22 C
Guwahati
Sunday, May 5, 2024

Women Behind Chandrayaan 3: কাউণ্ট-ডাউন শেষ; সফলতাৰে চন্দ্ৰৰ দেশলৈ গুচি যায় চন্দ্ৰযান-৩, পিছে জানেনে এইবাৰ চন্দ্ৰ মিছনত জড়িত আছে ৫৪ গৰাকী মহিলা…

Women Behind Chandrayaan 3: শুকুৰবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ লঞ্চ পেডৰ পৰা উৎক্ষেপণ কৰা হয় চন্দ্ৰযান-৩

Must Read

Women Behind Chandrayaan 3 Who Worked Directly: নিৰ্দিষ্ট সময়মতে শুকুৰবাৰে দিনৰ ঠিক ২:৩৫ বজাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ISRO) চন্দ্ৰযান-৩ সফলতাৰে চন্দ্ৰৰ (Moon) দেশলৈ উৎক্ষেপন হৈ যায়।

শুকুৰবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ (Sriharikota Satish Dhawan Space Centre) লঞ্চ পেডৰ পৰা উৎক্ষেপণ কৰা হয় চন্দ্ৰযান-৩। দেশবাসীয়ে এই মুহূৰ্তটোৰ বাবেই অপেক্ষা কৰি আছিল।

এতিয়া চন্দ্ৰপৃষ্ঠত সফল অৱতৰণৰ বাবে অপেক্ষা এতিয়া ভাৰতীয় মহাকাশ বিজ্ঞানীসকলৰ লগতে কোটি কোটি ভাৰতীয়ৰ। চন্দ্ৰযান-৩ৰ (Chandrayaan 3) সফল অৱতৰণৰ বাবে এতিয়া সকলো অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে।

যদি এই অভিযান সফল হয় তেন্তে আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত ভাৰত হ’ব বিশ্বৰ চতুৰ্থখন দেশ, যাৰ মহাকাশযান চন্দ্ৰত অৱতৰণ কৰিব। শুকুৰবাৰে উন্মোচন স্থানত উপস্থিত থাকে বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিং।

চন্দ্ৰযান-৩ৰ (Chandrayaan 3) লেণ্ডাৰৰ নাম ‘বিক্ৰম’ আৰু ৰোভাৰৰ নাম ‘প্ৰজ্ঞান’। চন্দ্ৰযানখন আগন্তুক ৪০ দিনৰ পিছত ২৩ৰ পৰা ২৪ আগষ্টৰ ভিতৰত চন্দ্ৰত অৱতৰণ কৰাৰ সম্ভাৱনা।

ISROৰ এই অভিলাষী অভিযানত নিয়োজিত হৈ আছে বহুসংখ্যক বিজ্ঞানী তথা অভিযন্তা। এইকেইগৰাকী বিজ্ঞানী তথা অভিযন্তাৰ ভিতৰত আছে কেইবাগৰাকীও মহিলা (Women Behind Chandrayaan 3)

লগতে পঢ়কঃ Chandrayaan 3: সোণালী ইতিহাস ৰচিব Isro-এ! আজি দিনৰ ২ বাজি ৩৫ মিনিটত জোনবাইৰ দেশলৈ যাব তৃতীয়খন চন্দ্ৰ মিছন Chandrayaan 3; এয়া দেশৰ বাবে যথেষ্ট গৌৰৱৰ সময়, সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া “ভাৰত”ত

ভাৰতীয় মহাকাশ সংস্থা (ISRO)ৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে- চন্দ্ৰযান ২ (Chandrayaan 2)অভিযানৰ বিপৰীতে চন্দ্ৰযান-৩ (Chandrayaan 3) অভিযানৰ নেতৃত্বত পুৰুষসকল আছে, কিন্তু এই অভিযানত বহুসংখ্যক মহিলাই যোগাইছে অৰিহণা।

নাম প্ৰকাশ নকৰাৰ চৰ্তত বিষয়াগৰাকীয়ে লগতে কয় যে, “চন্দ্ৰযান-৩ চন্দ্ৰ মিছনত প্ৰায় ৫৪ গৰাকী মহিলা অভিযন্তা/বিজ্ঞানীয়ে কাম কৰি আছে (54 Female Engineers/Scientists Who Worked Directly In The Chandrayaan-3 Mission)

তেওঁলোক বিভিন্ন কেন্দ্ৰত কাম কৰা বিভিন্ন প্ৰণালীৰ সহযোগী আৰু উপ-প্ৰকল্প সঞ্চালক আৰু প্ৰকল্প পৰিচালক।”

চন্দ্ৰযান-২ অভিযানত দুগৰাকী মহিলা পৰিচালক এম ভনিতা আৰু মিছন সঞ্চালক ৰিতু কৰিধল শ্ৰীবাস্তৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল (Ritu Karidhal And Vanitha M)

Women Behind Chandrayaan 3
Women Behind Chandrayaan 3

Women Behind Chandrayaan 3

আনহাতে চন্দ্ৰযান-৩ অভিযানৰ সঞ্চালক হৈছে মোহন কুমাৰ, বাহন/ৰকেট পৰিচালক হৈছে বিজু চি থমাছ আৰু মহাকাশযান পৰিচালক হৈছে ডঃ পি বীৰামুথুভেল।

শুকুৰবাৰে দুপৰীয়া চন্দ্ৰলৈ উৰা মৰা চন্দ্ৰযান-৩ মহাকাশযান কঢ়িয়াই লৈ শ্ৰীহৰিকোটা ৰকেট বন্দৰৰ পৰা ভাৰতীয় ৰকেট LVM-3 উৰা মাৰিলে। মহাকাশযানখনত এটা লেণ্ডাৰ আৰু এটা ৰভাৰ আছে (Women Behind Chandrayaan 3)

ইছৰোৰ চন্দ্ৰযানৰ কেন্দ্ৰত আছে এল ভি এম-৩ ৰকেট (LVM-3)। যিয়ে মহাকাশযানখনক শক্তি প্ৰদান কৰিব আৰু পৃথিৱীৰ কক্ষপথৰ পৰা বাহিৰলৈ ঠেলি দিব।

এলভিএম-৩ হৈছে তিনি স্তৰীয় উৎক্ষেপন বাহন। ইয়াৰ পূৰ্বে এই এলভিএম-৩ কেইবাটাও কৃত্ৰিম উপগ্ৰহ আৰু চন্দ্ৰ অভিযানত ব্যৱহাৰ কৰা হৈছিল। ইয়াক ভাৰতীয় ৰকেটৰ ‘বাহুবলী’ বুলি কোৱা হয়।

ইয়াত দুটা স্তৰত কঠিন ইন্ধন আৰু এটা স্তৰত তৰল ইন্ধন থাকে। কঠিন ইন্ধন ১২৭ ছেকেণ্ডৰ বাবে জ্বলি থাকে। উৎক্ষেপণৰ ১০৮ ছেকেণ্ডৰ ভিতৰতে তৰল ইন্ধন জ্বলিবলৈ আৰম্ভ কৰে। ই ৰকেটটোক ২০৩ ছেকেণ্ডৰ বাবে আগুৱাই লৈ যায় (Women Behind Chandrayaan 3)

উল্লেখ্য যে ২০১৯ চনৰ ৬ ছেপ্টেম্বৰত ইছৰ’ৰ চন্দ্ৰযান-২ চন্দ্ৰ পৃষ্ঠত লেণ্ডাৰ ‘বিক্ৰম’ক অৱতৰণ কৰোৱাত ব্যৰ্থ হৈছিল। অতীতৰ ভুলৰ পৰা শিক্ষা লৈ পুনৰ চন্দ্ৰৰ মাটি স্পৰ্শ কৰিবলৈ সাজু হৈছে ভাৰতীয় সংস্থাটোৱে।

পূৰ্বৰ অভিযানত প্ৰেৰণ কৰা অৰ্বিটাৰখনে এতিয়াও চন্দ্ৰক প্ৰদক্ষিণ কৰি আছে। গতিকে এইবাৰ ইছৰোৱে চন্দ্ৰৰ কক্ষপথলৈ আন অৰ্বিটাৰ প্ৰেৰণ নকৰে (Women Behind Chandrayaan 3)

এইবাৰ চন্দ্ৰযান-৩ৰ লগত যোৱা লেণ্ডাৰ আৰু ইয়াৰ ভিতৰত থকা ৰোভাৰে চন্দ্ৰযান-২ৰ অৰ্বিটাৰৰ সহায় লৈ চন্দ্ৰত অৱতৰণ কৰিব। ইছৰোৰ এই গৱেষণা চন্দ্ৰৰ ওপৰত দুসপ্তাহ ধৰি চলি থাকিব।

ইয়াৰ উপৰিও ইউৰোপীয় মহাকাশ সংস্থা আৰু নাছাৰ পৰাও সহায় ল’ব (Women Behind Chandrayaan 3)

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এতিয়ালৈকে হাতত লোৱা চন্দ্র অভিযানৰ কিছু ইংগিতঃ

১৫ আগষ্ট, ২০০৩: তদানীন্তন প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ীয়ে চন্দ্রযান কার্যসূচী ঘোষণা কৰিছিল।

২২ অক্টোবৰ, ২০০৮: চন্দ্ৰযান-১ শ্রীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৰা মাৰিছিল।

৮ নৱেম্বৰ, ২০০৮: চন্দ্রযান-১ চন্দ্র স্থানান্তৰ গতিপথত প্ৰৱেশ কৰিছিল।

১৪ নৱেম্বৰ, ২০০৮: মুন ইম্পেক্ট প্রোব চন্দ্রযান-১ৰ পৰা ওলায় আৰু চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয়- চন্দ্ৰপৃষ্ঠত পানীৰ অণুৰ উপস্থিতি নিশ্চিত কৰে।

২৮ আগষ্ট, ২০০৯: ইছৰোৱে চন্দ্রযান-১ কাৰ্যসূচীৰ সমাপ্তি ঘোষণা কৰে।

২২ জুলাই ২০১৯ : শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা চন্দ্ৰযান-২ উৎক্ষেপণ।

২০ আগষ্ট, ২০১৯ : চন্দ্রযান-২ মহাকাশযান চন্দ্ৰৰ কক্ষপথত নিক্ষেপ কৰা হয়।

২ ছেপ্টেম্বৰ ২০১৯: ১০০ কিলোমিটাৰ চন্দ্ৰ মেৰু কক্ষপথত চন্দ্ৰক প্ৰদক্ষিণ কৰোঁতে বিক্ৰম লেণ্ডাৰ পৃথক হৈ যায়, অৱশ্যে লেণ্ডাৰৰ পৰা গ্রাউণ্ড ষ্টেচনলৈ যোগাযোগ চন্দ্ৰপৃষ্ঠৰ পৰা ২.১ কিলোমিটাৰ উচ্চতাত হেৰাই গৈছিল

১৪ জুলাই, ২০২৩ : শ্রীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্রৰ দ্বিতীয় উৎক্ষেপণ পেডৰ পৰা চন্দ্ৰযান-৩ মহাকাশযান উৰা মাৰিবলৈ নিৰ্ধাৰণ কৰা হৈছিল।

Photo: Google

লগতে পঢ়কঃ Youth Died Rehab Centre Update: কি চ’লে ‘AAKAAR’ ৰিহেব চেণ্টাৰত? কেন্দ্ৰটোত মৃত্যু হোৱা “নৱজিতক” কৰা হৈছিল নেকি হত্যা? CCTVৰ দৃশ্য মতে- নৱজিতক হাত-ভৰি বান্ধি, মুখত সোপা দি ৰাখিছিল; কোবোৱা হৈছিল ৰডেৰে, আৰু…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -