29 C
Guwahati
Saturday, May 18, 2024

Youth Died Rehab Centre Update: কি চ’লে ‘AAKAAR’ ৰিহেব চেণ্টাৰত? কেন্দ্ৰটোত মৃত্যু হোৱা “নৱজিতক” কৰা হৈছিল নেকি হত্যা? CCTVৰ দৃশ্য মতে- নৱজিতক হাত-ভৰি বান্ধি, মুখত সোপা দি ৰাখিছিল; কোবোৱা হৈছিল ৰডেৰে, আৰু…

Youth Died Rehab Centre Update: বুধবাৰে গুৱাহাটীৰ ৰিহেব চেণ্টাৰৰ ভিতৰত এজন যুৱকৰ চাঞ্চল্যকৰ মৃত্যু ঘটিছিল (Youth Died Inside Rehab Centre)

Must Read

Youth Died Rehab Centre Update: বুধবাৰে গুৱাহাটীৰ ৰিহেব চেণ্টাৰৰ ভিতৰত এজন যুৱকৰ চাঞ্চল্যকৰ মৃত্যু ঘটিছিল (Youth Died Inside Rehab Centre)।

নাম সাঙোৰ খাইছিল কাহিলীপাৰাত থকা “আকাৰ” নামৰ ৰিহেব চেণ্টাৰটোৰ (AAKAAR REHABILITATION CENTER)

৩১ বছৰীয়া নৱজিৎ কলিতা নামৰ যুৱকজনৰ ৰহস্যজনকভাবে হোৱা মৃত্যুক পৰিয়ালৰ লোকে সহজভাবে মানি ল’ব পৰা নাছিল। নৱজিতক হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছিল। এই ৰিহেব চেণ্টাৰটোৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হৈছিল।

Youth Died Inside Rehab Centre

ইয়াৰ মাজতে এই ঘটনাই ল’লে নতুন মোৰ (Youth Died Rehab Centre Update)। এতিয়া এই চাঞ্চল্যকৰ ঘটনাটোৰ বহু ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷ কেন্দ্ৰটোত স্থাপন কৰা CCTVত পোহৰলৈ আহিছে নৱজিৎ কলিতাৰ মৃত্যুৰ ৰহস্য ৷

Youth Died Inside Rehab Centre

CCTVৰ দৃশ্য অনুসৰি, “আকাৰ”ত হাত-ভৰি বান্ধি মুখত সোপা দি ৰখা হৈছিল নৱজিতক ৷ তেনেকৈ ঘণ্টাৰ পাছত ঘণ্টা ছটফটাই আছিল ৩১ বছৰীয়া যুৱকজন (AAKAAR REHABILITATION FACILITY, DRUG ADDICTION TREATMENT CENTER)

লগতে পঢ়কঃ Youth Died Inside Rehab Centre: পুনৰ বিতৰ্কত নিচামুক্তি কেন্দ্ৰ! ৩ দিন আগতে ৰিহেব চেণ্টাৰত অহা যুৱকৰ “হঠাৎ” কেনেকৈ হ’ল মৃত্যু? পৰিয়ালৰ দাবী- “এয়া হত্যা”, কিন্তু কেন্দ্ৰৰ মতে…

মৃত্যুৰ সৈতে যুঁজি থকা অৱস্থাত কেয়াৰটেকাৰ ৰক্তিম কলিতাই চোৱাচিতা কৰিব লগীয়া হৈছিল নৱজিতক। কাহিলীপাৰাৰ নিচামুক্তি কেন্দ্ৰ ‘আকাৰ’ৰ CCTVত বন্দী হোৱা (CCTV Footage) এই চাঞ্চল্যকৰ দৃশ্য দেখাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কেয়াৰটেকাৰ ৰক্তিম কলিতাক ৷

Youth Died Inside Rehab Centre

হাত-ভৰি বান্ধি মুখত সোপা দি থোৱা অৱস্থাতে কঁপনি উঠিছিল নৱজিতৰ। তেতিয়া ‘আকাৰ’ কৰ্তৃপক্ষই এটা টেবলেট খুৱাই দিছিল। সেই টেবলেট খোৱাৰ পাছতে ঢলি পৰিছিল জলসিঞ্চন বিভাগৰ কৰ্মচাৰী নৱজিৎ কলিতা (Youth Died Rehab Centre Update)

Youth Died Rehab Centre Update

আনকি হায়াত হাস্পতালত ভৰ্তি কৰোৱাৰ পূৰ্বেই মৃত্যু হৈছিল নৱজিত কলিতাৰ। শৰীৰৰ কেইবাঠাইতো আঘাতৰ চিন দেখাৰ পাছত নৱজিতক নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগ আনিছিল পৰিয়ালৰ লোকে (Youth Died Rehab Centre Update)

প্ৰকল্প সঞ্চালক অতনু পাঠকে পৌৰ নিগমৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈয়ে পৰিচালনা কৰিছিল ‘আকাৰ’ নামৰ নিচামুক্তি কেন্দ্ৰটো।

এই ৰিহেব চেণ্টাৰটোত নাই ডাক্তৰ, নাৰ্চ আৰু ৱাৰ্ড বয়। মাত্ৰ ৩টা কোঠাত প্ৰকল্প সঞ্চালক অতনু পাঠকে ৰাখিছিল ১৫জন নিচাসক্ত যুৱকক। ১৫জন যুৱকৰ বিপৰীতে আছিল কেৱল এটা শৌচাগাৰ।

এনে পৰিৱেশত ভৰ্তি কৰোৱা একোজন নিচাসক্ত যুৱকৰ বিপৰীতে প্ৰতিমাহে ১৫ হাজাৰ টকাকৈ লৈছিল প্ৰকল্প সঞ্চালক অতনু পাঠকে ৷

উল্লেখ্য পানবজাৰ জলসিঞ্চন বিভাগত কাম কৰিছিল নৱজিতে (Youth Died Rehab Centre Update)। নৱজিত কলিতাই অত্যাধিক সুৰাপান কৰিছিল বাবে এই ৰিহেব চেণ্টাৰটোত ৰখা হৈছিল।

এতিয়া সময়তহে লক্ষণীয় হ’ব যে এই ৰিহেব চেণ্টাৰটোৰ (AAKAAR REHABILITATION CENTER) বিৰুদ্ধে আৰক্ষীয়ে কি ব্য়ৱস্থা গ্ৰহণ কৰে। নে পূৰ্বৰে পৰা এনেদৰে বেয়া পৰিৱেশত চলি অহা কেন্দ্ৰটো এনেদৰেই চলি থাকিব?

Photo: Batori24

লগতে পঢ়কঃ Chandrayaan 3: সোণালী ইতিহাস ৰচিব Isro-এ! আজি দিনৰ ২ বাজি ৩৫ মিনিটত জোনবাইৰ দেশলৈ যাব তৃতীয়খন চন্দ্ৰ মিছন Chandrayaan 3; এয়া দেশৰ বাবে যথেষ্ট গৌৰৱৰ সময়, সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া “ভাৰত”ত

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -