে এক আচৰিত ঘটনা মধ্যপ্ৰদেশৰ (Madhya Pradesh) শ্বাহডোল জিলাৰ (Shahdol) পৰা পোহৰলৈ আহিছে, য’ত বিলাহীক লৈ হোৱা বিবাদৰ পিছত এহাল স্বামী-স্ত্ৰীৰ মাজত ঘটনাটো ইমানেই বেয়ালৈ গুচি গ’ল যে পত্নীয়ে নিজৰ কন্যাক লৈ স্বামীৰ ঘৰ এৰি গুচি যায় (Madhya Pradesh Man Uses Tomatoes While Cooking Food Wife Leaves Home)

জানিবলৈ দিয়া অনুসৰি, মহিলাগৰাকীয়ে স্বামীক এইকাৰণে এৰিলে যে, কাৰণ তেওঁ নোসোধাকৈ ছবজীত ২টা বিলাহী দি দিছিল (Husband Used 2 Tomatoes)

ৰিপৰ্ট অনুসৰি, শ্বাহডোল জিলাৰ ধনপুৰী থানা অঞ্চলৰ বেমহোৰী গাঁৱত বাস কৰা সঞ্জীৱ বৰ্মা এখন সৰু ধাবা চলায়। লগতে তেওঁ অনলাইন টিফিন ছাৰ্ভিচো চলায়। দুদিন পূৰ্বে তেওঁ পত্নীক নোসোধাকৈ ছবজীত বিলাহী দিছিল।

এই কথাটো পত্নীয়ে গম পোৱাৰ লগে লগে খঙৰ ভমকত জ্বলি উঠে। সঞ্জীৱৰ পত্নী খং হৈ নিজৰ সৰু কন্যাক লগত লৈ নিজৰ স্বামীৰ ঘৰ এৰি ক’ৰবালৈ গুচি যায় (Wife Leaves Home After An Argument With Husband Over Using Tomatoes In Food)

স্বামীয়ে এই ভুলৰ বাবে ক্ষমা খোজে, কিন্তু পত্নীয়ে এবাৰো নুশুনিলে আৰু ঘৰ এৰি গুচি যায়।

ভুক্তভোগী সন্দীপ বৰ্মনে আৰক্ষীক খবৰ দিয়ে আৰু পত্নী আৰতি বৰ্মনক বিচাৰিবলৈ অনুৰোধ জনায় (Wife Leaves Home For Tomato)

তেওঁ ক’লে- “তাই মোৰ কন্যাৰ সৈতে ঘৰৰ পৰা ওলাই যায় আৰু বাছত উঠি গুচি যায়। মই ৩ দিন ধৰি বিচাৰি আছো। আৰক্ষীক তেওঁলোকৰ ফটোও দিয়ে, কিন্তু তেওঁলোকক বিচাৰি নাপালে।”

মোৰ পত্নীয়ে বিচাৰিছিল যে মই ছবজীত বিলাহী নিদিও। কিন্তু মোৰ ভুলতে দিয়া গ’ল (Wife Leaves Home For Tomato)

Photo: Google

লগতে পঢ়কঃ Women Behind Chandrayaan 3: কাউণ্ট-ডাউন শেষ; সফলতাৰে চন্দ্ৰৰ দেশলৈ গুচি যায় চন্দ্ৰযান-৩, পিছে জানেনে এইবাৰ চন্দ্ৰ মিছনত জড়িত আছে ৫৪ গৰাকী মহিলা…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -