29 C
Guwahati
Sunday, May 19, 2024

Police Indecent messages: চৰিত্ৰহীন আৰক্ষী বিষয়াৰ নিৰ্লজ্জ কাণ্ড! যুৱতীক “বাথৰুমত গা ধুই থকা ফটো” খুজিছিল এজন আৰক্ষী বিষয়াই; ঘটনাৰ পিছতে ৰাস্তাতে যুৱতীক খুজিলে আঁঠুকাঢ়ি ক্ষমা, যুৱতীয়ে শোধালে পূৰ্ণহতীয়া চৰ

Police Indecent messages At Tezpur: পুনৰ বিতৰ্কত অসম আৰক্ষী। এইবাৰ তেজপুৰৰ (Tezpur Police) এগৰাকী চৰিত্ৰহীন আৰক্ষী বিষয়াই কৰিলে কু-কাণ্ড

Must Read

Police Indecent messages At Tezpur: পুনৰ বিতৰ্কত অসম আৰক্ষী (Assam Police)। এইবাৰ তেজপুৰৰ (Tezpur Police) এগৰাকী চৰিত্ৰহীন আৰক্ষী বিষয়াই কৰিলে কু-কাণ্ড।

এই কু-কাণ্ড পোহৰলৈ অহাৰ পিছতে ৰাইজৰ ৰোষত পৰে অসম আৰক্ষীৰ সশস্ত্ৰ শাখাৰ পৰিদৰ্শক লোহিত ৰাজবংশী (Tezpur Armed Branch Inspector Lohit Rajbongshi)

ৰাস্তাৰ মাজতে যুৱতীগৰাকীক আঁঠু কাঢ়ি ক্ষমা খোজে। খাকী পোছাকতে আৰক্ষী বিষয়াজনক ভুক্তভোগী যুৱতীগৰাকীয়ে শোধালে পূৰ্ণ হতীয়া চৰ (Girl Slapping Police Officer Lohit Rajbongshi)।

এতিয়া এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (DGP GP Singh) অসম আৰক্ষীৰ (Assam Police) বিষয়া আৰু কৰ্মচাৰীলৈ মুকলি পত্ৰ লিখাৰ ২৪ ঘণ্টা নহওতেই সংঘটিত হয় এই নিৰ্লজ্জ ঘটনাটো।

দৰাচলতে, উপ-পৰিদৰ্শক লোহিত ৰাজবংশীয়ে এগৰাকী যুৱতীক মোবাইলৰ জৰিয়তে অশ্লীল ফটো বিচাৰিছিল (Police Indecent messages)। এই লৈ ক্ষুন্ন হৈ আছিল যুৱতীগৰাকী। যুৱতীগৰাকীয়ে আৰক্ষী বিষয়াজনক “বৰদেউতা” বুলি সম্বোধন কৰিছিল।

কিন্তু পিতৃ বয়সৰ লোকেজনৰ এই কাৰ্যত অতিষ্ঠ হৈ বিগত কিছুদিনৰ পৰা যুৱতীগৰাকী আছিল এছ আই লোহিত ৰাজবংশীৰ সন্ধানত।

শুকুৰবাৰে তেজপুৰত লোহিত ৰাজবংশীক লগ পোৱাৰ লগে লগে ৰাজপথতে পূৰ্ণহতীয়া চৰ শোধালে। ইয়াৰ পিছতে স্থানীয় লোকে আহি ঘটনাস্থলীত ভিৰ কৰে। ঘটনা বিষম দেখি এছ আই লোহিত ৰাজবংশীয়ে তেওঁৰ এই কাৰ্যৰ বাবে আঠু কাঢ়ি ক্ষমা বিচাৰিবলৈ বাধ্য হয়।

Police Indecent messages

যুৱতীগৰাকীৰ অভিযোগ অনুসৰি অসম আৰক্ষীৰ এই বিষয়াজনে যুৱতীগৰাকীক বাথৰুমত অন্তৰ্বাস পিন্ধি উঠা গোপন ফটো প্ৰেৰণ কৰিবলৈ দিছিল ৷

তেজপুৰ আৰক্ষী (Tezpur Police) চাউনিত পৰিদৰ্শক (সশস্ত্ৰ) ৰূপে কৰ্মৰত লোহিত ৰাজবংশী নামৰ এই নষ্ট চৰিত্ৰৰ আৰক্ষী বিষয়াজনে চাকৰি দিয়াৰ প্ৰলোভন দি যুৱতীগৰাকীৰ মোবাইললৈ প্ৰেৰণ কৰিছিল অশ্লীল মেচেজ (Police Indecent messages)

Police Indecent messages

নিজৰ কন্যাৰ বয়সৰ যুৱতীগৰাকীয়ে প্ৰথমে এই কথা পৰিয়ালক অৱগত কৰাৰ পিছত গাওঁবাসীৰ দৃষ্টিগোচৰ হয় বিষয়টো। যুৱতীগৰাকীয়ে কছাৰীগাঁও আৰক্ষী থানাত আনুষ্ঠানিক এজাহাৰ দাখিল কৰাৰ পিছতে এই ঘটনা পোহৰলৈ আহিছে।

শুকুৰবাৰে কৰ্তব্যৰ মাজতে ঘৰলৈ যোৱা আৰক্ষী বিষয়াগৰাকী বৰুৱাচুবুৰী গাওঁবাসীৰ ৰোষত পৰে। নিজৰ খাকী পোছাক পৰিধান কৰিয়েই ৰাইজৰ ওচৰত ক্ষমা খোজে আৰক্ষী বিষয়াগৰাকীয়ে আৰু ভৱিষ্যতে তেনে কাম নকৰাৰ মৌখিক প্ৰতিশ্ৰুতি দিয়ে।

তাৰ পিছত ঘটনাস্থলীৰ পৰা তেজপুৰ আৰক্ষীৰ দলে (Tezpur Police)আৰক্ষী বিষয়াগৰাকীক উদ্ধাৰ কৰি সদৰ আৰক্ষী থানালৈ লৈ যায়।

এই ঘটনাৰ পিছতে তেজপুৰৰ সশস্ত্ৰ বাহিনীৰ পৰিদৰ্শক লোহিত ৰাজবংশীক তাৎক্ষণিকভাৱে নিলম্বন কৰিছে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে (Tezpur Armed Branch Inspector Lohit Rajbongshi Suspended)

এই কথা টুইটযোগে সদৰি কৰি জি পি সিঙে (Assam DGP GP Singh) কয় যে ইতিমধ্যে উক্ত বিষয়টোৰ বিভাগীয় তদন্ত ঘোষণা কৰা হৈছে আৰু ৭ দিনৰ ভিতৰত তদন্ত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

পৰৱৰ্তী সময়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে। আৰক্ষী বাহিনীয়ে কোনো বিকৃত আচৰণ সহ্য নকৰে, আৰু স্বচ্ছতা নিশ্চিত কৰা হ’ব বুলি কয় সিঙে।

এই ঘটনাৰ ফলত অসমত আৰক্ষী জোৱানৰ বিৰুদ্ধে ক্ৰমবৰ্ধমান অনুশাসনমূলক ব্যৱস্থাৰ সংখ্যা আৰু বৃদ্ধি কৰিলে।

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (Assam DGP GP Singh) অসম আৰক্ষীৰ সকলো বিষয়া, জোৱানকে নাৰীক সন্মান আৰু মৰ্যাদা দিবলৈ আহ্বান জনাই আহিছে। আৰক্ষী দেখিলে নাৰী, শিশু, দুৰ্ৱল শ্ৰেণীৰ লোকে যাতে সুৰক্ষিত অনুভৱ কৰে তাৰ বাবে সকলোকে সংযম হ’বলৈ কঠোৰ নিৰ্দেশ দি আহিছে।

কিন্তু তাৰ পাছতো একাংশ আৰক্ষী বিষয়াই নিজৰ ক্ষমতাৰ বলত গুৰু গোঁসাই নামানি ধাৰাবাহিকভাৱে এনে অপকৰ্মত লিপ্ত হৈয়ে আছে (Police Indecent messages)

এনে আৰক্ষী বিষয়া আৰু জোৱানক লৈ জি পি সিঙে অসম আৰক্ষীত কিদৰে সংস্কাৰ আনিব বা আৰক্ষীক দেখিলে মহিলা আৰু যুৱতীয়ে কিদৰে সুৰক্ষিত অনুভৱ কৰিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

Photo: Batori24

লগতে পঢ়কঃ Wife Leaves Home For Tomato: দাম বাঢ়িল বিলাহীৰ, কষ্ট পালে স্বামীয়ে! ঘৈনীয়েকক নোসোধাকৈ গিৰীয়েকে ২টা “বিলাহী” দিছিল ছবজীত; তাৰ পিছত খঙত ঘৰ এৰি গুচি গ’ল পত্নী…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -