36 C
Guwahati
Tuesday, May 14, 2024

Shark Attack Video: ভয়ংকৰ! সাগৰত সাঁতুৰি আছিল পুত্ৰ; ছেকেণ্ডৰ ভিতৰতে পিতৃৰ সন্মুখত পুত্ৰক খাই পেলালে শ্বাৰ্কে, ভিডিঅ’ চালে আপোনাৰো বুকু কঁপি উঠিব…

Shark Attack Video In Egypt: এজন ২৩ বছৰীয়া ৰাছিয়াৰ যুৱকে পিতৃৰ সৈতে সাগৰৰ পাৰত ফুৰিবলৈ গৈছিল। যেতিয়া যুৱকজন ৰঙা সাগৰত গা ধুই আছিল তেতিয়া এটা শ্বাৰ্কে তাৰ ওপৰত কৰে আক্ৰমণ।

Must Read

Shark Attack Video In Egypt: ৰাছিয়ান মূলৰ এজন যুৱকে সাগৰত সাঁতুৰি উপভোগ কৰি আছিল, তেতিয়াই তাত এটা শ্বাৰ্কে (Shark)যুৱকজনৰ ওপৰত আক্ৰমণ কৰে।

তাৰ কিছু ছেকেণ্ডৰ পিছতে শ্বাৰ্কে যুৱকজনক আক্ৰমণ কৰি খাই পেলায় (Shark Attack Video)। এই সকলোখিনি সেই যুৱকজনৰ প্ৰেমিকাৰ সন্মুখত সংঘটিত হ’ল, যিয়ে মোবাইলেৰে ভিডিঅ’ ৰেকৰ্ডিং কৰি আছিল (Watch A Russian Man Killed In Horrifying Shark Attack On Egypt Beach Video Goes Viral)

Shark Attack Video

ভিডিঅ’টো এতিয়া ছচিয়েল মিডিয়াত (Social media Viral Video) ভাইৰেল হৈ পৰিছে, যিটো দেখি কাৰোবাৰো গাৰ নোম শিঁয়ৰি উঠিব।

ৰাছিয়াৰ নিউজ এজেঞ্চী TASSৰ ৰিপৰ্ট অনুসৰি, ঘটনাটো আফ্ৰিকাৰ দেশ ইজিপ্তৰ হয়। ৰিপৰ্টত কোৱা হৈছে যে যুৱকজনৰ নাম পপব বি (Vladimir Popov) আছিল, যুৱকজনৰ বয়স আছিল ২৩ বছৰ। যিটো শ্বাৰ্কে যুৱকজনক আক্ৰমণ কৰে, সেইটোক ইজিপ্তৰ (Egypt) ‘টাইগাৰ শ্বাৰ্ক’ (Tiger Shark) বুলি কোৱা হয়, যিটো যথেষ্ট ভয়ংকৰ হয়।

২৩ বছৰীয়া পপব পিতৃ আৰু প্ৰেমিকাৰ সৈতে সাগৰৰ পাৰত গৈছিল (Shark Attack Video)

ভিডিঅ’টোত আপুনি ৰাছিয়াৰ যুৱকজনৰ সৈতে সংঘটিত হোৱা ঘটনাটো স্পষ্টভাবে দেখা পোৱা গৈছে। নিউজ এজেঞ্চী ৰয়টাৰ্ছে ক’লে যে মৃত্যু হোৱা যুৱকজন এজন ৰাছিয়ান আছিল, তেওঁ ইজিপ্তৰে বাসিন্দা আছিল।

এই সমগ্ৰ ঘটনা কেমেৰাত ৰেকৰ্ড হয়। ভিডিঅ’টোত চিঞৰ-বাখৰৰ শব্দ শুনা পোৱা গৈছে। ঘটনাটোৰ বিষয়ে পিতৃয়ে কয় যে- “আমি আৰাম কৰিবলৈ সাগৰৰ পাৰত গৈছিলো।”

তেওঁ ক’লে, “তাত মোৰ পুত্ৰই সাঁতুৰিবলৈ গৈছিল। তেতিয়াই মোৰ পুত্ৰক এটা শ্বাৰ্কে আক্ৰমণ কৰে, গোটেই ঘটনাটো কেইটামান ছেকেণ্ডৰ ভিতৰতে সংঘটিত হয়। শ্বাৰ্কে মোৰ পুত্ৰক খাই পেলালে।”

অৱশেষত ধৰা পৰিল “হত্যাকাৰী” শ্বাৰ্ক (Shark Attack Video)

মিডিয়া ৰিপৰ্টছ অনুসৰি, এই ঘটনাটো ইজিপ্টৰ হৰ্গডাৰা চহৰৰ সমীপৰ ৰঙা সাগৰৰ এখন ৰিজৰ্টত সংঘটিত হয়। পৰিৱেশ মন্ত্ৰালয়ৰ এজন বিষয়াই ক’লে যে বৰ্তমান সেই আক্ৰমণকাৰী শ্বাৰ্কক ধৰা পেলাই আৰু আক্ৰমণৰ কাৰণ তদন্ত কৰা হৈছে।

Photo: ABP News

লগতে পঢ়কঃ Father In Law Killed Buwari: “মোক ঘৰত CCTV লগাব দিয়া নাছিল; বেয়া ব্যৱহাৰ কৰিছিল”-এই ভাষ্য হত্যাকাৰী শহুৰৰ, দাৰে ঘপিয়াই ঘপিয়াই শহুৰেকে হত্যা কৰিলে বোৱাৰীক, ৬ মাহৰ গৰ্ভৱতী আছিল বোৱাৰীগৰাকী

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -