28 C
Guwahati
Monday, May 20, 2024

APDCL Prepaid Meter: “যোৱা মাহত ১০,৫০০; এই মাহৰ প্ৰথম ৫ দিনত ২০০০”- সাধাৰণ মানুহ কিয় বিদ্যুতৰ বিলে প্ৰভাৱ পেলাইছে “জুবিন গাৰ্গ”ৰ পৰিয়ালৰ ওপৰতো; ফেচবুকত জুবিন গাৰ্গৰ পত্নী গৰিমাৰ এটা “পোষ্ট”…

APDCL Prepaid Meter: ৰাজ্যত এতিয়া এটা বস্তু খুবেই ব্যয়বহুল হৈ পৰিছে। যিটোৱে বিভিন্ন শ্ৰেণীৰ মানুহক অলপ হ'লেও প্ৰভাৱ পেলাইছে।

Must Read

APDCL Prepaid Meter Garima Garg FB Post: ৰাজ্যত এতিয়া এটা বস্তু খুবেই ব্যয়বহুল হৈ পৰিছে। যিটোৱে বিভিন্ন শ্ৰেণীৰ মানুহক অলপ হ’লেও প্ৰভাৱ পেলাইছে। বিশেষকৈ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তৰ লোকখিনিক (APDCL Prepaid Meter)।

পিছে সেই মূল্য়বান বস্তুবিধ হৈছে “বিদ্যুতৰ বিল” APDCLত প্ৰিপেইড মিটাৰ সংযোজন হোৱাৰে পৰা সকলোৱে ভাগৰি পৰিছে বিদ্যুতৰ বিল পৰিশোধ কৰি কৰি। এদিন আগতে ৰিচাৰ্জ কৰা বিলৰ টকা পাছদিনালৈ এনেদৰে কমি যায় যেন ৰাজ্যৰ এটা এটা ঘৰ পৰিণত হৈ পৰিছে কাৰখানালৈ।

প্ৰতিদিনে বিদ্যুতৰ বিল বৃদ্ধি হোৱাক লৈ চলি আছে প্ৰতিবাদ। কিন্তু এই প্ৰতিবাদৰ পিছতো কিছুমান মন্ত্ৰী-বিধায়কে বিদ্যুতৰ বিল বৃদ্ধি হোৱাক লৈ দিয়ে অদ্ভুট যুক্তি।

ইয়াৰ মাজতে বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে (Biswajit Daimary) বিদ্যুতৰ মাচুল বৃদ্ধি হোৱা প্ৰসংগক লৈ কৈছিল যে- “ফেন নলগাব, গছৰ তলত বহি থাকক, বিদ্যুৎ মাচুল কমিব।” দৈমাৰীৰ এই লাগ বান নোহোৱা কথাক লৈ ছচিয়েল মিডিয়াত বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছিল।

ইফালে “বিদ্যুতৰ বিল” বৃদ্ধি হোৱাক লৈ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ (Singer Zubeen Garg Wife Garima Saikia Garg Facebook Post) এটা ফেচবুক পোষ্ট। যিটো পোষ্টে এই কথাটো বুজাইছে যে প্ৰিপেইড মিটাৰে কেৱল সাধাৰণ ৰাইজকে কোঙা কৰা নাই! বৰ্ধিত বিদ্যুত মাছুলৰ বাবে অসন্তুষ্ট জুবিন গাৰ্গৰ পৰিয়ালো।

গৰিমা শইকীয়া গাৰ্গে ফেচবুকত লিখিছে (Garima Saikia Garg Facebook Post)

“যোৱা মাহত ১০,৫০০, এই মাহৰ প্ৰথম ৫ দিনত ২০০০..মানে মাহৰ শেষলৈ ১২০০০। বহেমিয়ানৰ ঘৰ বুলি দুটা কোঠাত বেছিভাগ সময় লাইট ফেন ও বন্ধ থাকে । আমাৰ ওচৰত ডাঙৰ গছো নাই ।“

“আমাৰ ওচৰত ডাঙৰ গছো নাই”- পোষ্টটোত শেষৰ ফালে এই কথাষাৰী লিখি বিশ্বজিত দৈমাৰীৰ মন্তব্যৰো একপ্ৰকাৰে কটাক্ষ কৰিলে গৰিমা শইকীয়া গাৰ্গে (APDCL Prepaid Meter Garima Garg FB Post)

দুটা কোঠাত বেছিভাগ সময় লাইট-ফেন বন্ধ থকাৰ পাছতো জুবিন গাৰ্গৰ খৰছ হ’ল অস্বাভাৱিক ধৰণৰ বিদ্যুত ৰিচাৰ্জ (APDCL Prepaid Meter)

Photo: Facebook

লগতে পঢ়কঃ Couple Consume Poison: আত্মহত্যাই জানো শেষ উপায়! ঘৰৰ মানুহ অমান্তি হ’ল বিয়াত; পৰিণতিত চলন্ত বাছতে বিহপান প্ৰেমিক-প্ৰেমিকাৰ, বাছতে মৃত্যু প্ৰেমিকাৰ আৰু প্ৰেমিক…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -