22 C
Guwahati
Sunday, May 5, 2024

Chandrayaan 3: সোণালী ইতিহাস ৰচিব Isro-এ! আজি দিনৰ ২ বাজি ৩৫ মিনিটত জোনবাইৰ দেশলৈ যাব তৃতীয়খন চন্দ্ৰ মিছন Chandrayaan 3; এয়া দেশৰ বাবে যথেষ্ট গৌৰৱৰ সময়, সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া “ভাৰত”ত

Chandrayaan 3 Launching Today: আৰু কেইটামান মুহূৰ্ত। তাৰ পিছতে ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ব সমগ্ৰ দেশবাসী

Must Read

Chandrayaan 3 Launching Today: আৰু কেইটামান মুহূৰ্ত। তাৰ পিছতে ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ব সমগ্ৰ দেশবাসী।

মাত্ৰ কেইটামান ঘণ্টা অৰ্থাৎ আজি বিয়লি ২ বাজি ৩৫ মিনিটত তৃতীয়খন চন্দ্ৰ অভিযান Chandrayaan 3 উৰা মাৰিব জোনবাইৰ দেশলৈ (Chandrayaan 3 Launching Today)। ইতিমধ্যে আৰম্ভ হৈছে প্ৰহৰ গণনা।

অন্ধ্ৰপ্ৰদেশৰ চুলুৰুপেটাৰ ইছৰোৰ (Isro) শ্ৰীহৰিকোটা স্থিত (Sriharikota) মহাকাশ কেন্দ্ৰৰ পৰা Chandrayaan 3 মহাকাশলৈ উৰা মাৰিব। চন্দ্ৰত সুৰক্ষিতভাবে অৱতৰণ কৰাটোৱে হৈছে চন্দ্ৰযান ৩ৰ প্ৰধান লক্ষ্য।

এয়া দেশৰ বাবে যথেষ্ট গৌৰৱৰ সময়। Chandrayaan 3 উৎক্ষেপনক লৈ সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া ভাৰতৰ ওপৰত।

Chandrayaan 3 অভিযানৰ ৩টা উদ্দেশ্য হৈছে চন্দ্ৰপৃষ্ঠত সুৰক্ষিত আৰু ছফ্ট লেণ্ডিঙৰ বাবে ভাৰতৰ সামৰ্থ প্ৰদৰ্শন কৰা, চন্দ্ৰত ৰোভাৰ চলাচল কৰা আৰু ইন-চিটু বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰা।

ইছৰোৰ বিজ্ঞানীসকলৰ মতে, চন্দ্ৰযান-৩ত ভৱিষ্যতৰ আন্তঃগ্ৰহ অভিযানৰ বাবে নতুন ক্ষমতা বিকাশৰ লক্ষ্যৰে এটা থলুৱা লেণ্ডাৰ মডিউল (এলএম), এটা প্ৰপালচন মডিউল (পিএম) আৰু এটা ৰোভাৰ অন্তৰ্ভুক্ত আছে।

চন্দ্ৰত লেণ্ডাৰক এক নিৰ্দিষ্ট কোমল ভূমি বিচাৰি উলিয়াবলৈ আৰু ৰোভাৰ স্থাপন কৰিবলৈ সক্ষম কৰা হয়। লগতে ই চলাচল কৰাৰ সময়ত চন্দ্ৰপৃষ্ঠৰ ইন-চিটু ৰাসায়নিক বিশ্লেষণ কৰিব (Chandrayaan 3 Launching Today)

ইফালে এই ঐতিহাসিক ক্ষণত ভাৰতীয় মহাকাশ গৱেষণা সংস্থালৈ (ISRO) দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে (PM Narendra Modi Wishes To ISRO) শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, “ভাৰতৰ মহাকাশ খণ্ডৰ ক্ষেত্ৰত ১৪ জুলাই ২০২৩ সদায় সোণালী আখৰত লিপিবদ্ধ হৈ থাকিব। আমাৰ তৃতীয় চন্দ্ৰ অভিযান চন্দ্ৰযান-৩ য়ে যাত্ৰা আৰম্ভ কৰিব। এই উল্লেখযোগ্য অভিযানে আমাৰ দেশৰ আশা আৰু সপোন কঢ়িয়াই নিব।”

লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও (Uttar Pradesh CM Yogi Adityanath) শুভেচ্ছা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইছৰোই এটা সোণালী ইতিহাস ৰচিব গৈ আছে।

জানিবলৈ দিয়া অনুসৰি, চন্দ্ৰযান ৩ আজি বিয়লি ২.৩৫ বজাত উৰা মাৰিব (Chandrayaan 3 Launching Today), অৱশ্যে ইয়াৰ Launch Window ১৯ জুলাইলৈ বৃদ্ধি কৰা হৈছে। ইছৰোৰ প্ৰধান এছ সোমনাথৰ মতে চন্দ্ৰযান-৩ উৎক্ষেপন হোৱাৰ পিছত পৃথিৱীৰ কক্ষত যাব তাৰ পিছত লাহে-লাহে চন্দ্ৰৰ ফালে আগবাঢ়িব।

চন্দ্ৰযান-৩ৰ চন্দ্ৰমাত লেণ্ডিং ২৩-২৪ আগষ্টত ৰখা হ’ব। অৱশ্যে ইয়াক ছেপ্টেম্বৰলৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে (Chandrayaan 3 Launching Today)

চন্দ্ৰযান-২ৰ দৰে চন্দ্ৰযান-৩টো লেণ্ডাৰ আৰু ৰোভাৰ প্ৰেৰণ কৰা হ’ব কিন্তু ইয়াত Orbiter নাথাকিব। এইটো এইকাৰণে কাৰণ পূৰ্বৰ চন্দ্ৰ মিছনৰ Orbiter-এ এতিয়াও মহাকাশত কাম কৰি আছে।

এই চন্দ্ৰ অভিযান ২০১৯ক চন্দ্ৰযান ২ৰ (Chandrayaan 2) অনুসৰণ অভিযান হয়। ভাৰতৰ এই তৃতীয়খন চন্দ্ৰ অভিযানত বিজ্ঞানীসকলৰ লক্ষ্য চন্দ্ৰপৃষ্ঠত লেণ্ডাৰ “ছফ্ট লেণ্ডিঙৰ” হয়।

“চন্দ্ৰযান ২” মিছনৰ সময়ত অন্তিম সময়ত লেণ্ডাৰ “বিক্ৰম” পথ বিচলিত হৈ “ছফ্ট লেণ্ডিং” কৰিবলৈ সফল হোৱা নাছিল।

Photo: Google

লগতে পঢ়কঃ Rich Zodiac signs 2024: অহা বছৰ অৰ্থাৎ ২০২৪ত “ধনী” হ’ব এই ৪টা ৰাশিৰ লোকসকল; হ’ব টকাৰ বৰষুণ, পিছে চাই লওক থাকিব পাৰে আপোনাৰো ৰাশিচিহ্ন…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -