26 C
Guwahati
Thursday, May 9, 2024

Couple Consume Poison: আত্মহত্যাই জানো শেষ উপায়! ঘৰৰ মানুহ অমান্তি হ’ল বিয়াত; পৰিণতিত চলন্ত বাছতে বিহপান প্ৰেমিক-প্ৰেমিকাৰ, বাছতে মৃত্যু প্ৰেমিকাৰ আৰু প্ৰেমিক…

Couple Consume Poison In Karnataka: প্ৰেমিকাই মৃত্যুক সাৱটে আৰু প্ৰেমিক স্লীপাৰ বাছতে অচেতন অৱস্থাত পৰি আছিল। পিছত দুয়োকে হাস্পতালত ভৰ্তি কৰোৱা হয়

Must Read

Couple Consume Poison In Karnataka: কৰ্ণাটকত (Karnataka) সংঘটিত হৈছে এক কৰুণ ঘটনা (Tragic Incident)। য’ত চলন্ত বাছতে বিহপান কৰি আত্মহত্যা কৰে এহাল প্ৰেমিক-প্ৰেমিকাই।

বাছৰ ভিতৰতে কৰুণ মৃত্যুক সাৱটে প্ৰেমিকাই আৰু প্ৰেমিক হাস্পতালত চিকিৎসাহীন। চলন্ত বাছৰ ভিতৰতে প্ৰেমিক-প্ৰেমিকাই কৰে বিহপান (Girl Dead, Boy Hospitalised After Consuming Poison On Moving Bus As Family Disallows Marriage)

প্ৰকাশিত খবৰ অনুসৰি প্ৰেমিক হালৰ পৰিয়ালৰ লোকে বিয়াত অমান্তি হোৱাৰ বাবে দুয়োয়ে খঙত এই চৰম পথ বাচি লয় (Couple Consume Poison)। নিহত যুৱতীগৰাকী বেংগালুৰুৰ হেমা ৰামকৃষ্ণপ্পা (Hema Ramakrishnappa) আৰু যুৱকজন বগালকোটেৰ অখিল (Akhil) বুলি জানিব পৰা গৈছে।

মঙলবাৰে ৰানেবেন্নুৰ আৰক্ষী থানাত (Ranebennur Police) এই সন্দৰ্ভত ৰুজু হৈছে এক গোচৰ।

জানিব পৰা মতে, পিতৃ-মাতৃয়ে যুৱকজনৰ সৈতে থকা সম্পৰ্কক মানি ল’বলৈ নাকচ কৰাৰ পিছতে ঘৰৰ পৰা ওলাই আহে যুৱতীগৰাকী। পিছত যুৱতীগৰাকীয়ে পিতৃ-মাতৃক নিজ প্ৰেমিকৰ সৈতে মুম্বাইলৈ পলাই অহা বুলি জানিবলৈ দিয়ে।

কিন্তু যাত্ৰাপথতে দুয়ো আত্মহত্যাৰ (Suicide) উদ্দেশ্যে বিহপান কৰে (Couple Consume Poison)। ইফালে বাছৰ আন যাত্ৰীসকলে দুৰ্গন্ধ পাই ৰানেবেন্নুৰৰ সমীপত বাছখন ৰখাই দিয়ে।

যাত্ৰীসকলে চোৱাৰ পিছত যুৱক-যুৱতীহালক বিহ সেৱন কৰা অৱস্থাত উদ্ধাৰ কৰে। অৱশ্যে তেতিয়ালৈ যুৱতীগৰাকীৰ মৃত্যু হয় যদিও অচেতন অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় যুৱকজনক (Couple Consume Poison)

সংকটজনক অৱস্থাত যুৱকজনক লগে লগে এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। যুৱকজনৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে এই পৰ্যন্ত জানিব পৰা হোৱা নাই। আনহাতে নিহত যুৱতীগৰাকী বি.কমৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে।

Photo: Google

লগতে পঢ়কঃ Assam Weather Forecast: উস! বৰ গৰম! কেতিয়া হ’ব বৰষুণ? কেতিয়া ৰাজ্যবাসীয়ে উৎকট গৰমৰ পৰা পাব সকাহ? আহক জানি লওক…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -